--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিয়ন্ত্রিত বলিঙেৰে প্ৰথমে বেট ধৰা দক্ষিণ আফ্রিকাক ১১৭ ৰানত সীমিত ৰখাৰ পাছত ভাৰতে ২৫টা বল বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই ১২০ ৰান কৰি জয় সাব্যস্ত কৰে।

ডিজিটেল ডেস্কঃ পেচ বলাৰৰ হিচাপী বলিঙৰ সহায়ত ভাৰতে কালি তৃতীয় টি-২০ ক্রিকেটত দক্ষিণ আফ্রিকাক ৭উইকেটত হৰুৱাই পাঁচখনীয়া শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰে। 


নিয়ন্ত্রিত বলিঙেৰে প্ৰথমে বেট ধৰা দক্ষিণ আফ্রিকাক ১১৭ ৰানত সীমিত ৰখাৰ পাছত ভাৰতে ২৫টা বল বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই ১২০ ৰান কৰি জয় সাব্যস্ত কৰে।


ভাৰতৰ হৈ অভিষেক শর্মাই সর্বাধিক ৩৫, শুভমন গীলে ২৮, অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ ৰান কৰি আউট হয়। আনহাতে, তিলক বর্মাই ২৫ আৰু শিভম ডুবেই ১০ ৰানত আউট নোহোৱাকৈ থাকে। ভাৰতে কালি দুটা সাল-সলনি ঘটায়। যশপ্রীত বুমৰাহৰ স্থানত হৰ্ষিত ৰানাক আৰু অক্ষৰ পেটেলৰ পৰিৱৰ্তে কুলদীপ যাদরে মূল একাদশত সুযোগ পায়। ইয়াৰ আগেয়ে, ভাৰতৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱৰা দক্ষিণ আফ্রিকাই ১১৭ ৰানতে কেউটা উইকেট হেৰুৱায়। 


অর্শদীপ সিং, হর্ষিত ৰাণা, হার্দিক পাণ্ডিয়া আৰু শিভম ডুবেইৰে গঠিত ভাৰতীয় বলিং আক্রমণ বিভাগে অতিথি দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপ তচনচ কৰে। অৰ্শদীপে ১৩ ৰানত, বৰুণ চক্রৱতীয়ে ১১ ৰানত, হর্ষিতে ৩৪ ৰানত আৰু কুলদীপ যাদৱে ১২ ৰানত দুটাকৈ উইকেটৰ পতন ঘটায়। দক্ষিণ আফ্রিকাৰ হৈ এইডেন মাৰ্কৰামে সৰ্বাধিক ৬১ ৰানৰ অৱদান যোগায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু