--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ৩৬ বছৰত ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে দিব্যাংশী। প্ৰতিযোগিতাখনৰ বাবে দ্বিতীয় ছিড লাভ কৰে দিব্যাংশীয়ে।

ডিজিটেল ডেস্ক : ২৯ সংখ্যক এছিয়ান যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিলে দিব্যাংশী ভৌমিকে। ফাইনেলত চীনৰ ঝু কিহুইক ৪-২ত পৰাস্ত কৰে মহাৰাষ্ট্ৰৰ বাসিন্দা ১৪ বছৰীয়া দিব্যাংশীয়ে।


যোৱা ৩৬ বছৰত ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে দিব্যাংশী। প্ৰতিযোগিতাখনৰ বাবে দ্বিতীয় ছিড লাভ কৰে দিব্যাংশীয়ে। খিতাপ দখলৰ যাত্ৰাত তিনিগৰাকী চীনা খেলুৱৈক পৰাস্ত কৰি ভাৰতীয় যুৱ টেবুল টেনিছত এয়া এক অভূতপূৰ্ব কৃতিত্ব। দিব্যাংশীৰ সোণৰ পদকেৰে ভাৰতে তাছকেন্দত এটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে অভিযানৰ অন্ত পেলায়।


এই স্বৰ্ণ পদক লাভ কৰি দিব্যাংশীয়ে নৱেম্বৰ মাহত ৰোমানিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ চেম্পিয়নশ্বিপৰ পোনপটীয়া টিকট লাভ কৰিছে। এছিয়ান চেম্পিয়নশ্বিপত তেওঁৰ ব্যতিক্ৰমী মুহূৰ্ত আহিছিল ছেমি ফাইনেলত, য’ত তেওঁ চীনৰ লিউ জিলিঙক ৭খন খেলৰ ৰোমাঞ্চকৰ যুদ্ধত পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণ পদকৰ আশাক জীয়াই ৰাখিবলৈ সক্ষম হ'ল।


আদিত্য দাস, শৌৰেণ সুমন, ঋত্বিক গুপ্তা আৰু চাহিল ৰাৱটে ১৫ বছৰ অনূৰ্ধ্ব দলীয় ইভেণ্টত ৰূপৰ পদক লাভ কৰে ।


ইফালে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৩-২ পইণ্টত পৰাস্ত হৈ অংকুৰ ভট্টাচাৰ্য, অভিনন্দ প্রধিৱধী, প্রিয়নুজ ভট্টাচাৰ্য আৰু পুনীত বিশ্বাসে অনূৰ্ধ্ব-১৯ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । একেদৰে অংকুৰ ভট্টাচাৰ্য আৰু তনীশা কোটেচাই ১৯ বছৰ অনূৰ্ধ্ব মিক্সড ডাবলছ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ।


প্ৰতিযোগিতাৰ ফাইনেলত দিব্যাংশীয়ে চীনৰ জু কিহিক ৪-২ (১৩-১১, ১১-৮, ৮-১১, ১২-১০, ৯-১১, ১১-৮) পইণ্টত পৰাস্ত কৰি খিতাপ দখল কৰে । দিব্যাংশীয়ে অভিযানত চীনৰ তিনিগৰাকীকৈ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছে । আটাইতকৈ উল্লেখযোগ্য প্ৰদৰ্শন আছিল ছেমিফাইনেলত, য'ত তেওঁ চীনৰ লিউ জিলিঙক পৰাস্ত কৰিছিল । কোৱাৰ্টাৰত চীনা হুইজে ইয়াঙক ৩-১ পইণ্টত পৰাস্ত কৰিছিল ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু