--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ ৮৬০ কোটি ডলাৰৰ ৰপ্তানি আৰু ৩৩১০ কোটি ডলাৰৰ আমদানিত প্ৰভাৱ পেলাব

ডিজিটেল ডেস্কঃ ইৰানে হর্মুজ প্রণালী বন্ধ কৰি দিয়াৰ ভাবুকি দিছে। ইৰানে এইবুলি কয় যে দেশখনৰ পাৰমাণৱিক কেন্দ্ৰ তথা প্রকল্পসমূহত আমেৰিকাই ভৱিষ্যতে পুনৰ আক্ৰমণ কৰিলে হর্মুজ প্রণালীৰে যাতায়াত বন্ধ কৰি দিয়া হ'ব।


যদি হর্মুজ প্রণালীৰে জাহাজৰ চলাচল বন্ধ কৰি দিয়া হয় তেতিয়া ইয়াৰ প্ৰভাৱ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত পৰিব। ইয়াৰ ফলত খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ১২০ ডলাৰ বা তাতকৈ অধিক হোৱাই নহয়, বিশ্বত খাৰুৱা তেলৰ নাটনিৰো সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। হর্মুজ প্রণালী ইৰানৰ উত্তৰে আৰু সংযুক্ত আৰব এমিৰেট আৰু ওমানৰ দক্ষিণে। হর্মুজ প্রণালীৰে বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সৰবৰাহ হয়।


এই প্রণালীৰে বিশ্বৰ খাৰুৱা তেলৰ এক পঞ্চমাংশ আৰু তৰলীকৃত গেছৰ (চি এন জি) বৃহৎ অংশ সৰবৰাহ কৰা হয়। ভাৰতলৈ এই প্রণালীৰে খাৰুৱা তেলৰ এটা বৃহৎ অংশ আৰু এল এন জিৰ ৪০% আমদানি কৰা হয়। ইৰানী সংবাদ মাধ্যমে এইবুলি সতৰ্ক কৰি দিয়ে যে হর্মুজ জলচুক্তি ইৰানে বাতিল কৰিলে বিশ্বক খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৪০০ ডলাৰ পৰ্যন্ত হ'বগৈ পাৰে। এই প্রণালীৰে চীনলৈ প্রায় ৪৭% খাৰুৱা তেল সৰবৰাহ কৰা হয়। ইৰানো খাৰুৱা তেল ৰপ্তানিত এই জলপথৰ ওপৰতে নিৰ্ভৰশীল।


এই জলপথ বন্ধ হৈ পৰিলে ভাৰতকে ধৰি সমগ্র বিশ্বত খাৰুৱা তেলৰ যোগান হ্রাস পাব আৰু ইয়াৰ লগে লগে দামো বৃদ্ধি পাব। ফলত সমগ্র বিশ্ব মুদ্রাস্ফীতিৰ গ্ৰাসত পৰিব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিয়ে। আন্তঃৰাষ্ট্ৰীয় শক্তি এজেঞ্চিয়ে এইবুলি সতৰ্ক কৰি দিয়ে যে হর্মুজ প্রণালীত জাহাজৰ চলাচলত সামান্য পৰিমাণেও ব্যাহত হ'লে ইয়াৰ তেলৰ বজাৰত ব্যাপক প্ৰভাৱ পৰিব। কেৱল সিমানেই নহয়, সমগ্র বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। ভাৰতৰ দৰে আমদানি কৰা তেলৰ ওপৰত নিৰ্ভৰশীল দেশবোৰ আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।


উল্লেখযোগ্য যে ভাৰতে নিজৰ চাহিদাৰ ৮৫% খাৰুৱা তেল আমদানি কৰে। ইৰানে হর্মুজ প্রণালী বন্ধ কৰিলে ইয়াৰ প্ৰত্যক্ষ প্রভাৱ পৰিব ভাৰতত। দেশতো পেট্রল-ডিজেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে সাধাৰণ ৰাইজৰ বিত্তীয় বোজা অধিক বৃদ্ধি পাব। ইয়াৰ সমান্তৰালকৈ পৰিবহণ ব্যয়ো বৃদ্ধি পাব। ফলত মূল্য বৃদ্ধিৰো আশংকা কৰা হৈছে। আনহাতে, খাৰুৱা তেলৰ আমদানি ব্যাহত হ'লে দেশত পর্যাপ্ত পৰিমাণৰ ইন্ধন নোহোৱা হ'ব। ই বিদ্যুৎ উৎপাদনো প্ৰভাৱিত কৰিব পাৰে। ইফালে গ্ল'বেল ট্রেড বিছাৰ্চে প্রকাশ কৰা মতে, ইৰানত আমেৰিকাৰ আক্রমণে মধ্য প্রাচ্যৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। ই ভাৰতৰ বৈদেশিক বাণিজ্যতো প্রভাৱ পেলাব। গ্ল'বেল বিচাৰ্ছে কয় যে উত্তেজনা বৃদ্ধিয়ে ভাৰতৰ প্রায় ৩.৬ লাখ কোটি টকাৰ (৪১৭০ কোটি ডলাৰ) বাণিজ্যত প্ৰভাৱ পেলাব। ভাৰতৰ ৮৬০ কোটি ডলাৰৰ ৰপ্তানি আৰু ৩৩১০ কোটি ডলাৰৰ আমদানিত প্ৰভাৱ পেলাব। বিশেষজ্ঞসকলৰ মতে এই যুদ্ধই ইতিমধ্যে ভাৰতৰ ৰপ্তানিত প্ৰভাৱ পেলাইছেই।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ