--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ৩৬ বছৰত ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে দিব্যাংশী। প্ৰতিযোগিতাখনৰ বাবে দ্বিতীয় ছিড লাভ কৰে দিব্যাংশীয়ে।

ডিজিটেল ডেস্ক : ২৯ সংখ্যক এছিয়ান যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিলে দিব্যাংশী ভৌমিকে। ফাইনেলত চীনৰ ঝু কিহুইক ৪-২ত পৰাস্ত কৰে মহাৰাষ্ট্ৰৰ বাসিন্দা ১৪ বছৰীয়া দিব্যাংশীয়ে।


যোৱা ৩৬ বছৰত ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে দিব্যাংশী। প্ৰতিযোগিতাখনৰ বাবে দ্বিতীয় ছিড লাভ কৰে দিব্যাংশীয়ে। খিতাপ দখলৰ যাত্ৰাত তিনিগৰাকী চীনা খেলুৱৈক পৰাস্ত কৰি ভাৰতীয় যুৱ টেবুল টেনিছত এয়া এক অভূতপূৰ্ব কৃতিত্ব। দিব্যাংশীৰ সোণৰ পদকেৰে ভাৰতে তাছকেন্দত এটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে অভিযানৰ অন্ত পেলায়।


এই স্বৰ্ণ পদক লাভ কৰি দিব্যাংশীয়ে নৱেম্বৰ মাহত ৰোমানিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ চেম্পিয়নশ্বিপৰ পোনপটীয়া টিকট লাভ কৰিছে। এছিয়ান চেম্পিয়নশ্বিপত তেওঁৰ ব্যতিক্ৰমী মুহূৰ্ত আহিছিল ছেমি ফাইনেলত, য’ত তেওঁ চীনৰ লিউ জিলিঙক ৭খন খেলৰ ৰোমাঞ্চকৰ যুদ্ধত পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণ পদকৰ আশাক জীয়াই ৰাখিবলৈ সক্ষম হ'ল।


আদিত্য দাস, শৌৰেণ সুমন, ঋত্বিক গুপ্তা আৰু চাহিল ৰাৱটে ১৫ বছৰ অনূৰ্ধ্ব দলীয় ইভেণ্টত ৰূপৰ পদক লাভ কৰে ।


ইফালে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৩-২ পইণ্টত পৰাস্ত হৈ অংকুৰ ভট্টাচাৰ্য, অভিনন্দ প্রধিৱধী, প্রিয়নুজ ভট্টাচাৰ্য আৰু পুনীত বিশ্বাসে অনূৰ্ধ্ব-১৯ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । একেদৰে অংকুৰ ভট্টাচাৰ্য আৰু তনীশা কোটেচাই ১৯ বছৰ অনূৰ্ধ্ব মিক্সড ডাবলছ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ।


প্ৰতিযোগিতাৰ ফাইনেলত দিব্যাংশীয়ে চীনৰ জু কিহিক ৪-২ (১৩-১১, ১১-৮, ৮-১১, ১২-১০, ৯-১১, ১১-৮) পইণ্টত পৰাস্ত কৰি খিতাপ দখল কৰে । দিব্যাংশীয়ে অভিযানত চীনৰ তিনিগৰাকীকৈ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছে । আটাইতকৈ উল্লেখযোগ্য প্ৰদৰ্শন আছিল ছেমিফাইনেলত, য'ত তেওঁ চীনৰ লিউ জিলিঙক পৰাস্ত কৰিছিল । কোৱাৰ্টাৰত চীনা হুইজে ইয়াঙক ৩-১ পইণ্টত পৰাস্ত কৰিছিল ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ