--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নৈখনৰ ধাৰাবাহিক খহনীয়াৰ আগ্রাসনৰ ফলত অঞ্চলটোৰ নৈপৰীয়াৰ মাজত প্রতিমুহূর্ততে সংশয় বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক : দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফকিৰগঞ্জৰ ওৱাহাব বজাৰ এলেকাত শেহতীয়াভাৱে পুনৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই গুৰুতৰ ৰূপ লোৱাত অঞ্চলবাসী সন্ত্রস্ত হৈ পৰা পৰিলক্ষিত হৈছে। 


নৈখনৰ ধাৰাবাহিক খহনীয়াৰ আগ্রাসনৰ ফলত অঞ্চলটোৰ নৈপৰীয়াৰ মাজত প্রতিমুহূর্ততে সংশয় বৃদ্ধি পাইছে। স্থানীয় প্রশাসনৰ হেমাহি আৰু জলসম্পদ বিভাগৰ ব্যৰ্থতাৰ বাবে অঞ্চলটোত প্রতিদিনে নৈখনে এক বৃহৎ ভূখণ্ড গ্রাস কৰি থকাত খহনীয়াগুক্তৰ জনজীবন বিপন্ন হৈ পৰিছে। 


ৰাইজৰ অভিযোগ অনুসৰি, চলিত বছৰটোতে বৃহত্তৰ ফকিৰগঞ্জ অঞ্চলত কেইবাশ হেক্টৰ বিঘা কৃষিভূমি নৈখনৰ কৰাল গ্রাসত পৰি উছন যোৱাৰ সমান্তৰালকৈ তিনি শতাধিকৰো অধিক লোকৰ ঘৰ-বাৰী হেৰুৱাব লগা হয়। বর্তমানে তিনি শতাধিকৰো অধিক পৰিয়াল ভূমিহীন হৈ পৰাত খহনীয়াগ্রস্তসকলে উজাগৰে দিন কটোৱা বুলি অভিযোগ উঠিছে। 


আনহাতে, আন এক অভিযোগ অনুসৰি নৈখনৰ গৰাখহনীয়াৰ বিৰুদ্ধে স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক বাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইন আৰু জিলা প্রশাসনে প্রয়োজনীয় গুৰুত্ব প্ৰদৰ্শন কৰা নাই। প্রতি বছৰে বান আৰু খহনীয়াৰ সমস্যাই ভয়ংকৰ ৰূপ ল'লেও স্থায়ী সমাধানৰ দিশত দৃশ্যমান পদক্ষেপ নোলোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰি গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰো অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। 


বিদ্যালয়সমূহৰ লগতে বহু শিক্ষার্থীয়ে পঢ়া-শুনা এৰি দিবলৈ বাধ্য হৈছে। চিকিৎসা সুবিধাৰ অভাৱতো দুখ-দুর্দশা বৃদ্ধি পাইছে। এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যবস্থা গ্রহণ কৰাৰ দাবী জনাইছে। বিশেষকৈ বিভাগীয় মন্ত্রী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ওৱাহাব বজাৰ এলেকাক ৰক্ষা কৰিবলৈ অতি সোনকালে ফলপ্রসূ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে। 


উল্লেখযোগ্য যে এক হাহাকাৰময় পৰিস্থিতিৰ মাজত দিন কটাইছে ওহাব বজাৰ এলেকাৰ সাধাৰণ জনতাই। বর্তমানেও প্রতিদিনে দুই-চাৰিটাকৈ ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে ৰাইজে। লাহে লাহে ব্রহ্মপুত্র নদী ফকিৰগঞ্জ বজাৰৰ দিশে কাষ চাপি অহাত অঞ্চলবাসীৰ উদ্বেগ অধিক বৃদ্ধি পাইছে। তাৎপর্যপূর্ণ বিষয় যে অঞ্চলটোত স্থায়ী খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্রহণ কৰা নাই বুলি নৈপৰীয়াই অভিযোগ উত্থাপন কৰে। কেৱল বাৰিষা কাল আহিলেহে জিঅ' বেগেৰে সাময়িকভাৱে কিছু কাম কৰা হয় যদিও খৰাং কালত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগ আৰু চৰকাৰে কোনো গুৰুত্ব নিদিয়ে বুলি স্থানীয় লোকসকলে ক্ষোভ প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement