--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • UNICEF ৰ শেহতীয়া তথ্য অনুসৰি, এই সংঘৰ্ষত বৰ্তমানলৈকে ২,১০০তকৈও অধিক শিশু নিহত বা গুৰুতৰভাৱে আহত হৈছে।

ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যত চলি থকা ভয়াবহ সামৰিক সংঘৰ্ষই অঞ্চলটোৰ শিশুসকলৰ জীৱনলৈ চৰম সংকট নমাই আনিছে।


UNICEF ৰ শেহতীয়া তথ্য অনুসৰি, এই সংঘৰ্ষত বৰ্তমানলৈকে ২,১০০তকৈও অধিক শিশু নিহত বা গুৰুতৰভাৱে আহত হৈছে। ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক টেড চাইবানে নিউয়ৰ্কত সংবাদ মাধ্যমৰ আগত এই উদ্বেগজনক পৰিস্থিতিৰ কথা সদৰী কৰে।



বিগত ২৩ দিন ধৰি চলা এই যুদ্ধই শিশুসকলৰ ওপৰত কিদৰে বিৰূপ প্ৰভাৱ পেলাইছে, সেই কথা উল্লেখ কৰি চাইবানে কয় যে বৰ্তমানৰ পৰিস্থিতিত প্ৰতিদিনে গড়ে ৮৭ গৰাকীকৈ শিশু হতাহতৰ বলি হৈছে। তেওঁ সতৰ্ক কৰি দিছে যে যদিহে এই যুদ্ধ শীঘ্ৰে বন্ধ নহয়, তেন্তে আগন্তুক দিনত লাখ লাখ শিশুৰ ভৱিষ্যত সম্পূৰ্ণৰূপে অন্ধকাৰাচ্ছন্ন হৈ পৰিব।



ইৰান: ২০৬ গৰাকী শিশু নিহত।


লেবানন: ১১৮ গৰাকী শিশু নিহত।


ইজৰাইল: ৪ গৰাকী শিশুৰ মৃত্যু।


কুৱেইট: ১ গৰাকী শিশু প্ৰাণ হেৰুৱাইছে।


গৃহহীন লাখ লাখ শিশু আৰু শিক্ষাৰ সংকট


ধাৰাবাহিক বোমা বৰ্ষণ আৰু স্থান খালী কৰাৰ নিৰ্দেশৰ ফলত মধ্য প্ৰাচ্যৰ এক বৃহৎ জনসংখ্যা বৰ্তমান আশ্ৰয়হীন। ইউনিচেফৰ তথ্যমতে:


ইৰানত: প্ৰায় ৩২ লাখ লোক গৃহহীন হৈছে, যাৰ ভিতৰত ৮.৬৪ লাখ শিশু।


লেবাননত: ১০ লাখতকৈও অধিক লোক গৃহহীন হৈছে , য’ত প্ৰায় ৩.৭০ লাখ শিশু আছে।


বিশেষকৈ লেবাননত ৩৫০তকৈও অধিক চৰকাৰী বিদ্যালয়ক বৰ্তমান সাহায্য শিবিৰলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ ফলত প্ৰায় ১ লাখ শিশুৰ নিয়মীয়া শিক্ষা ব্যাহত হৈছে। কেৱল শিক্ষাই নহয়, অঞ্চলটোত খোৱা পানীৰ সংকট আৰু স্বাস্থ্যসেৱাৰো চৰম অৱনতি ঘটিছে।


ইউনিচেফৰ সাহাৰ্য আৰু আহ্বান


সীমাবদ্ধ সম্পদৰ মাজতো ইউনিচেফে বৰ্তমানলৈকে প্ৰায় ১.৫১ লাখ গৃহহীন লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। ১৮৮টা সাহায্য শিবিৰত অনাময় আৰু পানীৰ ব্যৱস্থা কৰা হৈছে যদিও প্ৰয়োজনৰ তুলনাত এইয়া অতি সামান্য।



সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া মধ্য প্ৰাচ্যৰ ওপৰত। নিৰপৰাধী শিশুসকলক এই বিভীষিকাৰ পৰা ৰক্ষা কৰিবলৈ আন্তৰ্জাতিক মহলে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ