--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে আটক কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয়, 'প্রকৃত কথাটো হ'ল তেওঁলোকে এই বিষয়ত আলোচনা কৰিব নোৱাৰে। প্রকৃত সত্য দেশৰ সন্মুখত। এই যুঁজ ৰাজনৈতিক নহয়। ই সংবিধান ৰক্ষা কৰাৰ যুঁজ।

ডিজিটেল ডেস্ক : ভোট চুৰিৰ অভিযোগ তথা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ (এছ আই আৰ) বিৰোধিতা কৰি সোমবাৰে বিৰোধী পক্ষৰ প্ৰায় ৩০০ সাংসদে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ প্রতিবাদী পদযাত্রা কৰে। অৱশ্যে বিৰোধী পক্ষৰ সাংসদসকলক নির্বাচন আয়োগৰ কাৰ্যালয় নির্বাচন সদনলৈ যোৱাত আৰক্ষীয়ে বাধা দিয়ে। লোক সভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, ৰাজ্য সভাত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গে, প্রিয়ংকা গান্ধী ভদ্রা, অখিলেশ সিং যাদৱকে ধৰি সমদলত অংশগ্ৰহণ কৰা বিৰোধী পক্ষৰ নেতাসকলক আৰক্ষীয়ে আটক কৰি সংসদ মাৰ্গ আৰক্ষী থানালৈ লৈ যায়।


দুঘণ্টাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। আৰক্ষীয়ে আটক কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয়, 'প্রকৃত কথাটো হ'ল তেওঁলোকে এই বিষয়ত আলোচনা কৰিব নোৱাৰে। প্রকৃত সত্য দেশৰ সন্মুখত। এই যুঁজ ৰাজনৈতিক নহয়। ই সংবিধান ৰক্ষা কৰাৰ যুঁজ। ই এজন ব্যক্তিৰ এটা ভোটৰ যুঁজ। সেয়েহে আমাক এখন নিকা ভোটাৰ তালিকাৰ প্ৰয়োজন। খর্গেই কয়, 'চৰকাৰে আমাক নির্বাচন আয়োগলৈ যাবলৈ নিদিলে, তেওঁলোকে কিহলৈ ভয় কৰিছে সেই কথা আমি বুজি পোৱা নাই। এই পদযাত্রাত বিৰোধী পক্ষৰ সকলো সদস্যই অংশ গ্রহণ কৰিছে। আমি শান্তিপূর্ণভাৱে পদযাত্রা কৰিছিলোঁ। নির্বাচন আয়োগে সকলো সাংসদক নিমন্ত্রণ জনোৱাটো বিচাৰিছোঁ, যাতে সকলোৱে নিজৰ মতামত দাঙি ধৰিব পাৰে, কিন্তু আয়োগে কৈছে যে মাত্র ৩০জন সদস্যহে আহক। সেইটো কেনেকৈ সম্ভৱ।' ইফালে প্রিয়ংকা গান্ধীয়ে কয় যে এই চৰকাৰখনে ভয় খাইছে, চৰকাৰ ভয়াতুৰ। প্ৰতিবাদী সমদলৰ সময়ত অখিলেশে আৰক্ষীৰ বেৰিকেড ভাঙি আগবঢ়াৰ চেষ্টা কৰে। সাংসদসকলক আগবাঢ়ি যোৱাত বাধা দিয়াত তেওঁলোক তাতে বহি পৰে। প্রিয়ংকা, ডিম্পল যাদৱসহ বিৰোধী পক্ষৰ সাংসদসকলে 'ভোট চোৰ গাদ্দী ছোড়' (ভোট চোৰে গাদী এৰক) শ্ল'গান দিয়ে। প্রতিবাদী শোভাযাত্ৰাৰ সময়ত টি এম চিৰ সাংসদ মিতালী বাগ আৰু মহুৱা মৈত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু দুয়ো সংজ্ঞাহীন হৈ পৰে।


সেই সময়ত তেওঁলোকক ৰাহুল গান্ধীৰ লগতে আন সাংসদসকলে সহায় কৰা দেখা গৈছিল। ইয়াৰ আগতে এই বিষয় দুটাক লৈ লোক সভা আৰু ৰাজ্য সভাত সোমবাৰে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। প্রতিবাদী সমদল আৰম্ভ হয় নতুন সংসদ ভৱনৰ মকৰ দ্বাৰ পৰা। সাংসদসকলে হাতত 'ভোট বচাও' লিখা থকা বেনাৰ লৈছিল। ইফালে দিল্লী পুলিচে জনোৱা মতে ইণ্ডিয়া মৰ্চাৰ সাংসদসকলে নির্বাচন আয়োগলৈ যোৱাৰ বাবে আগতীয়া অনুমতি লোৱা নাছিল আৰু সেয়েহে তেওঁলোকক পৰিবহণ ভৱনৰ কাষত বেৰিকেড দি বাধা দিয়া হয়। প্রতিবাদী সমদলক নেতৃত্ব দিয়ে লোক সভাত বিৰোধী দলপতি ৰাহুল আৰু ৰাজ্য সভাত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ