--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউ এন এছ ডিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ চুবুৰীয়া দেশ ভুটানে ৭০
  • ৫ পইন্ট লাভ কৰি তালিকাত ৭৪সংখ্যক স্থান, নেপালে ৬৮
  • ৬ পইন্ট লাভ কৰি ৮৫ স্থান, বাংলাদেশে ৬৩
  • ৯ পইন্ট লাভ কৰি ১১৪ স্থান আৰু ৫৭ পইন্ট লাভ কৰি পাকিস্তানে ১৪০সংখ্যক স্থান লাভ কৰে।

ডিজিটেল ডেস্ক : বহনক্ষম উন্নয়নৰ লক্ষ্যত (এছ ডি জি) অগ্ৰসৰ হোৱা বিশ্বৰ শীর্ষ ১০০ খন দেশৰ মাজত স্থান লাভ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ ছাছটেইনেবল ডেভেলপমেন্ট ছলিউশ্যন নেটৱৰ্কৰ প্রতিবেদনত (এছ ডি আৰ) ভাৰতে প্ৰথমবাৰৰ বাবে ৬৭ পইন্ট লাভ কৰি ২০২৫ এছ ডি জি সূচকত ৯৯সংখ্যক স্থান লাভ কৰিছে।


মঙলবাৰে প্ৰকাশ কৰা ইউ এন এছ ডিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ চুবুৰীয়া দেশ ভুটানে ৭০.৫ পইন্ট লাভ কৰি তালিকাত ৭৪সংখ্যক স্থান, নেপালে ৬৮.৬ পইন্ট লাভ কৰি ৮৫ স্থান, বাংলাদেশে ৬৩.৯ পইন্ট লাভ কৰি ১১৪ স্থান আৰু ৫৭ পইন্ট লাভ কৰি পাকিস্তানে ১৪০সংখ্যক স্থান লাভ কৰে। আনহাতে, ৭৫.২ পইন্ট লাভ কৰি আমেৰিকাই ৪৪ সংখ্যক স্থান আৰু ৭৪.৪ পইন্ট লাভ কৰি চীনে তালিকাত ৪৯সংখ্যক স্থান লাভ কৰে।


ভাৰতৰ সামুদ্রিক চুবুৰীয়া দেশ মালদ্বীপ আৰু শ্রীলংকাই তালিকাত ক্রমান্বয়ে ৫৩ আৰু ৯৩সংখ্যক স্থান লাভকৰে। প্ৰতিবেদনখনৰ প্ৰস্তুতকৰ্তাসকলে কয় যে ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ দেশসমূহে নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ ১৭টা লক্ষ্যৰ কেৱল ১৭শতাংশইহে ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়ন প্রাপ্তিত উপনীত হ'ব পাৰিব। বিশ্ব স্তৰত নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ গতি মন্থৰ হৈ পৰিছে।


প্রতিবেদনখনৰ মুখ্য লেখক বিশ্ব প্রসিদ্ধ অর্থনীতিবিদ জেফৰীয়ে কয় যে সমগ্র বিশ্বত চলি থকা ভূ-ৰাজনৈতিক উত্তেজনা, সংঘর্ষ আৰু সীমিত বিত্তীয় সুবিধাই বিশ্বৰ বিভিন্ন প্রান্তত এছ ডি জিৰ বিকাশত বাধাৰ সৃষ্টি হৈছে। আনহাতে, নর্ডিক দেশসমূহ, বিশেষকৈ উত্তৰ ইউৰোপীয় দেশসমূহে এছ ডি জি সূচকত শীৰ্ষৰ স্থান বাহাল ৰাখিছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশে অগ্রগতিৰ তালিকাত ফিনলেণ্ডে প্রথম, ছুইডেনে দ্বিতীয় আৰু ডেনমার্কে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তালিকাৰ শীৰ্ষৰ ২০খন দেশৰ ভিতৰত ১৯খনেই ইউৰোপীয় দেশ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ