--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রতিবেদনখনত কোৱা হৈছে যে বাণিজ্যিক উত্তেজনা আৰু ভূ-ৰাজনৈতিক অস্থিৰতাৰ মাজত এছিয়া আৰু প্রশান্ত মহাসাগৰীয় উন্নয়নশীল অর্থনীতিসমূহত বিদেশী প্রত্যক্ষ বিনিয়োগ (এফ ডি আই) হ্রাস পাইছে।

ডিজিটেল ডেস্ক: ইৰান আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধই সমগ্ৰ বিশ্বৰ অর্থনীতিত ভয় আৰু শংকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে।


আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) পৰা বিশ্ব বেংকলৈকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিশ্বৰ অৰ্থনীতিত অনিশ্চয়তাৰ মাজেৰে পাৰ হোৱা আৰু মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ আশংকা কৰাৰ সময়তে ভাৰতীয় অর্থনীতিয়ে সকলোতকৈ অধিক হাৰত আগবাঢ়ি যাব বুলি

আস্থা প্রকাশ কৰিছে। 


শেহতীয়াকৈ ৰাষ্ট্ৰসংঘয়ো ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ প্রতি আস্থা প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চল বিষয়ক অর্থনৈতিক তথা সামাজিক আয়োগে সোমবাৰে প্রকাশ কৰা প্ৰতিবেদনত এই বুলি কয় যে ভাৰতীয় অর্থনীতিয়ে চলিত বৰ্ষত ৬.৪% হাৰত আৰু ২০২৭ বৰ্ষত ৬.৬% হাৰত উন্নয়নৰ দিশত আগবাঢ়িব বুলি অনুমান কৰে। অৱশ্যে ইৰান যুদ্ধই বিশ্বৰ বজাৰত সৃষ্টি কৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সংকটৰ প্ৰভাৱ ভাৰতীয় অর্থনীতিতো পৰিব বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। 


সেয়েহে প্রতিবেদনখনত ভাৰতৰ উন্নয়নৰ হাৰৰ পূর্বানুমান হ্রাস কৰা হৈছে। ৰাষ্ট্ৰসংঘই ইয়াৰ আগতে ভাৰতৰ উন্নয়নৰ হাৰ সাত শতাংশতকৈ অধিক হ'ব বুলি অনুমান কৰিছিল। ইয়াত লগতে কোৱা হৈছে যে ২০২৫ বৰ্ষত দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়াৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ ৫.৪% আৰু ২০২৪ত ৫.২% আছিল। ইয়াত ভাৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। 


ইফালে ইক'নমিক এণ্ড ছচিয়েল ছার্ভে অব্ ইণ্ডিয়া এণ্ড দ্য পেচিফিক শীর্ষক প্রতিবেদনত কোৱা হৈছে যে যোৱা বছৰ ভাৰতৰ উন্নয়নৰ হাৰ বৃদ্ধি পাই ৭.৫% হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য অর্থনীতিবিদ হামজা মালিকে কয় যে ভাৰতীয় অর্থনীতিয়ে যোৱা বছৰ সাত শতাংশতকৈ অধিক হাৰত আগবাঢ়িছিল, কিন্তু মধ্য প্রাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত খাৰুৱা তেল, প্রাকৃতিক গেছ, গেছ'লিন আৰু সাৰৰ দাম বৃদ্ধিৰ প্ৰভাৱ ভাৰতীয় অর্থনীতিত পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত উন্নয়নৰ হাৰ ১% হ্রাস পোৱাৰ সম্ভাৱনা আছে। 


অৱশ্যে দেশখনৰ অর্থনীতি বিশ্বৰ ভিতৰত সৰ্বাধিক হাৰত আগবাঢ়ি যোৱাৰ আশা কৰা হৈছে। বিশ্বত সৃষ্টি হোৱা সংকট সত্ত্বেও ভাৰতৰ অৰ্থনীতিৰ শক্তিশালী স্থিতিৰ কাৰণ হ'ল ঘৰুৱা চাহিদা তথা উপভোগ শক্তিশালী হৈ থকাটো, বিশেষকৈ গ্রামীণ অর্থনীতিৰ চাহিদা, জি এছ টিৰ হাৰ হ্ৰাস কৰা আৰু আমেৰিকাই শুল্ক আৰোপ কৰাৰ আগে আগে দ্রুত গতিত ৰপ্তানি বৃদ্ধি পোৱাটো। প্রতিবেদনখনৰ মতে ২০২৫ বৰ্ষৰ দ্বিতীয় ছমাহত আমেৰিকাই আৰোপ কৰা ৫০% শুল্কৰ কাৰণে অর্থনীতিত সামান্য মন্থৰতাৰ সৃষ্টি হয়।


ইয়াৰ কাৰণ হ'ল আগষ্টৰ পৰা ৫০% শুল্ক আৰোপ কৰাৰ ফলত ৰপ্তানি ২৫% হ্রাস পোৱাটো। ভাৰতৰ সেৱা খণ্ড শক্তিশালী হৈ থকা বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে চলিত বছৰৰ ভাৰতীয় অর্থনীতিয়ে ৬.৪% আৰু অহা বছৰ ৬.৬% হাৰত উন্নয়নৰ দিশত আগবাঢ়িব। ভাৰতৰ মুদ্রাস্ফীতিৰ হাৰ চলিত বছৰত ৪.৪% আৰু অহা বছৰ ৪.৩% হ'ব বুলি অনুমান কৰা হৈছে। 


প্রতিবেদনখনত কোৱা হৈছে যে বাণিজ্যিক উত্তেজনা আৰু ভূ-ৰাজনৈতিক অস্থিৰতাৰ মাজত এছিয়া আৰু প্রশান্ত মহাসাগৰীয় উন্নয়নশীল অর্থনীতিসমূহত বিদেশী প্রত্যক্ষ বিনিয়োগ (এফ ডি আই) হ্রাস পাইছে। চলিত বছৰৰ প্ৰথম তিনি মাহত অঞ্চলটোত সর্বাধিক বিদেশী প্রত্যক্ষ বিনিয়োগ আকৰ্ষিত কৰা দেশবোৰৰ তালিকাত ভাৰত প্রথম স্থানত আছে।


ভাৰতত এই মাহকেইটাত প্রায় ৫০০০ কোটি ডলাৰৰ বিদেশী বিনিয়োগ হয়। ইয়াৰ পাছতে স্থান পাইছে ক্রমে- অষ্ট্ৰেলিয়া (৩০০০ কোটি ডলাৰ), দক্ষিণ কোৰিয়া (২৫০০ কোটি ডলাৰ) আৰু কাজাখস্তানে (২১০০ কোটি ডলাৰ)। আনহাতে প্রবাসী শ্রমিকসকলে এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিজৰ দেশলৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে। ই ঘৰুৱা সংস্থাপনৰ দুৰ্বল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় হৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ