--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় সময়মতে সোমবাৰে নিশা ৩-৩০ বজাত ট্রাম্পে ছ'চিয়েল মিডিয়া প্লেটফর্মত অপ্রত্যাশিতভাৱে এই ঘোষণা কৰে। তেওঁৰ এই ঘোষণাই সমগ্র বিশ্বত স্বস্তিৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক : ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা ১২ দিনীয়া যুদ্ধৰ অৱসান ঘটাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দুয়োখন দেশৰ মাজত যুদ্ধ-বিৰতি হোৱা বুলি ঘোষণা কৰে।


ভাৰতীয় সময়মতে সোমবাৰে নিশা ৩-৩০ বজাত ট্রাম্পে ছ'চিয়েল মিডিয়া প্লেটফর্মত অপ্রত্যাশিতভাৱে এই ঘোষণা কৰে। তেওঁৰ এই ঘোষণাই সমগ্র বিশ্বত স্বস্তিৰ সৃষ্টি কৰে।


ট্রাম্পে ট্রুথত কয়, 'সকলোকে অভিনন্দন! ১২ ঘণ্টাৰ ভিতৰত যুদ্ধ-বিৰতিৰ বাবে ইজৰাইল আৰু ইৰান সম্পূৰ্ণৰূপে সম্মত হৈছে (এতিয়াৰ পাৰ ছয় ঘণ্টাৰ ভিতৰত দুয়োখন দেশে নিজৰ অন্তিম অভিযানৰ সামৰণি মাৰিব) আৰু এই যুদ্ধৰ যৱনিকা পৰা বুলি ধৰি লোৱা হ'ব।' আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে লগতে কয় যে আনুষ্ঠানিকভাৱে দুয়োখন দেশৰ মাজত ১২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ যুদ্ধ-বিৰতি কাৰ্যকৰী হ'ব। প্রথম ১২ ঘণ্টাত ইৰানে অভিযান বন্ধ কৰিব আৰু তাৰ পাছৰ ১২ ঘণ্টাত ইজৰাইলে অভিযানৰ সামৰণি মাৰিব। তেওঁ কয় যে যুদ্ধ-বিৰতিৰ সময়ত প্ৰতিটো পক্ষ সম্মানজনক আৰু শান্তিপূর্ণ হৈ থাকিব। তেওঁ কয়, 'এই ধাৰণাৰে দুয়োপক্ষই যি কৰিব লাগে তেনে ধৰণৰ কাম কৰিব যাব। মই ইৰান আৰু ইজৰাইলক তেওঁলোকৰ সহনশক্তি, সাহস আৰু বুদ্ধিমত্তাৰ বাবে অভিনন্দন জনাবলৈ বিচাৰোঁ। ই এনেকুৱা এখন যুদ্ধ, যি সমগ্র কেইবাবছৰো ধৰি চলিলেহেঁতেন আৰু সমগ্র মধ্য প্রাচ্যক ধ্বংস কৰিলেহেঁতেন, কিন্তু সেয়া নহ'ল আৰু ভৱিষ্যতেও কেতিয়াও নহয়।'


ট্রাম্পে ইয়াৰ পাছত পুৱা ১০-৩৮ বজাত সামাজিক মাধ্যমত দিয়া আন এটা প'ষ্টত কয়, 'এতিয়াৰ পৰা যুদ্ধ-বিৰতি কাৰ্যকৰী হৈছে।' যুদ্ধ-বিৰতি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছত ট্রাম্পে কয়, 'ইজৰাইল আৰু ইৰান প্রায় একে সময়তে মোৰ ওচৰলৈ আহে আৰু তেওঁলোকে শান্তি বিচাৰে বুলি কয়। তেতিয়া মই অনুভৱ কৰিলোঁ যে এতিয়া সময় হৈছে। বিশ্ব আৰু পশ্চিম এছিয়া প্রকৃত বিজয়ী। দুয়োখন দেশে ভৱিষ্যতে প্রেম, শান্তি আৰু সমৃদ্ধিৰ প্ৰতি চকু দিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ