--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডুবাইত এতিয়া ইৰানৰ মিছাইলৰ বৰষুণে অহর্নিশে আতংকিত কৰি ৰাখে জনতাক।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতিয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) অন্যতম বাণিজ্যিক নগৰ তথা পৰ্যটনস্থল ডুবাইক সংকটৰ গৰাহলৈ ঠেলি দিছে।


বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডুবাইত এতিয়া ইৰানৰ মিছাইলৰ বৰষুণে অহর্নিশে আতংকিত কৰি ৰাখে জনতাক। 


উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ প্ৰতিশোধ স্বৰূপে ইৰানেও মধ্যপ্রাচ্যৰ বিভিন্ন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে। ইৰানে ১ এপ্রিল পর্যন্ত সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ৪৩৮টা বেলিষ্টিক মিছাইল, ১৯টা ক্রুজ মিছাইল আৰু দুহেজাৰতকৈও অধিক ড্র'নেৰে আক্ৰমণ চলাইছে। এই আক্রমণত সেনা বিষয়াকে ধৰি ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে দুই শতাধিক লোক আহত হৈছে। 


ইৰানৰ এই আক্ৰমণৰ ফলত বিধ্বস্ত হৈ পৰিছে ডুবাইৰ পর্যটন উদ্যোগ। আবু ধাবিৰ বিবাহ পঞ্জীয়ন কার্যালয়ত প্রতিদিনেই প্রায় ৭০খনকৈ বিবাহ সম্পন্ন হয়। ইয়াৰ বেছিভাগেই দেশখনৰ বাহিৰৰ পৰা যোৱা লোকৰ বিবাহ অনুষ্ঠান। কিন্তু যুদ্ধৰ ফলত ইউ এ ইত বহিঃৰাষ্ট্ৰৰ বিবাহ পঞ্জীয়ন কার্যতঃ শূন্য হৈ পৰিছে। ইফালে, দেশখনলৈ পৰ্যটকৰ আগমনো লেখত ল'বলগাকৈ কমিছে।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু