--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাম্পটোৰ গাতে লাগি থকা কৰ্মচাৰীৰ কোৱাৰ্টাৰত সূচনা হয় এই অগ্নিকাণ্ডৰ। প্ৰথম অৱস্থাত জুইৰ তীব্ৰতা ইমানেই বেচি আছিল যে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়।

ডিজিটেল ডেস্কঃ এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও নগৰ। দেৰগাঁও নগৰৰ মাজ মজিয়াত থকা ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্প যিটো দেৰগাঁৱত বি অ চি নামেৰে পৰিচিত সেই পেট্ৰ’ল পাম্পটোৰ চৌহদত হঠাতে বুধবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ডৰ ।


পাম্পটোৰ গাতে লাগি থকা কৰ্মচাৰীৰ কোৱাৰ্টাৰত সূচনা হয় এই অগ্নিকাণ্ডৰ। প্ৰথম অৱস্থাত জুইৰ তীব্ৰতা ইমানেই বেচি আছিল যে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয় যাৰ ফলত কাষতে থকা গোহালীৰ তিনিজনীকৈ গৰুৰ অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ঘটে।


দেৰগাঁও গোলাঘাট আৰু নুমলীগড়ৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ক্ষীপ্ৰতাৰে অগ্নি নিৰ্বাপণ কৰিলৈ সক্ষম হয় । যদিহে এই অগ্নি নিয়ন্ত্ৰণ কৰাত অগ্নি নিৰ্বাপক বাহিনী ব্যৰ্থ হ'লহেঁতেন তেতিয়া এই জুই সম্প্ৰসাৰিত হৈ পাম্পটোক আগুৰি ধৰাৰ আশংকা আছিল যাৰ ফলত সমগ্ৰ দেৰগাঁও নগৰখনতে এক অকল্পনীয় ভয়ানক পৰিৱেশৰ সৃষ্টি হ'লহেতেন ।


মন কৰিবলগীয়া যে পেট্ৰ’ল পাম্পৰ চৌহদৰ দৰে অতি স্পৰ্শকাতৰ এটা এলেকাৰ নিচেই কাষতে কিদৰে চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছিল সেয়া এক চিন্তনীয় বিষয় হিচাপে চৰ্চিত হৈ পৰিছে।একাংশ দেৰগাঁৱৰ নাগৰিকে সমগ্ৰ বিষয়টো তদন্ত কৰি ভৱিষ্যতে যাতে এলে ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিবলৈ দেৰগাঁৱৰ সমজিলা প্ৰশাসনক আহ্বান জনাইছে । এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ