--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ডেৰৰ পৰা দুই লাখ লোকৰ সমাগম হ’বলগীয়া ১৩ মাৰ্চৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও অভিলাষী প্ৰকল্লৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰিব।

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷


সিদিনাই বহু প্ৰত্যাশিত কোকৰাঝাৰ-গেলেফু সংগী ৰে’লপথ নিৰ্মাণৰ শিলান্যাসৰ সম্ভাৱনা৷ লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি আৰু শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰৰ পৰাই কৰিব ৷


প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতিৰ লগতে আন আনুষংগিক দিশসমূহৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিৱ ড° ৰবি কোটা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ আইজিপি বিবেকৰাজ সিংসহ আন শীৰ্ষ বিষয়া ৷ 


আনহাতে গ্ৰীণ ফিল্ডৰ লগতে গ্ৰীণ ফিল্ডতে থকা হেলিপেড পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব ড° ৰবি কোটাই বিটিচি সচিবালয়ত প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণক লৈ বিটিচি সচিবালয়ৰ কৰ্তৃপক্ষ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰে এক বৈঠকত মিলিত হ’ব ৷


উল্লেখ্য যে প্ৰায় ডেৰৰ পৰা দুই লাখ লোকৰ সমাগম হ’বলগীয়া ১৩ মাৰ্চৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও অভিলাষী প্ৰকল্লৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰি একেদিনাই গুৱাহাটীৰ আন এখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ১৪ মাৰ্চত শিলচৰৰ আন এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ