--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাম্পটোৰ গাতে লাগি থকা কৰ্মচাৰীৰ কোৱাৰ্টাৰত সূচনা হয় এই অগ্নিকাণ্ডৰ। প্ৰথম অৱস্থাত জুইৰ তীব্ৰতা ইমানেই বেচি আছিল যে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়।

ডিজিটেল ডেস্কঃ এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও নগৰ। দেৰগাঁও নগৰৰ মাজ মজিয়াত থকা ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্প যিটো দেৰগাঁৱত বি অ চি নামেৰে পৰিচিত সেই পেট্ৰ’ল পাম্পটোৰ চৌহদত হঠাতে বুধবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ডৰ ।


পাম্পটোৰ গাতে লাগি থকা কৰ্মচাৰীৰ কোৱাৰ্টাৰত সূচনা হয় এই অগ্নিকাণ্ডৰ। প্ৰথম অৱস্থাত জুইৰ তীব্ৰতা ইমানেই বেচি আছিল যে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয় যাৰ ফলত কাষতে থকা গোহালীৰ তিনিজনীকৈ গৰুৰ অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ঘটে।


দেৰগাঁও গোলাঘাট আৰু নুমলীগড়ৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ক্ষীপ্ৰতাৰে অগ্নি নিৰ্বাপণ কৰিলৈ সক্ষম হয় । যদিহে এই অগ্নি নিয়ন্ত্ৰণ কৰাত অগ্নি নিৰ্বাপক বাহিনী ব্যৰ্থ হ'লহেঁতেন তেতিয়া এই জুই সম্প্ৰসাৰিত হৈ পাম্পটোক আগুৰি ধৰাৰ আশংকা আছিল যাৰ ফলত সমগ্ৰ দেৰগাঁও নগৰখনতে এক অকল্পনীয় ভয়ানক পৰিৱেশৰ সৃষ্টি হ'লহেতেন ।


মন কৰিবলগীয়া যে পেট্ৰ’ল পাম্পৰ চৌহদৰ দৰে অতি স্পৰ্শকাতৰ এটা এলেকাৰ নিচেই কাষতে কিদৰে চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছিল সেয়া এক চিন্তনীয় বিষয় হিচাপে চৰ্চিত হৈ পৰিছে।একাংশ দেৰগাঁৱৰ নাগৰিকে সমগ্ৰ বিষয়টো তদন্ত কৰি ভৱিষ্যতে যাতে এলে ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিবলৈ দেৰগাঁৱৰ সমজিলা প্ৰশাসনক আহ্বান জনাইছে । এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান