--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাই ভাৰতত ভ্ৰমণৰ সময়ত বিশেষভাৱে সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

ডিজিটেল ডেস্ক : ভাৰতত ভ্ৰমণ কৰিবলৈ অহা আমেৰিকাৰ নাগৰিকসকলৰ প্রতি দেশখনে সতর্কতা জাৰি কৰিছে। ভাৰতত ভ্ৰমণৰ সময়ত বিশেষভাৱে সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আমেৰিকাৰ বিদেশ বিভাগে জাৰি কৰা সতৰ্কবাণীত এই বুলি কোৱা হৈছে যে ভাৰতত অপৰাধ আৰু সন্ত্রাসবাদীৰ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে।


আনহাতে, মহিলাসকলৰ প্ৰতি হিংসা তথা বলাৎকাৰৰ দৰে ঘটনা বৃদ্ধি পাইছে। এনে অৱস্থাত ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ মহিলাসকলে অকলে যাব নালাগে আৰু নিজৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে। আমেৰিকাৰ বিদেশ বিভাগে জাৰি কৰা ভ্ৰমণৰ লেভেল-২ সতর্কবাণীত কোৱা হৈছে যে ভাৰতত বলাৎকাৰ অন্যতম দ্রুত গতিত বৃদ্ধি পোৱা অপৰাধ। পর্যটনস্থলী আৰু ৰাজহুবা স্থানত যৌন উৎপীড়নৰ ঘটনা প্রায়ে ঘটে।


আনহাতে সন্ত্রাসবাদীয়েও পর্যটন কেন্দ্ৰসমূহ, পৰিবহণ কেন্দ্ৰ, বজাৰ-শ্বপিং মল, চৰকাৰী স্থানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াত ভাৰতৰ কেইবাখনো ৰাজ্যৰ নাম উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ভাৰতৰ গ্রামাঞ্চলত আমেৰিকাৰ নাগৰিকক জৰুৰী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত দেশখনৰ ক্ষমতা সীমিত। সতর্কবাণীত বিহাৰ, ঝাৰখণ্ড, ছট্টিশগড়, পশ্চিম বংগ, মেঘালয় আৰু ওড়িশাৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতত কাম কৰি থকা আমেৰিকাৰ কৰ্মচাৰীয়েও এই ৰাজ্যকেইখনত ভ্ৰমণৰ কাৰণে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন হ'ব। আনহাতে জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত, মধ্য আৰু পূব ভাৰতৰ একাংশত ভ্রমণত কৰোঁতে অতিৰিক্ত সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মণিপুৰৰ কথা বিশেষভাৱে উল্লেখ কৰে। ইয়াত উল্লেখ কৰা মতে, আমেৰিকাৰ নাগৰিকক ছেটেলাইট ফ'ন আৰু জি পি এছ সঁজুলি লগত নাৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।


সতর্কবাণীটোত কোৱা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলত স্থানীয় উগ্রপন্থী গোটসমূহে প্রায়ে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে। ইয়াৰ ভিতৰত বাছ, ৰে'ল, ৰে'লপথ আৰু বজাৰত প্ৰায়ে বোমা বিস্ফোৰণ কৰে। অৱশ্যে অসম, নগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম, চিকিম আৰু ত্ৰিপুৰাত শেহতীয়াকৈ এনে ঘটনা ঘটাৰ বাতৰি পোৱা নাই। উল্লেখযোগ্য যে আমেৰিকাই দেশখনৰ নাগৰিকসকলৰ কৈ বাবে জাৰি কৰা এই সতর্কবাণীয়ে বিশ্বত ভাৰতৰ আইন-শৃংখলা পৰিস্থিতিক লৈ এক বেয়া প্রতিচ্ছবিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ইয়াত উল্লেখ কৰা ধৰণেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উল্লেখ কৰা ধৰণেৰে উগ্রপন্থীয়ে আক্ৰমণ কৰাৰ ঘটনাও সঘনে ঘটি নাথাকে।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ