--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গৌৰৱ গগৈৰ মতে কংগ্ৰেছ দলৰ সৈতে যিসমূহ দলে মিত্রতা কৰে, সেই দলসমূহ শক্তিশালী হয়। বিপৰীতে বিজেপিৰে মিত্ৰতা কৰা দলসমূহ নিঃশেষ হৈ যোৱাৰ উপক্রম ঘটে।

ডিজিটেল ডেস্ক: বিৰোধী দলবোৰৰ সৈতে মিত্রতা নকৰাকৈয়ে প্রার্থীৰ তালিকা প্রস্তুত কৰিবলৈ সাজু কংগ্ৰেছ।দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিল কংগ্ৰেছৰ স্ক্রীনিং কমিটীৰ অধ্যক্ষ তথা ৱায়নাড লোকসভা সমষ্টিৰ সাংসদ প্রিয়ংকা গান্ধী।


অসমত উপস্থিত হৈয়েই প্রিয়ংকা গান্ধীয়ে পুৱাৰ ভাগত মা কামাখ্যা মন্দিৰত সেৱা জনাই আশীর্বাদ লয় আৰু ইয়াৰ পাছত ৰাজীৱ ভৱনলৈ আহি দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজা পর্যন্ত স্ক্রীনিং বিষয়ক কাম-কাজত ব্যস্ত হৈ পৰিব। 


আজি গোটেই দিনটো প্রিয়ংকা গান্ধী আৰু স্ক্রীনিং কমিটীৰ আন সদস্যসকলে ব্লক কংগ্ৰেছ, কংগ্ৰেছৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন আৰু কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ'ব বুলি জনাই জিতেন্দ্র সিঙে কয় যে প্রথমবাৰৰ বাবে অসমত এইধৰণে প্রার্থিত্ব প্রদানৰ বাবে স্ক্রীনিঙৰ ব্যৱস্থা কৰা হৈছে। স্ক্রীনিং কমিটীৰ অধ্যক্ষ হিচাপে নির্বাচন শেষ নোহোৱা পর্যন্ত একাধিকবাৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহি থাকিব আৰু অসমবাসীৰ মনৰ বুজ ল'বলৈ চেষ্টা অব্যাহত ৰাখিব। 


গৌৰৱ গগৈয়ে কয়, 'স্ক্রীনিং যিমান সোনকালে পাৰি সিমান সোনকালে শেষ কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলোৱা হ'ব। আমি বিভিন্ন সময়ত কেন্দ্রীয় নেতৃত্বৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে আমাক পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা এই মাহৰ শেষৰফালে প্ৰকাশ হ'ব লাগে। ৰাজ্যিক স্তৰৰ কামখিনি শেষ হ'লেই আমি যেতিয়াই বিচাৰোঁ তেতিয়াই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্রার্থীৰ তালিকা সন্দর্ভত আলোচনা কৰি সেয়া চূড়ান্ত কৰিবলৈ সাজু হৈ আছে।' প্রথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰকাশ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি গগৈয়ে জনায় যে নির্বাচনী প্রস্তুতিৰ ক্ষেত্রত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে। 


আনহাতে, বিৰোধী দলবোৰৰ সৈতে মিত্ৰতা সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ সমভাবাপন্ন বিৰোধী দলসমূহৰ সৈতে মিত্রতা হ'বই বুলি স্পষ্ট কৰি দিয়ে। তেওঁৰ মতে কংগ্ৰেছ দলৰ সৈতে যিসমূহ দলে মিত্রতা কৰে, সেই দলসমূহ শক্তিশালী হয়। বিপৰীতে বিজেপিৰে মিত্ৰতা কৰা দলসমূহ নিঃশেষ হৈ যোৱাৰ উপক্রম ঘটে। উদাহৰণ হিচাপে তেওঁ অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ কথা উল্লেখ কৰে। গগৈয়ে কয়-'অসম গণ পৰিষদ দলৰ বাবে এই নির্বাচন শেষ নির্বাচন হৈ পৰিব। ইয়াৰ পাছত অসম গণ পৰিষদক নিৰ্বাচনত হয়তো দেখা পোৱা নাযাব। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোক অধিক সক্রিয় হৈ পৰিব।'


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ