--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশৰ ২০খন এইমছৰ পৰা প্ৰায় ৪২৯জন চিকিৎসকে চাকৰি ইস্তফা দি আন চিকিৎসা প্রতিষ্ঠানত যোগ দিছে।

ডিজিটেল ডেস্ক : দেশৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ গুৰুত্বপূর্ণ চিকিৎসা প্রতিষ্ঠান সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠানলৈ (এইমছ) গভীৰ সংকট নামি আহিছে।


২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশৰ ২০খন এইমছৰ পৰা প্ৰায় ৪২৯জন চিকিৎসকে চাকৰি ইস্তফা দি আন চিকিৎসা প্রতিষ্ঠানত যোগ দিছে।


দেশৰ নাগৰিকৰ চিকিৎসাৰ ভৰসাস্থলী এইমছত এইদৰে চিকিৎসকে ইস্তফা দিয়াটোৱে দেশৰ চৰকাৰী স্বাস্থ্য খণ্ডলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ব্যক্তিগত চিকিৎসালয়ত চাকৰি কৰাৰ বাবে এইমছৰ চিকিৎসকে এনেদৰে চাকৰি ইস্তফা দিয়াৰ বিষয়ত এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্র্যালয়ে সংসদত এই ভয়ংকৰ পৰিসংখ্যা প্রকাশ কৰে।


স্বাস্থ্য মন্ত্র্যালয়ে দিয়া পৰিসংখ্যা অনুসৰি, দুবছৰৰ ভিতৰত এইমছ দিল্লীৰ পৰা ৫২জন চিকিৎসকে চৰকাৰী চাকৰিৰ পৰা ইস্তফা দিছে। সমগ্র দেশৰ ভিতৰতে বিভিন্ন প্রান্তৰৰ পৰা অহা ৰোগীসকলৰ বাবে চিকিৎসাৰ প্ৰধান আশা-ভৰসাৰ স্থলী এইমছ দিল্লীৰ পৰা অর্ধ শতাধিক চিকিৎসকৰ এই ইস্তফাই চৰকাৰী স্বাস্থ্য খণ্ডত এটা মোক্ষম আঘাত হানিছে বুলি বিবেচিত হৈছে। আনহাতে, চৰকাৰী ডাটা অনুসৰি, এইমছ ঋষিকেশৰ পৰা ৩৮জন চিকিৎসকে, এইমছ ৰায়পুৰৰ পৰা ৩৫জন চিকিৎসকে, এইমছ বিলাসপুৰৰ পৰা ৩২জন চিকিৎসকে, এইমছ মংগলাগিৰিৰ পৰা ৩০জন চিকিৎসকে চৰকাৰী চাকৰিৰ পৰা ইস্তফা দিছে। দেশৰ অধিকাংশ এইমছত চিকিৎসক আৰু অধ্যাপকসকলৰ অভাৱে কোঙা কৰি ৰখাৰ সময়তে চৰকাৰী গুৰুত্বপূৰ্ণ চিকিৎসা প্রতিষ্ঠানসমূহৰ পৰা এনেদৰে চিকিৎসকৰ পদত্যাগে গভীৰ সংকটৰ সৃষ্টি কৰিব।


স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা ডাটাত দেখুওৱা হৈছে যে সমগ্র দেশৰ ২০খন এই মছত প্রতি তিনিটা ফেকাল্টি পদৰ বিপৰীতে এটা পদ খালী হৈ আছে। ইয়াৰ ভিতৰত দিল্লীৰ এইমছ অন্তর্ভুক্ত আছে।


শেহতীয়াকৈ অন্য এটা প্রশ্নৰ উত্তৰত চৰকাৰে সংসদত প্রকাশ কৰে যে অৱসৰপ্ৰাপ্ত ফেকাল্টিক ঠিকা-ভিত্তিত চৰকাৰে ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠান আৰু চৰকাৰী মেডিকেল কলেজসমূহত নিযুক্তি দিব। ৭০ বছৰ পৰ্যন্ত বয়সৰ অৱসৰপ্ৰাপ্ত চিকিৎসক-অধ্যাপকক নতুন এইমছসমূহত অধ্যাপক, অতিৰিক্ত অধ্যাপক, সহযোগী অধ্যাপক হিচাপে ঠিকা-ভিত্তিক নিযুক্তি দিব চৰকাৰে।


উল্লেখযোগ্য যে এইমছৰ এই অভিজ্ঞ চিকিৎসকসকলক ব্যক্তিগত চিকিৎসালয়সমূহে এইমছতকৈ চাৰিৰ পৰা দহগুণ বেছি দৰমহা দিয়া বাবেই চৰকাৰী চিকিৎসকসকলে এইদৰে এইমছৰ পৰা চাকৰি ইস্তফা দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক