--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ফাইনেলত আজি আয়োজক ভাৰতে নিউজিলেণ্ডক খিতাপ জয়ৰ যুঁজত প্রত্যাহবান জনাব।

ডিজিটেল ডেস্ক: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি টি-২০ বিশ্ব কাপৰ ফাইনেলত এক নতুন ইতিহাসৰ সৃষ্টি হোৱাটো নিশ্চিত। প্রতিযোগিতাৰ ফাইনেলত আজি আয়োজক ভাৰতে নিউজিলেণ্ডক খিতাপ জয়ৰ যুঁজত প্রত্যাহবান জনাব। 


প্রতিযোগিতাৰ ফাইনেলত জয়ী হোৱা দলটোৱে ইতিহাস সৃষ্টি কৰাটো নিশ্চিত। যদি ভাৰত জয়ী হয়, তেতিয়া প্রতিযোগিতাৰ ইতিহাসত তৃতীয়বাৰলৈ আৰু একেৰাহে দ্বিতীয়বাৰ কাপ জয় কৰা দল ৰূপে পৰিগণিত হ'ব। যদি ভাৰতক পৰাজিত কৰিব পাৰে তেতিয়া নিউজিলেণ্ডে প্ৰথমবাৰৰ বাবে কাপ জয় কৰিব। ইয়াৰ লগতে বিশ্ব কাপ জয় কৰা সপ্তমটো দল ৰূপে পৰিগণিত হ'ব। 


আনহাতে, ক্ৰিকেটৰ তিনিওটা ফর্মেটৰ (টেষ্ট, এদিনীয়া আৰু টি-২০) ফাইনেলত প্রতিদ্বন্দ্বিতা কৰা ভাৰত আৰু নিউজিলেণ্ড ক্রিকেটৰ ইতিহাসত প্রথম দল ৰূপে পৰিগণিত হ'ব। ফাই নেলৰ ফেভাৰিট দল নিঃসন্দেহে ভাৰত। কিন্তু নিউজিলেণ্ডৰ প্ৰত্যাহ্বান ওফৰাই কাপ দ্বিতীয়বাৰলৈ নিজৰ হাতত ৰখাটো ভাৰতৰ বাবে ইমান সহজো নহয়। 


স্মৰণযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত ভাৰত ২০২৩ চনৰ আই চি চি এদিনীয়া বিশ্ব কাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। সূর্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে এতিয়া আজি সেই বেদনা দূৰ কৰাৰ প্ৰয়াস কৰাটো নিশ্চিত। এজন সুদক্ষ বেটাৰ তথা চতুৰ অধিনায়ক সূর্যকুমাৰৰ নেতৃত্বত টিম ইণ্ডিয়াই চেম্পিয়নৰ খিতাপ জয় কৰাৰ বাবে নিজৰ ছন্দ অনুসৰি খেলিব পাৰিব লাগিব। টিম ইণ্ডিয়াৰ এটা ভুলে প্রতিপক্ষক জয়ৰ সুযোগ আনি দিব পাৰে। অৱশ্যে ভাৰতক ভাগ্যয়ো সহায় কৰিব লাগিব। দলটো ফাইনেলত উপনীত হোৱাত বহু পৰিমাণে ভাগ্যয়ো সহায় কৰিছিল। নিজৰ দক্ষতা অনুসৰি প্ৰতিযোগিতাত সূর্যকুমাৰে বেটিং কৰিব নোৱাৰিলেও অধিনায়ক হিচাপে নিজৰ চতুৰতাৰ প্ৰমাণ দিছে তেওঁ। আজিৰ দিনটো তেওঁৰ বাবে নিৰ্ণায়ক হ'বও পাৰে। 


ভাৰতৰ বাবে নিউজিলেণ্ডৰ প্রত্যাহবান প্রতিহত কৰাটো ইমান সহজ নহয়, কিয়নো ফিন এলন, লাকী ফার্গুছন আৰু মেট হেনৰীৰ দৰে খেলুৱৈয়ে যিকোনো সময়তে খেলৰ চেহেৰা সলনি কৰি দিব পাৰে। ইয়াৰ লগতে মিচেল ছেণ্টনাৰ আৰু গ্লেন ফিলিপ্‌ছৰ দৰে খেলুৱৈয়ে ভাৰতৰ দৰে শক্তিশালী দলৰ প্রত্যাহবান কেনেকৈ প্রতিহত কৰিব লাগে সেই কথাও জানে। 


আহমেদাবাদত নিউজিলেণ্ডৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে যশপ্রীত বুমৰাহে। ফাইনেলত বুমৰাহৰ চাৰিটা অভাৰ নির্ণায়ক হিচাপে পৰিগণিত হ'ব পাৰে। ভাৰতৰ বাবে প্রধান চিন্তাৰ কাৰণটো হ'ল অভিষেক শৰ্মাৰ হতাশাজনক প্রদর্শন। এনে অৱস্থাত তেওঁ কাইলৈ মূল একাদশত স্থান পোৱাক লৈ প্রশ্নৰ অৱতাৰণা হৈছে। তেওঁৰ খেলত থকা সুৰুঙাৰ বিষয়ে ইতিমধ্যে প্রতিপক্ষ পৰিচিত হৈছে। 


আজি অভিষেকে ভাৰতৰ পক্ষে ইনিংছ মুকলি কৰিলে নিউজিলেণ্ডে অফস্পীনাৰ কল মেককালীক আৰম্ভণিতেই বলিং কৰিবলৈ দিয়াৰ সম্ভাৱনা আছে। ভাৰতৰ বাবে আন এটা চিন্তাৰ কাৰণ হ'ল বৰুণ চক্ৰৱৰ্তীৰ ব্যৰ্থতা। কিন্তু গুৰুত্বপূৰ্ণ হ'ব অধিনায়ক সূর্যকুমাৰৰ কৌশল। ফাইনেল মেচখন আজি সন্ধিয়া ৭বজাৰ পৰা আৰম্ভ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ