--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দিবলগীয়া নেতাসকলৰ সম্ভব্য তালিকাৰ পৰা পি টি আয়ে এই বাতৰি দিয়ে।

ডিজিটেল ডেস্ক : শুল্ক লৈ সংঘাত চলি থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভ্রমণ কৰিব পাৰে।


ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দিবলগীয়া নেতাসকলৰ সম্ভব্য তালিকাৰ পৰা পি টি আয়ে এই বাতৰি দিয়ে। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ পৰিষদৰ বৈঠকত ২৬ ছেপ্টেম্বৰৰ পুৱা ভাষণ দিয়াৰ সম্ভাৱনা আছে। একেদিনাই ইজৰাইল, চীন, পাকিস্তান আৰু বাংলাদেশৰ চৰকাৰৰ মুৰব্বীয়ে বৈঠকত ভাষণ দিয়াৰ সম্ভাৱনা আছে।


প্রধানমন্ত্রীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভৱনা আছে। বৈঠকত নেতা দুজনে বণিজ্যকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ট্রাম্পৰ উপৰি মোদীয়ে বিশ্বৰ আন নেতাসকলৰ সৈতেও আলোচনা কৰাৰ সম্ভাৱনা আছে।


ইয়াৰ ভিতৰত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল 'ডিমিৰ জেলেনস্কীও আছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ইফালে সূত্ৰসমূহে প্রকাশ কৰা মতে, ৰাষ্ট্ৰপতি ট্রাম্পে প্রধানমন্ত্রী মোদীয়ে তেওঁক লগ কৰাটো বিচাৰিছে। সেয়েহে প্রধানমন্ত্রীয়ে দুটা উদ্দেশ্য লৈ আমেৰিকা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। যদি সকলো ঠিকে থাকে, তেতিয়া প্রধানমন্ত্রীয়ে ট্রাম্পক লগ কৰি কোৱাড শীর্ষ সন্মিলনত অংশগ্ৰহণৰ কাৰণে তেওঁক ভাৰত ভ্ৰমণলৈ নিমন্ত্রণ জনাব পাৰে।


কোৱাড শীর্ষ সন্মিলন অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে শুল্কক লৈ ট্রাম্পৰ কঠোৰ স্থিতিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত সংঘাতৰ সৃষ্টি কৰিছে, কিন্তু তাৰ মাজতো ট্রাম্পে কেইবাবাৰো প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বন্ধু বুলি কৈ আহিছে। প্রধানমন্ত্রী মোদী আৰু ট্রাম্পৰ মাজত হ'বলগীয়া আলোচনাই শুল্কক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা তিক্ততা কিছু পৰিমাণে হ'লেও হ্রাস কৰিব বুলি কোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু