--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ফাইনেলত আজি আয়োজক ভাৰতে নিউজিলেণ্ডক খিতাপ জয়ৰ যুঁজত প্রত্যাহবান জনাব।

ডিজিটেল ডেস্ক: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি টি-২০ বিশ্ব কাপৰ ফাইনেলত এক নতুন ইতিহাসৰ সৃষ্টি হোৱাটো নিশ্চিত। প্রতিযোগিতাৰ ফাইনেলত আজি আয়োজক ভাৰতে নিউজিলেণ্ডক খিতাপ জয়ৰ যুঁজত প্রত্যাহবান জনাব। 


প্রতিযোগিতাৰ ফাইনেলত জয়ী হোৱা দলটোৱে ইতিহাস সৃষ্টি কৰাটো নিশ্চিত। যদি ভাৰত জয়ী হয়, তেতিয়া প্রতিযোগিতাৰ ইতিহাসত তৃতীয়বাৰলৈ আৰু একেৰাহে দ্বিতীয়বাৰ কাপ জয় কৰা দল ৰূপে পৰিগণিত হ'ব। যদি ভাৰতক পৰাজিত কৰিব পাৰে তেতিয়া নিউজিলেণ্ডে প্ৰথমবাৰৰ বাবে কাপ জয় কৰিব। ইয়াৰ লগতে বিশ্ব কাপ জয় কৰা সপ্তমটো দল ৰূপে পৰিগণিত হ'ব। 


আনহাতে, ক্ৰিকেটৰ তিনিওটা ফর্মেটৰ (টেষ্ট, এদিনীয়া আৰু টি-২০) ফাইনেলত প্রতিদ্বন্দ্বিতা কৰা ভাৰত আৰু নিউজিলেণ্ড ক্রিকেটৰ ইতিহাসত প্রথম দল ৰূপে পৰিগণিত হ'ব। ফাই নেলৰ ফেভাৰিট দল নিঃসন্দেহে ভাৰত। কিন্তু নিউজিলেণ্ডৰ প্ৰত্যাহ্বান ওফৰাই কাপ দ্বিতীয়বাৰলৈ নিজৰ হাতত ৰখাটো ভাৰতৰ বাবে ইমান সহজো নহয়। 


স্মৰণযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত ভাৰত ২০২৩ চনৰ আই চি চি এদিনীয়া বিশ্ব কাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। সূর্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে এতিয়া আজি সেই বেদনা দূৰ কৰাৰ প্ৰয়াস কৰাটো নিশ্চিত। এজন সুদক্ষ বেটাৰ তথা চতুৰ অধিনায়ক সূর্যকুমাৰৰ নেতৃত্বত টিম ইণ্ডিয়াই চেম্পিয়নৰ খিতাপ জয় কৰাৰ বাবে নিজৰ ছন্দ অনুসৰি খেলিব পাৰিব লাগিব। টিম ইণ্ডিয়াৰ এটা ভুলে প্রতিপক্ষক জয়ৰ সুযোগ আনি দিব পাৰে। অৱশ্যে ভাৰতক ভাগ্যয়ো সহায় কৰিব লাগিব। দলটো ফাইনেলত উপনীত হোৱাত বহু পৰিমাণে ভাগ্যয়ো সহায় কৰিছিল। নিজৰ দক্ষতা অনুসৰি প্ৰতিযোগিতাত সূর্যকুমাৰে বেটিং কৰিব নোৱাৰিলেও অধিনায়ক হিচাপে নিজৰ চতুৰতাৰ প্ৰমাণ দিছে তেওঁ। আজিৰ দিনটো তেওঁৰ বাবে নিৰ্ণায়ক হ'বও পাৰে। 


ভাৰতৰ বাবে নিউজিলেণ্ডৰ প্রত্যাহবান প্রতিহত কৰাটো ইমান সহজ নহয়, কিয়নো ফিন এলন, লাকী ফার্গুছন আৰু মেট হেনৰীৰ দৰে খেলুৱৈয়ে যিকোনো সময়তে খেলৰ চেহেৰা সলনি কৰি দিব পাৰে। ইয়াৰ লগতে মিচেল ছেণ্টনাৰ আৰু গ্লেন ফিলিপ্‌ছৰ দৰে খেলুৱৈয়ে ভাৰতৰ দৰে শক্তিশালী দলৰ প্রত্যাহবান কেনেকৈ প্রতিহত কৰিব লাগে সেই কথাও জানে। 


আহমেদাবাদত নিউজিলেণ্ডৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে যশপ্রীত বুমৰাহে। ফাইনেলত বুমৰাহৰ চাৰিটা অভাৰ নির্ণায়ক হিচাপে পৰিগণিত হ'ব পাৰে। ভাৰতৰ বাবে প্রধান চিন্তাৰ কাৰণটো হ'ল অভিষেক শৰ্মাৰ হতাশাজনক প্রদর্শন। এনে অৱস্থাত তেওঁ কাইলৈ মূল একাদশত স্থান পোৱাক লৈ প্রশ্নৰ অৱতাৰণা হৈছে। তেওঁৰ খেলত থকা সুৰুঙাৰ বিষয়ে ইতিমধ্যে প্রতিপক্ষ পৰিচিত হৈছে। 


আজি অভিষেকে ভাৰতৰ পক্ষে ইনিংছ মুকলি কৰিলে নিউজিলেণ্ডে অফস্পীনাৰ কল মেককালীক আৰম্ভণিতেই বলিং কৰিবলৈ দিয়াৰ সম্ভাৱনা আছে। ভাৰতৰ বাবে আন এটা চিন্তাৰ কাৰণ হ'ল বৰুণ চক্ৰৱৰ্তীৰ ব্যৰ্থতা। কিন্তু গুৰুত্বপূৰ্ণ হ'ব অধিনায়ক সূর্যকুমাৰৰ কৌশল। ফাইনেল মেচখন আজি সন্ধিয়া ৭বজাৰ পৰা আৰম্ভ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু