--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চি ডি এছ চি অ'ই অশেবৰত দেশৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে। ইয়াত দেশত তৈয়াৰ কৰা ২১১ বিধ ঔষধ ভেজাল আৰু পাঁচ বিধ নকল ঔষধ বুলি জানিব পাৰে।

ডিজিটেল ডেস্ক : দেশত ভেজাল ঔষধৰ বিক্ৰী অব্যাহত আছে। কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') সমগ্র দেশত কৰা অধ্যনয়ৰ পৰা এই কথা জানিব পৰা গৈছে।


চি ডি এছ চি অ'ই অশেবৰত দেশৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে। ইয়াত দেশত তৈয়াৰ কৰা ২১১ বিধ ঔষধ ভেজাল আৰু পাঁচ বিধ নকল ঔষধ বুলি জানিব পাৰে। এই ঔষধসমূহ হৃৎপিণ্ড, কেঞ্চাৰ, যৌন ৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ, এজমা, সংক্রমণ, বিষ, পেটৰ অসখ, এনিমিয়াৰ দৰে ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। চি ডি এছ চি অ'ই সংগ্ৰহ কৰা নমুনাবোৰৰ ভিতৰত অসমৰ এটা নমুনা নির্ধাৰিত মানৰ নহয় বুলি কোৱা হৈছে। ইয়াৰ উপৰি হিমাচল প্ৰদেশত তৈয়াৰ কৰা ৬৬বিধ, উত্তৰাখণ্ডৰ ৩৯টা, গুজৰাটৰ ২৬টা, পঞ্জাব আৰু মধ্য প্রদেশৰ ১২টা, হাৰিয়ানাৰ ১০টা, ছিকিমৰ ছটা, মহাৰাষ্ট্ৰৰ পাঁচটা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, তেলেংগানা তথা ৰাজস্থানৰ চাৰিটাকৈ, বিহাৰ, অন্ধ্র প্রদেশৰ দুটাকৈ, পুডুচেৰীৰ তিনিটা দিল্লী, হাৰিয়ানা আৰু পশ্চিম বংগৰ এটাকৈ নমুনা নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পাৰে। 


ইতিমধ্যে ভেজাল আৰু নকল বুলি প্রমাণ হোৱা বেটচৰ ঔষধসমূহ ফাৰ্মাচী তথা বিতৰকৰ পৰা সংগ্ৰহ কৰি সংশ্লিষ্ট ঔষধ তৈয়াৰ কৰা কোম্পানীসমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ১১ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি কোৱা হৈছে। হৃৎপিণ্ডৰ ৰোগ তথা বুকুৰ বিষৰ চিকিৎসাত ব্যৱহাৰ কৰা মেট'ৰল-এ এম ৫০ (বেটচ নম্বৰ ৭৭ বিজি ০৮) নিৰ্ধাৰিত মানৰ নহয় বুলি প্রমাণিত হোৱাৰ পাছত হৰিদ্বাৰৰ ছাভ ফার্মাচিউটিকেল ঔষধ উদ্যোগ, কলেষ্ট্ৰল হ্রাস কৰা, হৃৎপিণ্ডৰ নলীত হোৱা ব্লকেজ প্ৰতিৰোধ কৰা তথা হাৰ্ট এটেকৰ সম্ভাৱনা হ্রাস কৰাৰ বাবে ব্যৱহাৰ কৰা ৰজুভাষ্টাটিন ১০ এম জি, এস্পিৰিন ১৫০ এম জি আৰু ক্লপিডগ্রেল ৭৫ এম চি কেপছুল ছিকিমৰ বিয় 'ল্টাছ ফার্মাচিউটিকেলে তৈয়াৰ কৰিছিল। কলেস্ট্রল তথা ৰক্ত চাপ হ্রাস নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰা অৰ্ট ভাষ্টাটিন ১০ এম জি ঔষধ (বেটচ নম্বৰ ২৪০২৩৮ এ) ছিৰম'ৰৰ কেণ্ডৰ ফাৰ্মাচিউটিকেলছে তৈয়াৰ কৰিছিল। কেঞ্চাৰ আৰু শ্বাস-প্রশ্বাসৰ ৰোগত ব্যৱহাৰ কৰা ডোমিথাছৱন ০.৫ ঔষধ প্রস্তুত কৰিছিল উত্তৰাখণ্ডৰ ছেইন্ট লাইক ফার্মাচিউটিকেলছে। ইফালে তামিলনাডুৰ ছৰেছন ফার্মাচিউটিকেছে প্ৰস্তুত কৰা কল্ডৰিফ ছিৰাপ (বেটচ নম্বৰ এছ আৰ-১৩) নিৰ্ধাৰিত মানৰ নহয় বুলি নমুনাৰ পৰীক্ষাত ধৰা পৰে। 


গুজৰাটৰ ছেঞ্চুৰিয়ান ৰেমিডিজে উৎপাদন কৰা মিছ'প্রষ্টল ১০০ এম চি জি টেবলেট, (বেটচ নম্বৰ টি এম-১৪৮০০০৫), টাইপ-২ মধুমেহৰ চিকিৎসাত ব্যৱহাৰ কৰা আৰু পুডুচেৰীৰ লাইফ কেয়াৰ ফর্মুলেশ্যনে প্রস্তুত কৰা গ্লিমিলাইভ-এম ২, পঞ্জাবৰ ব্রহ্মানন্দ আয়ুর্বেদ উদ্যোগে প্ৰস্তুত কৰা কামৰাজ কেপছুল (বেটচ নম্বৰ বি এ চি ০০৫), ডেৰাডুনৰ ছুইফ্ট লাইফ ছায়েন্স উদ্যোগ প্রাইভেট লিমিটেডে উৎপাদন কৰা বুপেৰা এন লাইট, ছিৰম'ৰৰ প্ৰটেক টেলিলিংছে উৎপাদন কৰা এনাস্থেছিয়া বুপিভাকেন ইনজেকশ্যনৰ নমুনাও পৰীক্ষা কৰা হৈছিল। এই ঔষধসমূহৰ নমুনা পৰীক্ষাত নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পৰা হয়। ভেজাল তথা নকল বুলি যিবিলাক ঔষধৰ নমুনা পৰীক্ষাত ধৰা পৰে সেই বেটচৰ ঔষধসমূহ ইতিমধ্যে বজাৰৰ পাৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট কোম্পানী প্ৰেৰণৰ নিৰ্দেশ দিয়ে চি ডি এছ চি অ'ই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু