--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ ৮৬০ কোটি ডলাৰৰ ৰপ্তানি আৰু ৩৩১০ কোটি ডলাৰৰ আমদানিত প্ৰভাৱ পেলাব

ডিজিটেল ডেস্কঃ ইৰানে হর্মুজ প্রণালী বন্ধ কৰি দিয়াৰ ভাবুকি দিছে। ইৰানে এইবুলি কয় যে দেশখনৰ পাৰমাণৱিক কেন্দ্ৰ তথা প্রকল্পসমূহত আমেৰিকাই ভৱিষ্যতে পুনৰ আক্ৰমণ কৰিলে হর্মুজ প্রণালীৰে যাতায়াত বন্ধ কৰি দিয়া হ'ব।


যদি হর্মুজ প্রণালীৰে জাহাজৰ চলাচল বন্ধ কৰি দিয়া হয় তেতিয়া ইয়াৰ প্ৰভাৱ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত পৰিব। ইয়াৰ ফলত খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ১২০ ডলাৰ বা তাতকৈ অধিক হোৱাই নহয়, বিশ্বত খাৰুৱা তেলৰ নাটনিৰো সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। হর্মুজ প্রণালী ইৰানৰ উত্তৰে আৰু সংযুক্ত আৰব এমিৰেট আৰু ওমানৰ দক্ষিণে। হর্মুজ প্রণালীৰে বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সৰবৰাহ হয়।


এই প্রণালীৰে বিশ্বৰ খাৰুৱা তেলৰ এক পঞ্চমাংশ আৰু তৰলীকৃত গেছৰ (চি এন জি) বৃহৎ অংশ সৰবৰাহ কৰা হয়। ভাৰতলৈ এই প্রণালীৰে খাৰুৱা তেলৰ এটা বৃহৎ অংশ আৰু এল এন জিৰ ৪০% আমদানি কৰা হয়। ইৰানী সংবাদ মাধ্যমে এইবুলি সতৰ্ক কৰি দিয়ে যে হর্মুজ জলচুক্তি ইৰানে বাতিল কৰিলে বিশ্বক খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৪০০ ডলাৰ পৰ্যন্ত হ'বগৈ পাৰে। এই প্রণালীৰে চীনলৈ প্রায় ৪৭% খাৰুৱা তেল সৰবৰাহ কৰা হয়। ইৰানো খাৰুৱা তেল ৰপ্তানিত এই জলপথৰ ওপৰতে নিৰ্ভৰশীল।


এই জলপথ বন্ধ হৈ পৰিলে ভাৰতকে ধৰি সমগ্র বিশ্বত খাৰুৱা তেলৰ যোগান হ্রাস পাব আৰু ইয়াৰ লগে লগে দামো বৃদ্ধি পাব। ফলত সমগ্র বিশ্ব মুদ্রাস্ফীতিৰ গ্ৰাসত পৰিব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিয়ে। আন্তঃৰাষ্ট্ৰীয় শক্তি এজেঞ্চিয়ে এইবুলি সতৰ্ক কৰি দিয়ে যে হর্মুজ প্রণালীত জাহাজৰ চলাচলত সামান্য পৰিমাণেও ব্যাহত হ'লে ইয়াৰ তেলৰ বজাৰত ব্যাপক প্ৰভাৱ পৰিব। কেৱল সিমানেই নহয়, সমগ্র বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। ভাৰতৰ দৰে আমদানি কৰা তেলৰ ওপৰত নিৰ্ভৰশীল দেশবোৰ আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।


উল্লেখযোগ্য যে ভাৰতে নিজৰ চাহিদাৰ ৮৫% খাৰুৱা তেল আমদানি কৰে। ইৰানে হর্মুজ প্রণালী বন্ধ কৰিলে ইয়াৰ প্ৰত্যক্ষ প্রভাৱ পৰিব ভাৰতত। দেশতো পেট্রল-ডিজেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে সাধাৰণ ৰাইজৰ বিত্তীয় বোজা অধিক বৃদ্ধি পাব। ইয়াৰ সমান্তৰালকৈ পৰিবহণ ব্যয়ো বৃদ্ধি পাব। ফলত মূল্য বৃদ্ধিৰো আশংকা কৰা হৈছে। আনহাতে, খাৰুৱা তেলৰ আমদানি ব্যাহত হ'লে দেশত পর্যাপ্ত পৰিমাণৰ ইন্ধন নোহোৱা হ'ব। ই বিদ্যুৎ উৎপাদনো প্ৰভাৱিত কৰিব পাৰে। ইফালে গ্ল'বেল ট্রেড বিছাৰ্চে প্রকাশ কৰা মতে, ইৰানত আমেৰিকাৰ আক্রমণে মধ্য প্রাচ্যৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। ই ভাৰতৰ বৈদেশিক বাণিজ্যতো প্রভাৱ পেলাব। গ্ল'বেল বিচাৰ্ছে কয় যে উত্তেজনা বৃদ্ধিয়ে ভাৰতৰ প্রায় ৩.৬ লাখ কোটি টকাৰ (৪১৭০ কোটি ডলাৰ) বাণিজ্যত প্ৰভাৱ পেলাব। ভাৰতৰ ৮৬০ কোটি ডলাৰৰ ৰপ্তানি আৰু ৩৩১০ কোটি ডলাৰৰ আমদানিত প্ৰভাৱ পেলাব। বিশেষজ্ঞসকলৰ মতে এই যুদ্ধই ইতিমধ্যে ভাৰতৰ ৰপ্তানিত প্ৰভাৱ পেলাইছেই।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু