--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দিবলগীয়া নেতাসকলৰ সম্ভব্য তালিকাৰ পৰা পি টি আয়ে এই বাতৰি দিয়ে।

ডিজিটেল ডেস্ক : শুল্ক লৈ সংঘাত চলি থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভ্রমণ কৰিব পাৰে।


ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দিবলগীয়া নেতাসকলৰ সম্ভব্য তালিকাৰ পৰা পি টি আয়ে এই বাতৰি দিয়ে। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ পৰিষদৰ বৈঠকত ২৬ ছেপ্টেম্বৰৰ পুৱা ভাষণ দিয়াৰ সম্ভাৱনা আছে। একেদিনাই ইজৰাইল, চীন, পাকিস্তান আৰু বাংলাদেশৰ চৰকাৰৰ মুৰব্বীয়ে বৈঠকত ভাষণ দিয়াৰ সম্ভাৱনা আছে।


প্রধানমন্ত্রীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভৱনা আছে। বৈঠকত নেতা দুজনে বণিজ্যকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ট্রাম্পৰ উপৰি মোদীয়ে বিশ্বৰ আন নেতাসকলৰ সৈতেও আলোচনা কৰাৰ সম্ভাৱনা আছে।


ইয়াৰ ভিতৰত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল 'ডিমিৰ জেলেনস্কীও আছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ইফালে সূত্ৰসমূহে প্রকাশ কৰা মতে, ৰাষ্ট্ৰপতি ট্রাম্পে প্রধানমন্ত্রী মোদীয়ে তেওঁক লগ কৰাটো বিচাৰিছে। সেয়েহে প্রধানমন্ত্রীয়ে দুটা উদ্দেশ্য লৈ আমেৰিকা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। যদি সকলো ঠিকে থাকে, তেতিয়া প্রধানমন্ত্রীয়ে ট্রাম্পক লগ কৰি কোৱাড শীর্ষ সন্মিলনত অংশগ্ৰহণৰ কাৰণে তেওঁক ভাৰত ভ্ৰমণলৈ নিমন্ত্রণ জনাব পাৰে।


কোৱাড শীর্ষ সন্মিলন অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে শুল্কক লৈ ট্রাম্পৰ কঠোৰ স্থিতিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত সংঘাতৰ সৃষ্টি কৰিছে, কিন্তু তাৰ মাজতো ট্রাম্পে কেইবাবাৰো প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বন্ধু বুলি কৈ আহিছে। প্রধানমন্ত্রী মোদী আৰু ট্রাম্পৰ মাজত হ'বলগীয়া আলোচনাই শুল্কক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা তিক্ততা কিছু পৰিমাণে হ'লেও হ্রাস কৰিব বুলি কোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ