--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্ৰেপ্তাৰ হোৱাসকলৰ বেছিভাগেই কিশোৰ। গাজিয়াবাদৰ কৌশম্বী আৰক্ষীয়ে প্রথমে এই চক্ৰটোৰ তথ্য লাভ কৰে।

ডিজিটেল ডেস্ক :পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এটা বৃহৎ চোৰাংচোৱা নেটৱৰ্ক উত্তৰ প্রদেশ আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে ইতিমধ্যে চোৰাংচোৱাগিৰিত জড়িত ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। 


গ্ৰেপ্তাৰ হোৱাসকলৰ বেছিভাগেই কিশোৰ। গাজিয়াবাদৰ কৌশম্বী আৰক্ষীয়ে প্রথমে এই চক্ৰটোৰ তথ্য লাভ কৰে। আৰক্ষীয়ে প্রথমে কিছুসংখ্যক কিশোৰ আৰু যুৱকে সন্দেহজনক কাম-কাজ কৰি থকাৰ কথা ধৰা পেলায়। পৰৱৰ্তী সময়ত অভিযান চলাই এয়া যে এক সংগঠিত অপৰাধ সেয়া নিশ্চিত কৰে। 


আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ ভোভাপুৰৰ একাংশ যুৱক আৰু কিশোৰে ৰে'ল ষ্টেছন, সামৰিক শিবিৰ আদিৰ ফটো লোৱা তেওঁলোকে লক্ষ্য কৰি আহিছিল। সন্দেহ বশতঃ আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকৰ ম'বাইল ফ'নৰ বিভিন্ন তথ্যই এটা ডাঙৰ ষড়যন্ত্ৰৰ উমান দিয়ে। আৰক্ষীয়ে লোককেইজনৰ ফ'নৰ গেলেৰীত বিভিন্ন সেনা শিবিৰৰ ফটো-ভিডিঅ', ৰে'ল ষ্টেছনৰ ফটো আদি লাভ কৰে আৰু এইবোৰ পাকিস্তানলৈ প্ৰেৰণৰ তথ্য লাভকৰে। পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ক্রাইম ব্রাঞ্চ, চাইবাৰ ক্রাইম, চোৰাংচোৱা, আৰক্ষী আদিৰ বিষয়াৰে বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰি তদন্ত আৰম্ভ কৰে। 


এছ আই টিয়ে তদন্ত চলাই সোমবাৰ পৰ্যন্ত এই চক্ৰৰে জড়িত ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানলৈ ভাৰতৰ গোপন তথ্য প্ৰেৰণৰ বাবে এই কিশোৰ আৰু যুৱকসকলক ব্যৱহাৰ কৰি অহা হৈছে। পাকিস্তানৰ এটা চক্রই একোটা এনে কামৰ বিনিময়ত এজন যুৱক-কিশোৰক ৫ৰ পৰা ২০ হাজাৰ টকা পর্যন্ত প্রদান কৰে। এই গ্ৰেপ্তাৰ হোৱাসকলৰ কেইবাজনেও ইতিমধ্যে জম্মু আৰু কাশ্মীৰৰ পুলৱামাও ভ্ৰমণ কৰিছে। পাকিস্তানে কাশ্মীৰত পুলৱামাৰ দৰেই এটা বৃহৎ আক্ৰমণৰ প্ৰস্তুতি কৰা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ