--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুর্দান্ত বেটিং আৰু বলিঙৰ জৰিয়তে ভাৰতে চলিত প্রতিযোগিতাখনৰ কালিৰ ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানত হৰুৱাই চেম্পিয়নৰ সন্মান লাভ কৰে।

ডিজিটেল ডেস্ক: প্রথমটো দল হিচাপে ভাৰতে ইতিহাস ৰচি একেৰাহে দ্বিতীয়বাৰলৈ টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰিলে।


দুর্দান্ত বেটিং আৰু বলিঙৰ জৰিয়তে ভাৰতে চলিত প্রতিযোগিতাখনৰ কালিৰ ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানত হৰুৱাই চেম্পিয়নৰ সন্মান লাভ কৰে। ভাৰতে তেনেদৰেই তৃতীয়বাৰলৈ টি-২০ বিশ্ব কাপত শ্রেষ্ঠত্ব অর্জন কৰে। 


২০২৪ চনৰ টি-২০ বিশ্ব কাপ, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ পাছত ভাৰতীয় দলে পুনৰবাৰ টি-২০ বিশ্ব কাপৰ খিতাপ লাভ কৰিলে। ভাৰতে কালিৰ ফাইনেলত সঞ্জু ছেমছনৰ দুৰন্ত ৮৯, অভিষেক শৰ্মাৰ বিধ্বংসী ৫২ আৰু ঈশান কিষাণৰ আকৰ্ষণীয় ৫৪ ৰানেৰে ৫ উইকেটত ২৫৫ ৰানৰ বিশাল স্ক'ৰ থিয় কৰে। 


পৰৱৰ্তী সময়ত নিয়ন্ত্ৰিত বলিঙেৰে নিউজিলেণ্ডক ১৯ অ'ভাৰত ১৫৯ ৰানত সীমিত ৰাখে ভাৰতে। কিৱি বাহিনীৰ ইনিংছত টীম ছেইফার্টে সর্বাধিক ৫২ আৰু মিচেল ছাণ্টনাৰে ৪৩ ৰান কৰাৰ বাহিৰে আনসকল ব্যর্থ হয়। ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ১৫ ৰানত সৰ্বাধিক ৪টা আৰু অক্ষৰ পেটেলে ২৭ ৰানত দখল কৰে ৩টা উইকেট। 


মেন অব্ দ্য টুর্নামেণ্টৰ সন্মান লাভ কৰে সঞ্জু ছেমছনে আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান পায় যশপ্রীত বুমৰাহে। ইয়াৰ আগেয়ে ভাৰতে পোনতে বেট ধৰি সঞ্জু ছেমছন (৮৯), অভিষেক শৰ্মা (৫২) আৰু ঈশান কিষাণৰ (৫৪) অর্ধ শতৰানৰ জৰিয়তে ৫ উইকেটত ২৫৫ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল। দুই অ'পেনাৰ সঞ্জু ছেমছন আৰু অভিষেকে ৭.২ অ'ভাৰত ৯৮ ৰানৰ যুটি বান্ধি ভাৰতৰ বিশাল স্ক'ৰৰ ভেটি গঢ়ে। 


দলৰ দুৰন্ত আৰম্ভণিৰ সুযোগ লৈ কিষাণে ২৫টা বলত ৫৪ ৰানৰ অৱদান যোগায়। আগশাৰীৰ ৩ বেটাৰৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতে ১৫ অ'ভাৰত ২০০ ৰানৰ সীমা পাৰ কৰে। ইয়াৰ মাজতে অৱশ্যে নিউজিলেণ্ডে ৰানৰ গতি কিছু পৰিমাণে হ্রাস কৰিবলৈ সক্ষম হয়। ছটা বলৰ অন্তৰালত ছেমছন, কিষাণ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ (০) উইকেট দখল কৰি নিউজিলেণ্ডে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হয়। ১৬ অ'ভাৰত পেচাৰ জেমছ নিছামে উক্ত তিনিওটা উইকেট দখল কৰে। 


হার্দিক পাণ্ডিয়া (১৮) ব্যর্থ হ'লেও শিৱম ডুবেই অপৰাজিত ২৬ ৰানৰ বৰঙনি যোগায়। ভাৰতে অন্তিম ৫ অ'ভাৰত ৫২ ৰান সংগ্ৰহ কৰে। ছেমছনে ৪৬টা বলত ৫টা চাৰি আৰু ৮টা ছয়েৰে নিজৰ ৮৯ ৰানৰ ইনিংছটো সজায়। অভিষেকৰ ২১টা বলত ৫২ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ৬টা চাৰি আৰু তিনিটা ছয়ৰ। আনহাতে, ঈশানে ২৫টা বলত ৫৪ ৰানৰ ইনিংছটো সজায় ৪টাকৈ চাৰি আৰু ছয়েৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ