--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চি ডি এছ চি অ'ই অশেবৰত দেশৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে। ইয়াত দেশত তৈয়াৰ কৰা ২১১ বিধ ঔষধ ভেজাল আৰু পাঁচ বিধ নকল ঔষধ বুলি জানিব পাৰে।

ডিজিটেল ডেস্ক : দেশত ভেজাল ঔষধৰ বিক্ৰী অব্যাহত আছে। কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') সমগ্র দেশত কৰা অধ্যনয়ৰ পৰা এই কথা জানিব পৰা গৈছে।


চি ডি এছ চি অ'ই অশেবৰত দেশৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে। ইয়াত দেশত তৈয়াৰ কৰা ২১১ বিধ ঔষধ ভেজাল আৰু পাঁচ বিধ নকল ঔষধ বুলি জানিব পাৰে। এই ঔষধসমূহ হৃৎপিণ্ড, কেঞ্চাৰ, যৌন ৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ, এজমা, সংক্রমণ, বিষ, পেটৰ অসখ, এনিমিয়াৰ দৰে ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। চি ডি এছ চি অ'ই সংগ্ৰহ কৰা নমুনাবোৰৰ ভিতৰত অসমৰ এটা নমুনা নির্ধাৰিত মানৰ নহয় বুলি কোৱা হৈছে। ইয়াৰ উপৰি হিমাচল প্ৰদেশত তৈয়াৰ কৰা ৬৬বিধ, উত্তৰাখণ্ডৰ ৩৯টা, গুজৰাটৰ ২৬টা, পঞ্জাব আৰু মধ্য প্রদেশৰ ১২টা, হাৰিয়ানাৰ ১০টা, ছিকিমৰ ছটা, মহাৰাষ্ট্ৰৰ পাঁচটা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, তেলেংগানা তথা ৰাজস্থানৰ চাৰিটাকৈ, বিহাৰ, অন্ধ্র প্রদেশৰ দুটাকৈ, পুডুচেৰীৰ তিনিটা দিল্লী, হাৰিয়ানা আৰু পশ্চিম বংগৰ এটাকৈ নমুনা নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পাৰে। 


ইতিমধ্যে ভেজাল আৰু নকল বুলি প্রমাণ হোৱা বেটচৰ ঔষধসমূহ ফাৰ্মাচী তথা বিতৰকৰ পৰা সংগ্ৰহ কৰি সংশ্লিষ্ট ঔষধ তৈয়াৰ কৰা কোম্পানীসমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ১১ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি কোৱা হৈছে। হৃৎপিণ্ডৰ ৰোগ তথা বুকুৰ বিষৰ চিকিৎসাত ব্যৱহাৰ কৰা মেট'ৰল-এ এম ৫০ (বেটচ নম্বৰ ৭৭ বিজি ০৮) নিৰ্ধাৰিত মানৰ নহয় বুলি প্রমাণিত হোৱাৰ পাছত হৰিদ্বাৰৰ ছাভ ফার্মাচিউটিকেল ঔষধ উদ্যোগ, কলেষ্ট্ৰল হ্রাস কৰা, হৃৎপিণ্ডৰ নলীত হোৱা ব্লকেজ প্ৰতিৰোধ কৰা তথা হাৰ্ট এটেকৰ সম্ভাৱনা হ্রাস কৰাৰ বাবে ব্যৱহাৰ কৰা ৰজুভাষ্টাটিন ১০ এম জি, এস্পিৰিন ১৫০ এম জি আৰু ক্লপিডগ্রেল ৭৫ এম চি কেপছুল ছিকিমৰ বিয় 'ল্টাছ ফার্মাচিউটিকেলে তৈয়াৰ কৰিছিল। কলেস্ট্রল তথা ৰক্ত চাপ হ্রাস নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰা অৰ্ট ভাষ্টাটিন ১০ এম জি ঔষধ (বেটচ নম্বৰ ২৪০২৩৮ এ) ছিৰম'ৰৰ কেণ্ডৰ ফাৰ্মাচিউটিকেলছে তৈয়াৰ কৰিছিল। কেঞ্চাৰ আৰু শ্বাস-প্রশ্বাসৰ ৰোগত ব্যৱহাৰ কৰা ডোমিথাছৱন ০.৫ ঔষধ প্রস্তুত কৰিছিল উত্তৰাখণ্ডৰ ছেইন্ট লাইক ফার্মাচিউটিকেলছে। ইফালে তামিলনাডুৰ ছৰেছন ফার্মাচিউটিকেছে প্ৰস্তুত কৰা কল্ডৰিফ ছিৰাপ (বেটচ নম্বৰ এছ আৰ-১৩) নিৰ্ধাৰিত মানৰ নহয় বুলি নমুনাৰ পৰীক্ষাত ধৰা পৰে। 


গুজৰাটৰ ছেঞ্চুৰিয়ান ৰেমিডিজে উৎপাদন কৰা মিছ'প্রষ্টল ১০০ এম চি জি টেবলেট, (বেটচ নম্বৰ টি এম-১৪৮০০০৫), টাইপ-২ মধুমেহৰ চিকিৎসাত ব্যৱহাৰ কৰা আৰু পুডুচেৰীৰ লাইফ কেয়াৰ ফর্মুলেশ্যনে প্রস্তুত কৰা গ্লিমিলাইভ-এম ২, পঞ্জাবৰ ব্রহ্মানন্দ আয়ুর্বেদ উদ্যোগে প্ৰস্তুত কৰা কামৰাজ কেপছুল (বেটচ নম্বৰ বি এ চি ০০৫), ডেৰাডুনৰ ছুইফ্ট লাইফ ছায়েন্স উদ্যোগ প্রাইভেট লিমিটেডে উৎপাদন কৰা বুপেৰা এন লাইট, ছিৰম'ৰৰ প্ৰটেক টেলিলিংছে উৎপাদন কৰা এনাস্থেছিয়া বুপিভাকেন ইনজেকশ্যনৰ নমুনাও পৰীক্ষা কৰা হৈছিল। এই ঔষধসমূহৰ নমুনা পৰীক্ষাত নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পৰা হয়। ভেজাল তথা নকল বুলি যিবিলাক ঔষধৰ নমুনা পৰীক্ষাত ধৰা পৰে সেই বেটচৰ ঔষধসমূহ ইতিমধ্যে বজাৰৰ পাৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট কোম্পানী প্ৰেৰণৰ নিৰ্দেশ দিয়ে চি ডি এছ চি অ'ই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ