--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে আটক কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয়, 'প্রকৃত কথাটো হ'ল তেওঁলোকে এই বিষয়ত আলোচনা কৰিব নোৱাৰে। প্রকৃত সত্য দেশৰ সন্মুখত। এই যুঁজ ৰাজনৈতিক নহয়। ই সংবিধান ৰক্ষা কৰাৰ যুঁজ।

ডিজিটেল ডেস্ক : ভোট চুৰিৰ অভিযোগ তথা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ (এছ আই আৰ) বিৰোধিতা কৰি সোমবাৰে বিৰোধী পক্ষৰ প্ৰায় ৩০০ সাংসদে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ প্রতিবাদী পদযাত্রা কৰে। অৱশ্যে বিৰোধী পক্ষৰ সাংসদসকলক নির্বাচন আয়োগৰ কাৰ্যালয় নির্বাচন সদনলৈ যোৱাত আৰক্ষীয়ে বাধা দিয়ে। লোক সভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, ৰাজ্য সভাত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গে, প্রিয়ংকা গান্ধী ভদ্রা, অখিলেশ সিং যাদৱকে ধৰি সমদলত অংশগ্ৰহণ কৰা বিৰোধী পক্ষৰ নেতাসকলক আৰক্ষীয়ে আটক কৰি সংসদ মাৰ্গ আৰক্ষী থানালৈ লৈ যায়।


দুঘণ্টাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। আৰক্ষীয়ে আটক কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয়, 'প্রকৃত কথাটো হ'ল তেওঁলোকে এই বিষয়ত আলোচনা কৰিব নোৱাৰে। প্রকৃত সত্য দেশৰ সন্মুখত। এই যুঁজ ৰাজনৈতিক নহয়। ই সংবিধান ৰক্ষা কৰাৰ যুঁজ। ই এজন ব্যক্তিৰ এটা ভোটৰ যুঁজ। সেয়েহে আমাক এখন নিকা ভোটাৰ তালিকাৰ প্ৰয়োজন। খর্গেই কয়, 'চৰকাৰে আমাক নির্বাচন আয়োগলৈ যাবলৈ নিদিলে, তেওঁলোকে কিহলৈ ভয় কৰিছে সেই কথা আমি বুজি পোৱা নাই। এই পদযাত্রাত বিৰোধী পক্ষৰ সকলো সদস্যই অংশ গ্রহণ কৰিছে। আমি শান্তিপূর্ণভাৱে পদযাত্রা কৰিছিলোঁ। নির্বাচন আয়োগে সকলো সাংসদক নিমন্ত্রণ জনোৱাটো বিচাৰিছোঁ, যাতে সকলোৱে নিজৰ মতামত দাঙি ধৰিব পাৰে, কিন্তু আয়োগে কৈছে যে মাত্র ৩০জন সদস্যহে আহক। সেইটো কেনেকৈ সম্ভৱ।' ইফালে প্রিয়ংকা গান্ধীয়ে কয় যে এই চৰকাৰখনে ভয় খাইছে, চৰকাৰ ভয়াতুৰ। প্ৰতিবাদী সমদলৰ সময়ত অখিলেশে আৰক্ষীৰ বেৰিকেড ভাঙি আগবঢ়াৰ চেষ্টা কৰে। সাংসদসকলক আগবাঢ়ি যোৱাত বাধা দিয়াত তেওঁলোক তাতে বহি পৰে। প্রিয়ংকা, ডিম্পল যাদৱসহ বিৰোধী পক্ষৰ সাংসদসকলে 'ভোট চোৰ গাদ্দী ছোড়' (ভোট চোৰে গাদী এৰক) শ্ল'গান দিয়ে। প্রতিবাদী শোভাযাত্ৰাৰ সময়ত টি এম চিৰ সাংসদ মিতালী বাগ আৰু মহুৱা মৈত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু দুয়ো সংজ্ঞাহীন হৈ পৰে।


সেই সময়ত তেওঁলোকক ৰাহুল গান্ধীৰ লগতে আন সাংসদসকলে সহায় কৰা দেখা গৈছিল। ইয়াৰ আগতে এই বিষয় দুটাক লৈ লোক সভা আৰু ৰাজ্য সভাত সোমবাৰে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। প্রতিবাদী সমদল আৰম্ভ হয় নতুন সংসদ ভৱনৰ মকৰ দ্বাৰ পৰা। সাংসদসকলে হাতত 'ভোট বচাও' লিখা থকা বেনাৰ লৈছিল। ইফালে দিল্লী পুলিচে জনোৱা মতে ইণ্ডিয়া মৰ্চাৰ সাংসদসকলে নির্বাচন আয়োগলৈ যোৱাৰ বাবে আগতীয়া অনুমতি লোৱা নাছিল আৰু সেয়েহে তেওঁলোকক পৰিবহণ ভৱনৰ কাষত বেৰিকেড দি বাধা দিয়া হয়। প্রতিবাদী সমদলক নেতৃত্ব দিয়ে লোক সভাত বিৰোধী দলপতি ৰাহুল আৰু ৰাজ্য সভাত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু