--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ডেৰৰ পৰা দুই লাখ লোকৰ সমাগম হ’বলগীয়া ১৩ মাৰ্চৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও অভিলাষী প্ৰকল্লৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰিব।

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷


সিদিনাই বহু প্ৰত্যাশিত কোকৰাঝাৰ-গেলেফু সংগী ৰে’লপথ নিৰ্মাণৰ শিলান্যাসৰ সম্ভাৱনা৷ লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি আৰু শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰৰ পৰাই কৰিব ৷


প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতিৰ লগতে আন আনুষংগিক দিশসমূহৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিৱ ড° ৰবি কোটা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ আইজিপি বিবেকৰাজ সিংসহ আন শীৰ্ষ বিষয়া ৷ 


আনহাতে গ্ৰীণ ফিল্ডৰ লগতে গ্ৰীণ ফিল্ডতে থকা হেলিপেড পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব ড° ৰবি কোটাই বিটিচি সচিবালয়ত প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণক লৈ বিটিচি সচিবালয়ৰ কৰ্তৃপক্ষ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰে এক বৈঠকত মিলিত হ’ব ৷


উল্লেখ্য যে প্ৰায় ডেৰৰ পৰা দুই লাখ লোকৰ সমাগম হ’বলগীয়া ১৩ মাৰ্চৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাটাও অভিলাষী প্ৰকল্লৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰি একেদিনাই গুৱাহাটীৰ আন এখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ১৪ মাৰ্চত শিলচৰৰ আন এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু