--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিয়ন্ত্রিত বলিঙেৰে প্ৰথমে বেট ধৰা দক্ষিণ আফ্রিকাক ১১৭ ৰানত সীমিত ৰখাৰ পাছত ভাৰতে ২৫টা বল বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই ১২০ ৰান কৰি জয় সাব্যস্ত কৰে।

ডিজিটেল ডেস্কঃ পেচ বলাৰৰ হিচাপী বলিঙৰ সহায়ত ভাৰতে কালি তৃতীয় টি-২০ ক্রিকেটত দক্ষিণ আফ্রিকাক ৭উইকেটত হৰুৱাই পাঁচখনীয়া শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰে। 


নিয়ন্ত্রিত বলিঙেৰে প্ৰথমে বেট ধৰা দক্ষিণ আফ্রিকাক ১১৭ ৰানত সীমিত ৰখাৰ পাছত ভাৰতে ২৫টা বল বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই ১২০ ৰান কৰি জয় সাব্যস্ত কৰে।


ভাৰতৰ হৈ অভিষেক শর্মাই সর্বাধিক ৩৫, শুভমন গীলে ২৮, অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ ৰান কৰি আউট হয়। আনহাতে, তিলক বর্মাই ২৫ আৰু শিভম ডুবেই ১০ ৰানত আউট নোহোৱাকৈ থাকে। ভাৰতে কালি দুটা সাল-সলনি ঘটায়। যশপ্রীত বুমৰাহৰ স্থানত হৰ্ষিত ৰানাক আৰু অক্ষৰ পেটেলৰ পৰিৱৰ্তে কুলদীপ যাদরে মূল একাদশত সুযোগ পায়। ইয়াৰ আগেয়ে, ভাৰতৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱৰা দক্ষিণ আফ্রিকাই ১১৭ ৰানতে কেউটা উইকেট হেৰুৱায়। 


অর্শদীপ সিং, হর্ষিত ৰাণা, হার্দিক পাণ্ডিয়া আৰু শিভম ডুবেইৰে গঠিত ভাৰতীয় বলিং আক্রমণ বিভাগে অতিথি দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপ তচনচ কৰে। অৰ্শদীপে ১৩ ৰানত, বৰুণ চক্রৱতীয়ে ১১ ৰানত, হর্ষিতে ৩৪ ৰানত আৰু কুলদীপ যাদৱে ১২ ৰানত দুটাকৈ উইকেটৰ পতন ঘটায়। দক্ষিণ আফ্রিকাৰ হৈ এইডেন মাৰ্কৰামে সৰ্বাধিক ৬১ ৰানৰ অৱদান যোগায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ