--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ চনৰ আই পি এলৰ মিনি নিলামৰ আৰম্ভণিৰে পৰাই কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ৰাজস্থান ৰয়েলছৰ যুঁজ চলিছিল।

ডিজিটেল ডেস্ক: ২৫ কোটি ২০ লাখ টকা। অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ কেমেৰুন গ্রীনক নিলামৰ জৰিয়তে অভিলেখ সৃষ্টিকাৰী ধনৰ বিনিময়ত ক্রয় কৰে কলকাতা নাইট ৰাইডাৰ্ছে। মুঠ ৩৫৯ গৰাকী ক্রিকেটাৰে অংশ লোৱা নিলামত গ্রীনে বেটাৰ হিচাপে নাম পঞ্জীয়ন কৰিছিল। 


২০২৬ চনৰ আই পি এলৰ মিনি নিলামৰ আৰম্ভণিৰে পৰাই কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ৰাজস্থান ৰয়েলছৰ যুঁজ চলিছিল। এইবাৰৰ নিলামত কে কে আৰৰ অন্যতম লক্ষ্য আছিল গ্রীন। ঘাইকৈ আন্দ্ৰে ৰাছেলে আই পি এলৰ পৰা অৱসৰ লোৱাৰ পাছত এগৰাকী অলৰাউণ্ডাৰ তথা ফিনিছাৰৰ সন্ধানত আছিল কে কে আৰ। সেয়ে, গ্রীনক ক্রয় কৰি কে কে আৰৰ সেই লক্ষ্য পূৰ কৰে। 


আই পি এলৰ ইতিহাসত তেনেদৰেই ২৫.২০ কোটি টকাত চুক্তিবদ্ধ হৈ সবাতোকৈ দামী বিদেশী ক্রিকেটাৰত পৰিণত হয় গ্রীন। ইয়াৰ আগেয়ে সর্বাধিক দামী বিদেশী খেলুৱৈ আছিল মিচেল ষ্টার্ক। ২০২৪ চনত নিলামত কে কে আৰেই ২৪ কোটি ৭৫ লাখ টকাত কিনিছিল অষ্টেলিয়ান পেচাৰগৰাকীক। 


ইফালে, ২৪৬গৰাকী ভাৰতীয় আৰু ১১৩গৰাকী বিদেশী খেলুৱৈয়ে অংশ লোৱা নিলামত কালি কে কে আৰে ১৮ কোটি টকাত শ্রীলংকান পেচাৰ মাথিছা পাথিৰানাক ক্রয় কৰে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ ২০ বছৰীয়া বাওঁহতীয়া স্পীনাৰ প্ৰশান্ত বীৰ আৰু ৰাজস্থানৰ ১৯ বছৰীয়া উইকেটকীপাৰ বেটাৰ কার্তিক শৰ্মাক ১৪.২০ কোটি টকাত ক্রয় কৰে চেন্নাই ছুপাৰ কিংছে। 


আনহাতে নিলামৰ তৃতীয় ৰাউণ্ডৰ অন্তত পৃথ্বি শ্বাউক তেওঁৰ আধাৰ মূল্য ৭৫ লাখ টকাতে ক্রয় কৰে দিল্লীৰ কেপিটেলছে। শ্বৰফৰাজ খানক আধাৰ মূল্য ৭৫ লাখ টকাতে ক্রয় কৰে চেন্নাই ছুপাৰ কিংছে ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ