--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় সময়মতে সোমবাৰে নিশা ৩-৩০ বজাত ট্রাম্পে ছ'চিয়েল মিডিয়া প্লেটফর্মত অপ্রত্যাশিতভাৱে এই ঘোষণা কৰে। তেওঁৰ এই ঘোষণাই সমগ্র বিশ্বত স্বস্তিৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক : ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা ১২ দিনীয়া যুদ্ধৰ অৱসান ঘটাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দুয়োখন দেশৰ মাজত যুদ্ধ-বিৰতি হোৱা বুলি ঘোষণা কৰে।


ভাৰতীয় সময়মতে সোমবাৰে নিশা ৩-৩০ বজাত ট্রাম্পে ছ'চিয়েল মিডিয়া প্লেটফর্মত অপ্রত্যাশিতভাৱে এই ঘোষণা কৰে। তেওঁৰ এই ঘোষণাই সমগ্র বিশ্বত স্বস্তিৰ সৃষ্টি কৰে।


ট্রাম্পে ট্রুথত কয়, 'সকলোকে অভিনন্দন! ১২ ঘণ্টাৰ ভিতৰত যুদ্ধ-বিৰতিৰ বাবে ইজৰাইল আৰু ইৰান সম্পূৰ্ণৰূপে সম্মত হৈছে (এতিয়াৰ পাৰ ছয় ঘণ্টাৰ ভিতৰত দুয়োখন দেশে নিজৰ অন্তিম অভিযানৰ সামৰণি মাৰিব) আৰু এই যুদ্ধৰ যৱনিকা পৰা বুলি ধৰি লোৱা হ'ব।' আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে লগতে কয় যে আনুষ্ঠানিকভাৱে দুয়োখন দেশৰ মাজত ১২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ যুদ্ধ-বিৰতি কাৰ্যকৰী হ'ব। প্রথম ১২ ঘণ্টাত ইৰানে অভিযান বন্ধ কৰিব আৰু তাৰ পাছৰ ১২ ঘণ্টাত ইজৰাইলে অভিযানৰ সামৰণি মাৰিব। তেওঁ কয় যে যুদ্ধ-বিৰতিৰ সময়ত প্ৰতিটো পক্ষ সম্মানজনক আৰু শান্তিপূর্ণ হৈ থাকিব। তেওঁ কয়, 'এই ধাৰণাৰে দুয়োপক্ষই যি কৰিব লাগে তেনে ধৰণৰ কাম কৰিব যাব। মই ইৰান আৰু ইজৰাইলক তেওঁলোকৰ সহনশক্তি, সাহস আৰু বুদ্ধিমত্তাৰ বাবে অভিনন্দন জনাবলৈ বিচাৰোঁ। ই এনেকুৱা এখন যুদ্ধ, যি সমগ্র কেইবাবছৰো ধৰি চলিলেহেঁতেন আৰু সমগ্র মধ্য প্রাচ্যক ধ্বংস কৰিলেহেঁতেন, কিন্তু সেয়া নহ'ল আৰু ভৱিষ্যতেও কেতিয়াও নহয়।'


ট্রাম্পে ইয়াৰ পাছত পুৱা ১০-৩৮ বজাত সামাজিক মাধ্যমত দিয়া আন এটা প'ষ্টত কয়, 'এতিয়াৰ পৰা যুদ্ধ-বিৰতি কাৰ্যকৰী হৈছে।' যুদ্ধ-বিৰতি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছত ট্রাম্পে কয়, 'ইজৰাইল আৰু ইৰান প্রায় একে সময়তে মোৰ ওচৰলৈ আহে আৰু তেওঁলোকে শান্তি বিচাৰে বুলি কয়। তেতিয়া মই অনুভৱ কৰিলোঁ যে এতিয়া সময় হৈছে। বিশ্ব আৰু পশ্চিম এছিয়া প্রকৃত বিজয়ী। দুয়োখন দেশে ভৱিষ্যতে প্রেম, শান্তি আৰু সমৃদ্ধিৰ প্ৰতি চকু দিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু