--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২০২৮ বিত্তীয় বর্ষত ৪
  • ৯৬ লাখ কোটি ডলাৰ হ'বগৈ, যিটো চলিত বছৰৰ আৰম্ভণিতে ৫
  • ১৫ লাখ কোটি ডলাৰ হ'ব বুলি কৰা অনুমানতকৈ কম।

ডিজিটেল ডেস্ক : ভাৰতীয় অর্থনীতি ২০২৯ চনৰ ভিতৰত ৫ লাখ কোটি ডলাৰ হ'বগৈ। আন্তঃৰাষ্ট্ৰীয় মুদ্রা কোষে (আই এম এফ) প্রকাশ কৰা এখন প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। 


আন কথাত আই এম এফে পূর্বতে কৰা অনুমানতকৈ এবছৰৰ পাছতহে এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আই এম এফে পূর্বতে ভাৰত ২০২৮ চনৰ ভিতৰত ৫ লাখ কোটি টকাৰ অর্থনীতি হ'ব বুলি অনুমান কৰিছিল। প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে পাঁচ লাখ কোটি ডলাৰৰ লক্ষ্য উপনীত হোৱাত পলম হোৱাৰ কাৰণ হ'ল উন্নয়নত দেখা দিয়া মন্থৰতা আৰু টকাৰ মূল্য অনুমান কৰাতকৈ অধিক ক্ষিপ্র গতিত সলনি হোৱাটো। 


ইয়াত উল্লেখ কৰা অনুসৰি, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২০২৮ বিত্তীয় বর্ষত ৪.৯৬ লাখ কোটি ডলাৰ হ'বগৈ, যিটো চলিত বছৰৰ আৰম্ভণিতে ৫.১৫ লাখ কোটি ডলাৰ হ'ব বুলি কৰা অনুমানতকৈ কম। 


আনহাতে, ২০২৩ চনত কৰা অনুমানতকৈ যথেষ্টখিনি কম। উল্লেখযোগ্য যে আই এম এফে ২০২৩ চনত অনুমান কৰিছিল যে ২০২৮ চনত ভাৰতীয় অর্থব্যৱস্থা ৫.৯৬ ডলাৰ হ'বগৈ। আই এ এম এফৰ মতে, ডলাৰক ভিত্তি কৰি প্ৰকাশ কৰা মুঠ ঘৰুৱা উৎপাদনৰ পূর্বানুমান হ্রাস কৰাৰ প্রধান কাৰণ হ'ল ভাৰতীয় মুদ্রা টকাৰ ডলাৰৰ তুলনাত অৱমূল্যায়ন হোৱাটো। চলিত বিত্তীয় বর্ষত টকা আৰু ডলাৰৰ বিনিময় দৰে পূৰ্বতে ৮২.৫ টকা হ'ব বুলি অনুমান কৰা হৈছিল, কিন্তু এতিয়া সংশোধন কৰি প্রতি ডলাৰৰ মূল্য ৮৪.৬০ টকা কৰা হয়। 


অহা বিত্তীয় বর্ষ আৰু তাৰ পাছৰ বৰ্ষটোত ডলাৰৰ মূল্য ৮৭ আৰু ৮৭.৭ টকা হ'ব বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২১ নৱেম্বৰত ডলাৰ মূল্যৰ অভিলেখ ভংগ কৰে আৰু প্রতি ডলাৰৰ মূল্য হয়গৈ ৮৯.৪৯ টকা। ইফালে প্রতিবেদনখনত চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুবা উৎপাদন বৃদ্ধিৰ হাৰ ৬.৬৭% হ'ব বুলি অনুমান কৰিছে। আনহাতে, অহা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ চলিত বিত্তীয় বর্ষতকৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে বুলি লগতে কোৱা হৈছে। 


আই এম এফৰ মতে, অহা বিত্তীয় বর্ষত দেশৰ উন্নয়নৰ হাৰ ৬.২৯হে হ'ব। অৱশ্যে দেশত মুদ্রাস্ফীতিৰ হাৰ নিয়ন্ত্রণত থাকিব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইফালে, বিত্ত মন্ত্ৰ্যালয়ে কালি প্ৰকাশ কৰা তথ্য মতে, চলিত বিত্তীয় বর্ষৰ দ্বিতীয় ত্রৈমাসিকত অর্থাৎ জুলাই-ছেপ্টেম্বৰ ত্রৈমাসিকত ভাৰতৰ উন্নয়নৰ হাৰ ৭-৭.৫% হ'ব বুলি অনুমান কৰে । বিত্ত মন্ত্র্যালয়ে প্রকাশ কৰা মাহেকীয়া প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে মুদ্রাস্ফীতি নিয়ন্ত্রণত থকাৰ লগতে দেশত চাহিদা যথেষ্ট ভাল অৱস্থাত আছে। ফলত বিশ্বৰ অর্থনীতিত অনিশ্চয়তা চলি থকা সত্ত্বেও ভাৰতীয় অর্থনীতিয়ে উজ্জীৱিত প্রদর্শনেবে চলিত বিত্তীয় বর্ষৰ দ্বিতীয়ার্ধত প্রৱেশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ