--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কিছুদিনৰ বাবে বন্ধ ৰখা, ইউৰেনিয়ামৰ সমৃদ্ধকৰণ বন্ধ কৰা আৰু পাৰমাণৱিক কেন্দ্ৰসমূহ বন্ধ ৰখাটো বিচাৰিছে।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ইৰানী ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত থৰকাছুটি হেৰুৱাই পেলোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অৱশেষত যুদ্ধ-বিৰতি বিচৰা বুলি জনা গৈছে। 


ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ নেতৃত্বৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনা কৰিবলৈ বিচাৰিছে। অৱশ্যে ইৰানে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে কেইটামান চৰ্ত আৰোপ কৰিছে। ইৰানে এইবুলি চৰ্ত আৰোপ কৰে যে আলোচনাৰ আগতে ইৰানত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব, দেশখনত যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব আৰু ভৱিষ্যতে দেশখনত আক্রমণ নকৰাৰ নিশ্চয়তা দিব লাগিব। আনহাতে, ট্রাম্পে স্পষ্ট কৰি দিয়ে যে ইৰানৰ সকলো দাবী মানি ল'বলৈ তেওঁ প্রস্তুত নহয়। বিশেষকৈ ইৰানক ক্ষতিপূৰণ দিয়াৰ চৰ্ত তেওঁ মানি নলয়। 


উল্লেখযোগ্য যে আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কিছুদিনৰ বাবে বন্ধ ৰখা, ইউৰেনিয়ামৰ সমৃদ্ধকৰণ বন্ধ কৰা আৰু পাৰমাণৱিক কেন্দ্ৰসমূহ বন্ধ ৰখাটো বিচাৰিছে। ইয়াৰ লগতে ইৰানে হিজবুল্লা আৰু হামাছক সহায় কৰাটোও বন্ধ ৰাখিব লাগিব বুলি আমেৰিকাই কয়। 


ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টা জেৰেড কুছনাৰ আৰু ষ্টিভ বিটকাফে ইৰানৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে চেষ্টা কৰি আছে। উল্লেখযোগ্য যে বর্তমান আমেৰিকা আৰু ইৰানৰ মাজত প্রত্যক্ষ আলোচনা নহয়, কিন্তু ইজিপ্ত, কাটাৰ আৰু ব্রিটেইনৰ দৰে দেশৰ মধ্যস্থতাত যুদ্ধ-বিৰতি কৰিবলৈ বিচাৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু