--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কিছুদিনৰ বাবে বন্ধ ৰখা, ইউৰেনিয়ামৰ সমৃদ্ধকৰণ বন্ধ কৰা আৰু পাৰমাণৱিক কেন্দ্ৰসমূহ বন্ধ ৰখাটো বিচাৰিছে।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ইৰানী ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত থৰকাছুটি হেৰুৱাই পেলোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অৱশেষত যুদ্ধ-বিৰতি বিচৰা বুলি জনা গৈছে। 


ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ নেতৃত্বৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনা কৰিবলৈ বিচাৰিছে। অৱশ্যে ইৰানে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে কেইটামান চৰ্ত আৰোপ কৰিছে। ইৰানে এইবুলি চৰ্ত আৰোপ কৰে যে আলোচনাৰ আগতে ইৰানত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব, দেশখনত যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব আৰু ভৱিষ্যতে দেশখনত আক্রমণ নকৰাৰ নিশ্চয়তা দিব লাগিব। আনহাতে, ট্রাম্পে স্পষ্ট কৰি দিয়ে যে ইৰানৰ সকলো দাবী মানি ল'বলৈ তেওঁ প্রস্তুত নহয়। বিশেষকৈ ইৰানক ক্ষতিপূৰণ দিয়াৰ চৰ্ত তেওঁ মানি নলয়। 


উল্লেখযোগ্য যে আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কিছুদিনৰ বাবে বন্ধ ৰখা, ইউৰেনিয়ামৰ সমৃদ্ধকৰণ বন্ধ কৰা আৰু পাৰমাণৱিক কেন্দ্ৰসমূহ বন্ধ ৰখাটো বিচাৰিছে। ইয়াৰ লগতে ইৰানে হিজবুল্লা আৰু হামাছক সহায় কৰাটোও বন্ধ ৰাখিব লাগিব বুলি আমেৰিকাই কয়। 


ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টা জেৰেড কুছনাৰ আৰু ষ্টিভ বিটকাফে ইৰানৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে চেষ্টা কৰি আছে। উল্লেখযোগ্য যে বর্তমান আমেৰিকা আৰু ইৰানৰ মাজত প্রত্যক্ষ আলোচনা নহয়, কিন্তু ইজিপ্ত, কাটাৰ আৰু ব্রিটেইনৰ দৰে দেশৰ মধ্যস্থতাত যুদ্ধ-বিৰতি কৰিবলৈ বিচাৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ