--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। দিল্লীৰ লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ডিজিটেল ডেস্ক : আজি স্বাধীনতা দিৱস।  আজি সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। দেশভক্তিৰ ঢৌত উথলি উঠিছে আজি আমাৰ ভাৰতভূমি। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই মনৰ আনন্দত  স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে যিকল স্বাধীনতা সংগ্ৰামী আৰু বীৰ-বীৰাংগনাৰ বাবে আমাৰ দেশখন স্বাধীন হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।


 সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। দিল্লীৰ লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মোদীয়ে একেৰাহে ১২ বাৰ স্বাধীনতা দিৱসৰ ভাষণেৰে দেশবাসীক সম্বোধন কৰিলে। প্ৰথমবাৰৰ বাবে জৱহাৰলাল নেহৰুৱে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা এই ধাৰা অব্যাহত ৰাখি দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।


ইতিহাস অনুসৰি ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।


স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।


স্বাধীনতা দিবসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ' চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক প্ৰচাৰ কৰা হয়। পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয়।তদুপৰি দেশজুৰি দেশপ্ৰেমমূলক চলচ্চিত্ৰও প্ৰদৰ্শিত হয়। তদুপৰি বহু লোকে জাতীয় পোছাক বা ত্ৰিৰংগী পতাকাৰ লগত সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰে। বহুজাতিক কোম্পানী তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই দিনটোৰ লগত সংগতি ৰাখি ৰেহাই মূল্যৰো ব্যৱস্থা কৰে।


ভাৰতীয় ডাকবিভাগে স্বাধীনতা আন্দোলনৰ নেতা সকলক লৈ ১৫ আগষ্টৰ দিনটোতে ডাকটিকট প্ৰচলন কৰে। ইণ্টাৰনেটত গুগুলে ২০০৩ চনৰ পৰা এই দিনটোতে ভাৰতীয় হোমপেজ সমূহত স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি বিশেষ গুগুল দুদুল প্ৰস্তুত কৰি আহিছে।


শেষত সকলোলৈ স্বাধীনতা দিৱসৰ অলেখ শুভকামনা আৰু প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামী, বীৰ, শ্বহীদলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু