--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাই ভাৰতত ভ্ৰমণৰ সময়ত বিশেষভাৱে সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

ডিজিটেল ডেস্ক : ভাৰতত ভ্ৰমণ কৰিবলৈ অহা আমেৰিকাৰ নাগৰিকসকলৰ প্রতি দেশখনে সতর্কতা জাৰি কৰিছে। ভাৰতত ভ্ৰমণৰ সময়ত বিশেষভাৱে সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আমেৰিকাৰ বিদেশ বিভাগে জাৰি কৰা সতৰ্কবাণীত এই বুলি কোৱা হৈছে যে ভাৰতত অপৰাধ আৰু সন্ত্রাসবাদীৰ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে।


আনহাতে, মহিলাসকলৰ প্ৰতি হিংসা তথা বলাৎকাৰৰ দৰে ঘটনা বৃদ্ধি পাইছে। এনে অৱস্থাত ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ মহিলাসকলে অকলে যাব নালাগে আৰু নিজৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে। আমেৰিকাৰ বিদেশ বিভাগে জাৰি কৰা ভ্ৰমণৰ লেভেল-২ সতর্কবাণীত কোৱা হৈছে যে ভাৰতত বলাৎকাৰ অন্যতম দ্রুত গতিত বৃদ্ধি পোৱা অপৰাধ। পর্যটনস্থলী আৰু ৰাজহুবা স্থানত যৌন উৎপীড়নৰ ঘটনা প্রায়ে ঘটে।


আনহাতে সন্ত্রাসবাদীয়েও পর্যটন কেন্দ্ৰসমূহ, পৰিবহণ কেন্দ্ৰ, বজাৰ-শ্বপিং মল, চৰকাৰী স্থানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াত ভাৰতৰ কেইবাখনো ৰাজ্যৰ নাম উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ভাৰতৰ গ্রামাঞ্চলত আমেৰিকাৰ নাগৰিকক জৰুৰী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত দেশখনৰ ক্ষমতা সীমিত। সতর্কবাণীত বিহাৰ, ঝাৰখণ্ড, ছট্টিশগড়, পশ্চিম বংগ, মেঘালয় আৰু ওড়িশাৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতত কাম কৰি থকা আমেৰিকাৰ কৰ্মচাৰীয়েও এই ৰাজ্যকেইখনত ভ্ৰমণৰ কাৰণে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন হ'ব। আনহাতে জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত, মধ্য আৰু পূব ভাৰতৰ একাংশত ভ্রমণত কৰোঁতে অতিৰিক্ত সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মণিপুৰৰ কথা বিশেষভাৱে উল্লেখ কৰে। ইয়াত উল্লেখ কৰা মতে, আমেৰিকাৰ নাগৰিকক ছেটেলাইট ফ'ন আৰু জি পি এছ সঁজুলি লগত নাৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।


সতর্কবাণীটোত কোৱা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলত স্থানীয় উগ্রপন্থী গোটসমূহে প্রায়ে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে। ইয়াৰ ভিতৰত বাছ, ৰে'ল, ৰে'লপথ আৰু বজাৰত প্ৰায়ে বোমা বিস্ফোৰণ কৰে। অৱশ্যে অসম, নগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম, চিকিম আৰু ত্ৰিপুৰাত শেহতীয়াকৈ এনে ঘটনা ঘটাৰ বাতৰি পোৱা নাই। উল্লেখযোগ্য যে আমেৰিকাই দেশখনৰ নাগৰিকসকলৰ কৈ বাবে জাৰি কৰা এই সতর্কবাণীয়ে বিশ্বত ভাৰতৰ আইন-শৃংখলা পৰিস্থিতিক লৈ এক বেয়া প্রতিচ্ছবিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ইয়াত উল্লেখ কৰা ধৰণেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উল্লেখ কৰা ধৰণেৰে উগ্রপন্থীয়ে আক্ৰমণ কৰাৰ ঘটনাও সঘনে ঘটি নাথাকে।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি