--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কানাডা-নিউজিলেণ্ডৰ মাজৰ খেলখনৰ স্বচ্ছতাক লৈ প্রশ্ন উঠিছে। ক্রিকেট সম্পৰ্কীয় এটা ৱেবছাইটত প্রকাশ পাইছে যে নিউজিলেণ্ডৰ ইনিংছৰ পঞ্চম অ'ভাৰক লৈ সন্দেহৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক: যোৱা টি-২০ বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ উঠিছে। তাকে লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ। প্রতিযোগিতাখনৰ ৰানাৰ-আপ নিউজিলেণ্ডৰ গ্ৰুপৰ এখন মেচ ফিক্সিং হৈছিল বুলি প্রশ্ন উত্থাপিত হৈছে। 


কানাডা-নিউজিলেণ্ডৰ মাজৰ খেলখনৰ স্বচ্ছতাক লৈ প্রশ্ন উঠিছে। ক্রিকেট সম্পৰ্কীয় এটা ৱেবছাইটত প্রকাশ পাইছে যে নিউজিলেণ্ডৰ ইনিংছৰ পঞ্চম অ'ভাৰক লৈ সন্দেহৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এখন তথ্যচিত্রত দাবী কৰা হৈছিল যে মেচখন ফিক্সিং কৰা হৈছিল। অভিযোগৰ মূল কেন্দ্ৰ হৈছে কানাডা। কানাডাৰ ব্ৰডকাষ্টিং কৰ্প'ৰেশ্যনৰ তদন্তমূলক অনুষ্ঠান দ্য ফিফট এষ্টেটৰ সম্প্ৰচাৰিত তথ্যচিত্ৰত দুর্নীতি, অপৰাধ আৰু ক্রিকেটক লৈ তৈয়াৰ হৈছে মেচ ফিক্সিঙৰ আশংকা।


তথ্যচিত্রখনত কানাডাৰ ক্ৰিকেট ব'ৰ্ডৰ অভ্যন্তৰীণ অন্তর্কলহ, দল নির্বাচনত অস্বচ্ছতাৰ কথা কোৱা হৈছে। তথ্যচিত্ৰখনত মেচ সংক্রান্তত কিছু সন্দেহজনক কার্যকলাপৰো অভিযোগ উঠিছে। বিতর্ক আৰু বৃদ্ধি হৈছে এটা পুৰণি টেলিফ'ন ৰেকর্ডিঙক লৈ। সেই ৰেকর্ডিঙত কানাডাৰ প্ৰাক্তন প্রশিক্ষক খুৰৰম চৌহানে দাবী কৰিছে যে দেশখনৰ ক্ৰিকেট ব'ৰ্ডৰ কর্মকর্তাই কেইবাগৰাকী ক্রিকেটাৰক দলত ৰখাৰ বাবে চাপ তৈয়াৰ কৰিছিল। 


উল্লেখযোগ্য যে সেই মেচখনত নিউজিলেণ্ডৰ পঞ্চম অ'ভাৰত বলাৰ আছিল কানাডাৰ অধিনায়ক দিলপ্রীত বাজৱা। সেই অ'ভাৰত তেওঁ এটা ন'বল আৰু দুটা ৱাইড বল কৰিছিল। বাজৱাৰ অ'ভাৰত নিউজিলেণ্ডে ১৫ ৰান সংগ্ৰহ কৰে। বাজৱাৰ আগেয়ে বলিং কৰিবলৈ অহা কানাডাৰ আন দুগৰাকী বলাৰেও ৪২ ৰান খৰচ কৰে। দুই অ'ভাৰত নিউজিলেণ্ডে সংগ্রহ কৰে ৩৫ ৰান। 


ইফালে, আই চি চিৰ দুর্নীতি বিৰোধী শাখাই এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে যদিও এই প্রসংগত আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্রদান কৰা হোৱা নাই। যদিহে এই অভিযোগ প্রমাণিত হয় তেন্তে কানাডাই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ