--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যুদ্ধ-বিৰতিৰ মাজতে লেবাননত ইজৰাইলে কৰা মাৰাত্মক আক্রমণেও যুদ্ধ-বিৰতিলৈ নমাই আনিছে ভাবুকি।

ডিজিটেল ডেস্ক : ইৰান-আমেৰিকাৰ মাজত হোৱা যুদ্ধ-বিৰতি তথা পাকিস্তানত প্ৰস্তাৱিত আলোচনাই বিশ্বজুৰি আশাৰ সঞ্চাৰ কৰাৰ সময়তে বাস্তৱত এই যুদ্ধ-বিৰতি আৰু আলোচনাৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছে।


যুদ্ধ-বিৰতিৰ মাজতে লেবাননত ইজৰাইলে কৰা মাৰাত্মক আক্রমণেও যুদ্ধ-বিৰতিলৈ নমাই আনিছে ভাবুকি। ইৰান আৰু আমেৰিকাৰ মাজত ঘোষণা কৰা দুসপ্তাহৰ যুদ্ধ-বিৰতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড 'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে ইৰানৰ বিৰুদ্ধে নতুন সকীয়নি প্ৰেৰণ কৰে। 


ট্রুথ ছ'চিয়েলত ট্রাম্পে কয় যে দুয়োখন দেশে চূড়ান্ত চুক্তিত উপনীত হোৱালৈ ইৰানত আৰু ইৰানৰ চাৰিওকাষে আমেৰিকাৰ সামৰিক বাহিনী থাকিব। ট্রাম্পে কয়, 'প্রকৃত চুক্তি নোহোৱালৈকে, ইতিমধ্যে যথেষ্ট পৰিমাণে ভাগি পৰা শত্ৰুৰ বিৰুদ্ধে মাৰাত্মক কাৰ্যব্যৱস্থা আৰু ধ্বংসৰ বাবে সঠিক আৰু প্ৰয়োজনীয় অতিৰিক্ত অস্ত্র-শস্ত্ৰৰ সৈতে আমেৰিকাৰ সকলো জাহাজ, বিমান আৰু সেনা জোৱান ইৰানত আৰু ইৰানৰ চাৰিকাষে নির্দিষ্ট স্থানত থাকিব।' ইফালে যুদ্ধ অন্ত পেলাবলৈ চলি থকা প্রচেষ্টাত সন্দেহৰ আৱৰ্তলৈ আনিছে ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে। তেওঁ কয় যে ইৰানৰ মূল চৰ্তবোৰৰ উলংঘনৰ পাছত আমেৰিকাৰ সৈতে যুদ্ধ-বিৰতি আৰু আলোচনা 'অযুক্তিকৰ।' 


এটা বিবৃতিত গালিবাফে অভিযোগ কৰে যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰানে দাখিল কৰা ১০ দফীয়া প্ৰস্তাৱৰ তিনিটা মূল প্ৰস্তাৱ আমেৰিকাই উলংঘা কৰিছে। লেবাননৰ বিৰুদ্ধে ইজৰাইলে আক্ৰমণ অব্যাহত ৰখা, যুদ্ধ-বিৰতি বলবৎ হোৱাৰ পাছত ইৰানৰ আকাশমাৰ্গত ড্ৰ'নৰ প্ৰৱেশ তথা ইৰানৰ ইউৰেনিয়াম সমৃদ্ধকৰণ প্ৰস্তাৱ আমেৰিকাই নাকচ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, 'আমেৰিকাৰ সৈতে যুদ্ধ-বিৰতি আৰু আলোচনা অযুক্তিকৰ।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ