--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডুবাইত এতিয়া ইৰানৰ মিছাইলৰ বৰষুণে অহর্নিশে আতংকিত কৰি ৰাখে জনতাক।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতিয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) অন্যতম বাণিজ্যিক নগৰ তথা পৰ্যটনস্থল ডুবাইক সংকটৰ গৰাহলৈ ঠেলি দিছে।


বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডুবাইত এতিয়া ইৰানৰ মিছাইলৰ বৰষুণে অহর্নিশে আতংকিত কৰি ৰাখে জনতাক। 


উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ প্ৰতিশোধ স্বৰূপে ইৰানেও মধ্যপ্রাচ্যৰ বিভিন্ন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে। ইৰানে ১ এপ্রিল পর্যন্ত সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ৪৩৮টা বেলিষ্টিক মিছাইল, ১৯টা ক্রুজ মিছাইল আৰু দুহেজাৰতকৈও অধিক ড্র'নেৰে আক্ৰমণ চলাইছে। এই আক্রমণত সেনা বিষয়াকে ধৰি ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে দুই শতাধিক লোক আহত হৈছে। 


ইৰানৰ এই আক্ৰমণৰ ফলত বিধ্বস্ত হৈ পৰিছে ডুবাইৰ পর্যটন উদ্যোগ। আবু ধাবিৰ বিবাহ পঞ্জীয়ন কার্যালয়ত প্রতিদিনেই প্রায় ৭০খনকৈ বিবাহ সম্পন্ন হয়। ইয়াৰ বেছিভাগেই দেশখনৰ বাহিৰৰ পৰা যোৱা লোকৰ বিবাহ অনুষ্ঠান। কিন্তু যুদ্ধৰ ফলত ইউ এ ইত বহিঃৰাষ্ট্ৰৰ বিবাহ পঞ্জীয়ন কার্যতঃ শূন্য হৈ পৰিছে। ইফালে, দেশখনলৈ পৰ্যটকৰ আগমনো লেখত ল'বলগাকৈ কমিছে।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ