--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩
  • ৩০ লাখ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আজি ঘোষণা কৰা হ’ব ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩.৩০ লাখ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আজি ঘোষণা কৰা হ’ব ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী— চাৰিওটা শাখাৰে ফলাফল আজি পুৱা ১০:৩০ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰিব।


শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম ‘এক্স’ যোগে জনাইছে যে পুৱা ৭:৩০ বজাত আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰাৰ পাছত ঠিক ১০:৩০ বজাৰ পৰা পৰীক্ষাৰ্থীসকলে অনলাইনযোগে নিজৰ মাৰ্কশ্বীট আৰু ফলাফল চাব পাৰিব।


এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী ৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী এজন ৷


আনহাতে বাণিজ্য শাখাত এইবাৰ মুঠ ১৯, ৮০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ১৩,৭৮২ গৰাকী ছাত্ৰ আৰু ৬,০২৪ গৰাকী ছাত্ৰী । বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ৩৪,৮০১ ছাত্ৰ, ২৬,৭৬৬ ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এগৰাকী । বৃত্তিমুখী শাখাত ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে । ইয়াৰ ভিতৰত ৮৮৭ গৰাকী ছাত্ৰ আৰু ৬১৮ গৰাকী ছাত্ৰী ।




https://ahsec.assam.gov.in

https://iresults.net

https://www.vidyavision.com

https://www.indiaresults.com

https://www.jagranjosh.com

https://www.assamresult.in

https://www.ndtv.com

https://assamjobalerts.com

https://www.fastresult.in

https://results.digilocker.gov.in

https://www.necareer.com

https://www.results.shiksha



পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ আনুষ্ঠানিক ৱেবছাইটৰ লগতে ওপৰত উল্লেখ কৰা প’ৰ্টেলত ফলাফল লাভ কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু