--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে।

ডিজিটেল ডেস্ক: অৱশেষত আহিল সেই খবৰটো। পানীত ডুবি স্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই চূড়ান্ত ৰায়দান দিলে ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতে৷ 


ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতত কয় যে ‘‘আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ।’’ হত্যাৰ কোনো তথ্য প্ৰমাণ পোৱা নাই ক’ৰনাৰ্ছ আদালতে। 


এই শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা।


জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে। কেইবাটাও শুনানিৰৰ অন্তত আজি এই ৰায় দিয়ে ছিংগাপুৰৰ ক’ৰনাৰ্ছ ক’র্টে। 


জুবিনৰ মৃত্যুত ষড়যন্ত্ৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ছিংগাপুৰৰ ক’ষ্টগাৰ্ডৰ তথ্যক সমৰ্থন ছিংগাপুৰৰ আদালতৰ। পানীত থকাসকলে ইচ্ছাকৃতভাৱে জুবিনক মৃত্যুমুখলৈ ঠেলি দিয়া নাছিল বুলি ৰায়ত উল্লেখ কৰে। 


২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। এই আঘাত এতিয়াও পাহৰিব পৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতেই ৰাইজৰ মন বিক্ষিপ্ত হৈ পৰে। জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত জোৰদাৰ প্ৰতিবাদ আৰম্ভ হয়, সেই প্ৰতিবাদ এতিয়াও অব্যাহত আছে।


অসম আৰক্ষীৰ SITএ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ইফালে ফাৰ্ষ্টটেক আদালত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু