--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নাজনীন ৰহমানে সমগ্ৰ বিশ্বৰ ভিতৰত নিৰ্বাচিত মাত্ৰ ২০ গৰাকী মহিলাৰ অন্যতম হিচাপে উদ্বোধনী উইমেন হু ৰেলী লিডাৰশ্বিপ কোহৰ্টত অংশ ল’ব।

ডিজিটেল ডেস্কঃ ৰেকেট ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ নাজনীন ৰহমানে। পিটিআৰ ইণ্ডিয়াই অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিছে অসম পিকলবল সন্থাৰ সম্পাদিকা তথা পি পি আৰ ক্লিনিচিয়ান নাজনীন ৰহমানৰ এক বিৰল সাফল্যৰ খবৰ। 


উল্লেখ্য যে, নাজনীন ৰহমানে সমগ্ৰ বিশ্বৰ ভিতৰত নিৰ্বাচিত মাত্ৰ ২০ গৰাকী মহিলাৰ অন্যতম হিচাপে উদ্বোধনী উইমেন হু ৰেলী লিডাৰশ্বিপ কোহৰ্টত অংশ ল’ব। ৰেকেট ক্ৰীড়াৰ প্ৰশিক্ষণ শৈলীত মহিলাসকলক সবলীকৰণ আৰু এক মৰ্যাদাপূৰ্ণ স্থানলৈ উন্নীত কৰাৰ লক্ষ্যৰে ১০ মাহজোৰা এই বিশেষ উন্নয়নমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে।


প্ৰফেচনেল টেনিছ ৰেজিষ্ট্ৰী (পিটিআৰ) আৰু প্ৰফেচনেল পিকলবল ৰেজিষ্ট্ৰী (পিপিআৰ)ৰ যৌথ উদ্যোগত আৰম্ভ হোৱা 'উইমেন হু ৰেলী’ হৈছে এক শক্তিশালী বৈশ্বিক পদক্ষেপ। ৰেকেট ক্ৰীড়াৰ সৈতে জড়িত নতুন প্ৰজন্মৰ মহিলা প্ৰশিক্ষকসকলৰ নেতৃত্ব বিকাশ কৰাৰ লগতে তেওঁলোকৰ মাজত এক নিবিড় সংযোগ স্থাপন কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। ইয়াৰ উপৰি মহিলা প্ৰশিক্ষকসকলক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাত বিশেষ গুৰুত্ব দিছে এই কাৰ্যসূচীয়ে।


মন কৰিবলগীয়া যে, অত্যন্ত প্ৰতিযোগিতামূলক এক আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত নাজনীন ৰহমানক তেওঁৰ বলিষ্ঠ নেতৃত্বৰ সম্ভাৱনীয়তা, আনক গঢ়ি তোলাৰ প্ৰতি থকা দায়বদ্ধতা আৰু ক্ৰীড়াৰ প্ৰসাৰৰ তীব্ৰ হেঁপাহৰ বাবে নিৰ্বাচিত কৰা হৈছে। সমগ্ৰ বিশ্বৰ টেনিছ, পিকলবল আৰু ৰেকেট ক্ৰীড়াৰ ভৱিষ্যতক সক্ৰিয়ভাৱে নতুন ৰূপ দি থকা এদল বৈচিত্ৰ্যময় তথা গতিশীল মহিলাক প্ৰতিনিধিত্ব কৰিছে এই কোহৰ্টে।


এই বিশেষ ক্ষণত নাজনীন ৰহমানে কয়, "Women Who Rally" কোহৰ্টৰ বাবে নিৰ্বাচিত হোৱাটো একেলগে এক সন্মান আৰু এক দায়িত্ব। এই কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বৰ প্ৰেৰণাদায়ক মহিলা নেত্ৰীসকলৰ সৈতে একেলগে শিক্ষা গ্ৰহণ, বিকাশ আৰু সহযোগিতা বৃদ্ধিৰ এক শক্তিশালী সুযোগক প্ৰতিনিধিত্ব কৰিছে। মই এই শিক্ষাসমূহ পুনৰ ভাৰতলৈ কঢ়িয়াই আনিবলৈ আৰু বিশেষকৈ অধিক সংখ্যক মহিলাক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি পিকলবল তথা ৰেকেট ক্ৰীড়াৰ ধাৰাবাহিক বিকাশত অৰিহণা যোগাবলৈ উৎসাহিত হৈছোঁ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ