--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যুদ্ধ-বিৰতিৰ মাজতে লেবাননত ইজৰাইলে কৰা মাৰাত্মক আক্রমণেও যুদ্ধ-বিৰতিলৈ নমাই আনিছে ভাবুকি।

ডিজিটেল ডেস্ক : ইৰান-আমেৰিকাৰ মাজত হোৱা যুদ্ধ-বিৰতি তথা পাকিস্তানত প্ৰস্তাৱিত আলোচনাই বিশ্বজুৰি আশাৰ সঞ্চাৰ কৰাৰ সময়তে বাস্তৱত এই যুদ্ধ-বিৰতি আৰু আলোচনাৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছে।


যুদ্ধ-বিৰতিৰ মাজতে লেবাননত ইজৰাইলে কৰা মাৰাত্মক আক্রমণেও যুদ্ধ-বিৰতিলৈ নমাই আনিছে ভাবুকি। ইৰান আৰু আমেৰিকাৰ মাজত ঘোষণা কৰা দুসপ্তাহৰ যুদ্ধ-বিৰতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড 'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে ইৰানৰ বিৰুদ্ধে নতুন সকীয়নি প্ৰেৰণ কৰে। 


ট্রুথ ছ'চিয়েলত ট্রাম্পে কয় যে দুয়োখন দেশে চূড়ান্ত চুক্তিত উপনীত হোৱালৈ ইৰানত আৰু ইৰানৰ চাৰিওকাষে আমেৰিকাৰ সামৰিক বাহিনী থাকিব। ট্রাম্পে কয়, 'প্রকৃত চুক্তি নোহোৱালৈকে, ইতিমধ্যে যথেষ্ট পৰিমাণে ভাগি পৰা শত্ৰুৰ বিৰুদ্ধে মাৰাত্মক কাৰ্যব্যৱস্থা আৰু ধ্বংসৰ বাবে সঠিক আৰু প্ৰয়োজনীয় অতিৰিক্ত অস্ত্র-শস্ত্ৰৰ সৈতে আমেৰিকাৰ সকলো জাহাজ, বিমান আৰু সেনা জোৱান ইৰানত আৰু ইৰানৰ চাৰিকাষে নির্দিষ্ট স্থানত থাকিব।' ইফালে যুদ্ধ অন্ত পেলাবলৈ চলি থকা প্রচেষ্টাত সন্দেহৰ আৱৰ্তলৈ আনিছে ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে। তেওঁ কয় যে ইৰানৰ মূল চৰ্তবোৰৰ উলংঘনৰ পাছত আমেৰিকাৰ সৈতে যুদ্ধ-বিৰতি আৰু আলোচনা 'অযুক্তিকৰ।' 


এটা বিবৃতিত গালিবাফে অভিযোগ কৰে যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰানে দাখিল কৰা ১০ দফীয়া প্ৰস্তাৱৰ তিনিটা মূল প্ৰস্তাৱ আমেৰিকাই উলংঘা কৰিছে। লেবাননৰ বিৰুদ্ধে ইজৰাইলে আক্ৰমণ অব্যাহত ৰখা, যুদ্ধ-বিৰতি বলবৎ হোৱাৰ পাছত ইৰানৰ আকাশমাৰ্গত ড্ৰ'নৰ প্ৰৱেশ তথা ইৰানৰ ইউৰেনিয়াম সমৃদ্ধকৰণ প্ৰস্তাৱ আমেৰিকাই নাকচ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, 'আমেৰিকাৰ সৈতে যুদ্ধ-বিৰতি আৰু আলোচনা অযুক্তিকৰ।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু