--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বহু বছৰৰ অপেক্ষাৰ অন্তত চানি দেউলৰ দমদাৰ কণ্ঠ পুণৰ প্ৰকাশ পাইছে Border 2 ত। ছবিখনৰ জৰিয়তে ভাৰতীয় দৰ্শকৰ মনত উদ্ভাসিত হৈ উঠিছে ভাৰত - পাক যুদ্ধৰ ইতিহাস ।

ডিজিটেল ডেস্কঃ ভাৰতবাসীৰ বহু অপেক্ষাৰ অন্তত যোৱা ২৩ জানুৱাৰীত ছবিগৃহত মুকলি হ'ল Border 2 । অনুৰাগ সিঙৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনক লৈ এতিয়া চলিছে চৰ্চা। Border 2 ছবিখনত দেখুওৱা সীমান্তক লৈ সকলোৰে মনত উদয় হৈছে প্ৰশ্ন । সীমান্তটো কোনটো আৰু ই ক'ত অৱস্থিত এই বিষয়ে জানিবলৈ ইচ্ছুক বহু দৰ্শক । 


বহু বছৰৰ অপেক্ষাৰ অন্তত চানি দেউলৰ দমদাৰ কণ্ঠ পুণৰ প্ৰকাশ পাইছে Border 2 ত। ছবিখনৰ জৰিয়তে ভাৰতীয় দৰ্শকৰ মনত উদ্ভাসিত হৈ উঠিছে ভাৰত - পাক যুদ্ধৰ ইতিহাস । ছবি খন মুকলি হোৱাৰ পিছতেই ছবিখনত দেখুওৱা সীমান্তৰ বিষয়ে জানিবলৈ উৎসুক দৰ্শক। 


১৯৯৭ চনত মুক্তি লাভ কৰা বৰ্ডাৰ ছবি খনে ১৯৭১ চনত সংঘটিত হোৱা ভাৰত-পাকৰ যুদ্ধত ভাৰতীয় সেনাৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল । বৰ্তমান মুক্তি লাভ কৰা border 2 ছবিখনে border ছবি খনৰ কাহিনীভাগ আগুৱাই লৈ গৈছে । এইবাৰ কাহিনীটো কেৱল সেনাবাহিনীতে সীমাবদ্ধ নহয়, বৰঞ্চ সেনা, বায়ুসেনা আৰু নৌসেনা তিনিওটা শক্তিৰ সংযুক্ত শক্তিক প্ৰদৰ্শন কৰা হৈছে। অৱশ্যে কাহিনীটোত পুনৰ লংগেৱালা সীমান্ত নামেৰে জনাজাত অঞ্চলটোক কেন্দ্ৰবিন্দু হিচাপে লোৱা হৈছে । 


লংগেৱালা কেৱল শ শ কিলোমিটাৰলৈকে বিস্তৃত যিকোনো সীমান্ত নহয়। ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ই এক গুৰুত্বপূৰ্ণ সীমান্ত আউটপোষ্ট আৰু যুদ্ধক্ষেত্ৰ। ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ থাৰ মৰুভূমিত অৱস্থিত এই স্থানত ভাৰতীয় সেনাৰ এটা সৰু দলে ১৯৭১ চনৰ যুদ্ধৰ সময়ত পাকিস্তানী টেংকৰ বৃহৎ আক্ৰমণ বন্ধ কৰি দিছিল। এই ঘটনাই লংগেৱালাক ইতিহাসত অমৰ কৰি তুলিছে।


লংগেৱালা ৰাজস্থান ৰাজ্যত অৱস্থিত আৰু জয়ছালমেৰ জিলাৰ অংশ। এই অঞ্চলটো সম্পূৰ্ণ মৰুভূমি, বালিৰ টিলা আৰু মুকলি পথাৰেৰে পৰিপূৰ্ণ। লংগেৱালা যুদ্ধক্ষেত্ৰ আৰু আউটপোষ্ট ভাৰত-পাকিস্তান সীমান্তৰ পৰা প্ৰায় ১৫ৰ পৰা ১৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত। অৰ্থাৎ ছবিখনত দেখুওৱা সীমান্ত প্ৰকৃত সীমাৰেখাৰ অলপ ভিতৰত, য’ত ভাৰতীয় সেনাৰ ঘাটি আছিল।


লংগেৱালা সীমান্তৰ কোনো নিৰ্দিষ্ট বৃস্তিত এলেকা নাই। ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত ই এক কৌশলগত বিন্দু । প্ৰকৃত আন্তঃৰাষ্ট্ৰীয় সীমান্ত গুজৰাটৰ পৰা জম্মু-কাশ্মীৰলৈকে শ শ কিলোমিটাৰ দৈৰ্ঘ্যলৈকে বৃস্তিত । লংগেৱালা সেই বিশাল সীমান্তৰ এটা গুৰুত্বপূৰ্ণ অংশ মাথোঁ।


বৰ্তমান লংগেৱালা কেৱল সামৰিক চকী নহয়, জনপ্ৰিয় যুদ্ধ স্মৃতিসৌধ আৰু সংগ্ৰহালয়। ১৯৭১ চনৰ যুদ্ধৰ টেংক, অস্ত্ৰ-শস্ত্ৰ, ফটো ইয়াত দেখা পোৱা যায়। বিশেষ অনুমতি অবিহনে পৰ্যটকে যুদ্ধ স্মৃতিসৌধটো চাব পাৰিব যদিও প্ৰকৃত সীমান্তৰ বেৰত প্ৰৱেশ কৰিবলৈ সামৰিক আৰু জিলা প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন । 


ইয়াৰ লগতে লংগেৱালাৰ লগত জড়িত আন এটা বিশেষ নাম হৈছে তনোট মাতাৰ মন্দিৰ । লংগেৱালা পোষ্টৰ পৰা প্ৰায় ৩৫ৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰটোত ১৯৭১ চনৰ যুদ্ধৰ অসংখ্য বোমা পৰিছিল যদিও বিস্ফোৰণ নোহোৱাকৈ ৰৈ গৈছিল । যাৰ বাবে স্থানীয় লোকসকলে এতিয়াও এই মন্দিৰটোক বিশ্বাস আৰু ইতিহাসৰ সৈতে জড়িত কৰি ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ