--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে।

ডিজিটেল ডেস্ক: অৱশেষত আহিল সেই খবৰটো। পানীত ডুবি স্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই চূড়ান্ত ৰায়দান দিলে ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতে৷ 


ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতত কয় যে ‘‘আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ।’’ হত্যাৰ কোনো তথ্য প্ৰমাণ পোৱা নাই ক’ৰনাৰ্ছ আদালতে। 


এই শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা।


জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে। কেইবাটাও শুনানিৰৰ অন্তত আজি এই ৰায় দিয়ে ছিংগাপুৰৰ ক’ৰনাৰ্ছ ক’র্টে। 


জুবিনৰ মৃত্যুত ষড়যন্ত্ৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ছিংগাপুৰৰ ক’ষ্টগাৰ্ডৰ তথ্যক সমৰ্থন ছিংগাপুৰৰ আদালতৰ। পানীত থকাসকলে ইচ্ছাকৃতভাৱে জুবিনক মৃত্যুমুখলৈ ঠেলি দিয়া নাছিল বুলি ৰায়ত উল্লেখ কৰে। 


২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। এই আঘাত এতিয়াও পাহৰিব পৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতেই ৰাইজৰ মন বিক্ষিপ্ত হৈ পৰে। জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত জোৰদাৰ প্ৰতিবাদ আৰম্ভ হয়, সেই প্ৰতিবাদ এতিয়াও অব্যাহত আছে।


অসম আৰক্ষীৰ SITএ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ইফালে ফাৰ্ষ্টটেক আদালত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ