--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউ এন এছ ডিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ চুবুৰীয়া দেশ ভুটানে ৭০
  • ৫ পইন্ট লাভ কৰি তালিকাত ৭৪সংখ্যক স্থান, নেপালে ৬৮
  • ৬ পইন্ট লাভ কৰি ৮৫ স্থান, বাংলাদেশে ৬৩
  • ৯ পইন্ট লাভ কৰি ১১৪ স্থান আৰু ৫৭ পইন্ট লাভ কৰি পাকিস্তানে ১৪০সংখ্যক স্থান লাভ কৰে।

ডিজিটেল ডেস্ক : বহনক্ষম উন্নয়নৰ লক্ষ্যত (এছ ডি জি) অগ্ৰসৰ হোৱা বিশ্বৰ শীর্ষ ১০০ খন দেশৰ মাজত স্থান লাভ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ ছাছটেইনেবল ডেভেলপমেন্ট ছলিউশ্যন নেটৱৰ্কৰ প্রতিবেদনত (এছ ডি আৰ) ভাৰতে প্ৰথমবাৰৰ বাবে ৬৭ পইন্ট লাভ কৰি ২০২৫ এছ ডি জি সূচকত ৯৯সংখ্যক স্থান লাভ কৰিছে।


মঙলবাৰে প্ৰকাশ কৰা ইউ এন এছ ডিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ চুবুৰীয়া দেশ ভুটানে ৭০.৫ পইন্ট লাভ কৰি তালিকাত ৭৪সংখ্যক স্থান, নেপালে ৬৮.৬ পইন্ট লাভ কৰি ৮৫ স্থান, বাংলাদেশে ৬৩.৯ পইন্ট লাভ কৰি ১১৪ স্থান আৰু ৫৭ পইন্ট লাভ কৰি পাকিস্তানে ১৪০সংখ্যক স্থান লাভ কৰে। আনহাতে, ৭৫.২ পইন্ট লাভ কৰি আমেৰিকাই ৪৪ সংখ্যক স্থান আৰু ৭৪.৪ পইন্ট লাভ কৰি চীনে তালিকাত ৪৯সংখ্যক স্থান লাভ কৰে।


ভাৰতৰ সামুদ্রিক চুবুৰীয়া দেশ মালদ্বীপ আৰু শ্রীলংকাই তালিকাত ক্রমান্বয়ে ৫৩ আৰু ৯৩সংখ্যক স্থান লাভকৰে। প্ৰতিবেদনখনৰ প্ৰস্তুতকৰ্তাসকলে কয় যে ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ দেশসমূহে নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ ১৭টা লক্ষ্যৰ কেৱল ১৭শতাংশইহে ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়ন প্রাপ্তিত উপনীত হ'ব পাৰিব। বিশ্ব স্তৰত নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ গতি মন্থৰ হৈ পৰিছে।


প্রতিবেদনখনৰ মুখ্য লেখক বিশ্ব প্রসিদ্ধ অর্থনীতিবিদ জেফৰীয়ে কয় যে সমগ্র বিশ্বত চলি থকা ভূ-ৰাজনৈতিক উত্তেজনা, সংঘর্ষ আৰু সীমিত বিত্তীয় সুবিধাই বিশ্বৰ বিভিন্ন প্রান্তত এছ ডি জিৰ বিকাশত বাধাৰ সৃষ্টি হৈছে। আনহাতে, নর্ডিক দেশসমূহ, বিশেষকৈ উত্তৰ ইউৰোপীয় দেশসমূহে এছ ডি জি সূচকত শীৰ্ষৰ স্থান বাহাল ৰাখিছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশে অগ্রগতিৰ তালিকাত ফিনলেণ্ডে প্রথম, ছুইডেনে দ্বিতীয় আৰু ডেনমার্কে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তালিকাৰ শীৰ্ষৰ ২০খন দেশৰ ভিতৰত ১৯খনেই ইউৰোপীয় দেশ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু