--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দলীয় মুখপত্র 'সামানা'ত উদ্ধৱ থাকৰেৰ শিৱ সেনাৰ গোটটোৱে উল্লেখ কৰে যে নির্বাচনলৈকে বিৰোধী মৰ্চাটোৱে ইয়াৰ নিৰ্বাচন কৌশল প্রস্তুত কৰিবলৈ অপেক্ষা কৰিব নালাগে।

ডিজিটেল ডেস্ক : সমাগত চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলবোৰৰ মৰ্চা 'ইণ্ডিয়া' ভংগ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ইণ্ডিয়া মৰ্চাত বিৰোধী ৰাজনৈতিক দলবোৰৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ সময়তে বুধবাৰে মৰ্চাৰ অন্যতম অংশীদাৰ দল শিৱ সেনাই (উদ্ধৱ) বিৰোধী মিত্রজোঁটক সজাগ হোৱাৰ বাবে আহ্বান জনায় আৰু চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰে। 


দলীয় মুখপত্র 'সামানা'ত উদ্ধৱ থাকৰেৰ শিৱ সেনাৰ গোটটোৱে উল্লেখ কৰে যে নির্বাচনলৈকে বিৰোধী মৰ্চাটোৱে ইয়াৰ নিৰ্বাচন কৌশল প্রস্তুত কৰিবলৈ অপেক্ষা কৰিব নালাগে। 'মুখপত্র'খনত দলটোৱে বিৰোধী মৰ্চাৰ নেতৃত্ব ল'বলৈ পশ্চিম বংগৰ মুখ্যমন্ত্রী অথবা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিনক আওপকীয়াকৈ আহ্বান জনায়। নাম নোলোৱাকৈ কংগ্ৰেছৰ বিষয়ে মন্তব্য কৰি উদ্ধৱপন্থী শিৱ সেনাই কয় যে ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোত কেইবাটাও অভ্যন্তৰীণ কণ্ঠই বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। 


'কনফিউজন অব ইনাৰ ভয়ছেজ, মমতা অথবা ষ্টালিনৰ নেতৃত্ব' শীর্ষক মুখপত্রখনত প্রকাশিত এটা প্রবন্ধত কংগ্রেছ দলক আওপকীয়াকৈ তীব্র সমালোচনা কৰে শিৱ সেনাই (উদ্ধৱ)। প্রবন্ধটোত কোৱা হৈছে যে কংগ্ৰেছ আৰু ৰাষ্ট্ৰৰ উভয়ৰে নেতা আছিল মহাত্মা গান্ধী। গান্ধীৰ নিজৰ কণ্ঠৰে লোৱা সিদ্ধান্ত আছিল কংগ্রেছৰ। এই সিদ্ধান্তবোৰ আছিল আধ্যাত্মিকতাবাদ, দেশভক্তিমূলক আৰু স্বার্থবিহীন। কিন্তু আজিৰ কংগ্ৰেছত দলটোৰ ভিতৰত এনেধৰণৰ কণ্ঠৰ জন্ম হৈছে, যিসমূহে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। দেশৰ স্বাৰ্থৰ বাবে এইটো অনুকূল নহয়। কংগ্ৰেছ দলৰ এই নেতাসকলৰ বিশৃংখল কণ্ঠই বিৰোধী মর্চাটোক ভৱিষ্যতে বিপদত পেলাব বুলি প্রবন্ধটোত কোৱা হৈছে। 


মণিশংকৰ আয়াৰ, সঞ্জয় বাৰু, ভূপেন বৰাৰ দৰে নেতাই কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰাটো দলটোৰ ভৱিষ্যতৰ বাবে অশনি সংকেত বুলি শিৱ সেনাই (উদ্ধৱ) প্রকাশ কৰে। সঞ্জয় বাৰুৰ উদ্ধৃতি দি প্রবন্ধটোত কোৱা হৈছে ইণ্ডিয়া মৰ্চাৰ নেতৃত্ব পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক দিব লাগে। ইণ্ডিয়াৰ নেতৃত্ব মমতা বেনাৰ্জীক দিলে বিৰোধী মৰ্চা শক্তিশালী হ'ব বুলি প্রবন্ধটোত উল্লেখ আছে। আনহাতে, দক্ষিণৰ আন এজন শক্তিশালী বিৰোধীৰ নেতা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিনেও ইণ্ডিয়াৰ নেতৃত্ব লোৱাৰ পোষকতা কৰা হৈছে প্ৰবন্ধটোত। 


এই ঘটনা প্রৱাহৰ মাজতে কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি বিৰোধী দলবোৰৰ মৰ্চাত সৃষ্টি হোৱা অনীহা আৰু আস্থা ভংগই ভৱিষ্যৎ সময়ত 'ইণ্ডিয়া' যে ভংগ হ'ব, সেই সম্ভাৱনা প্রকট হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ