--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বুধবাৰে শিখৰ ধাৱান গুৰুগ্ৰামৰ 'বিকাশ সদন'স্থিত বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয়। তাত তেওঁ আৰু ছফী শ্বাইনে আইনী নথিপত্ৰত স্বাক্ষৰ কৰি তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন সম্পূৰ্ণ কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট জগতৰ জনপ্ৰিয় তাৰকা শিখৰ ধাৱানে তেওঁৰ ব্যক্তিগত জীৱনৰ এক নতুন অধ্যায়ৰ আনুষ্ঠানিক ঘোষণা কৰিছে। শেহতীয়া খবৰ অনুসৰি, ধাৱানে তেওঁৰ পত্নী ছফী শ্বাইনৰ সৈতে সম্পন্ন হোৱা বিবাহক বুধবাৰে আইনী স্বীকৃতি প্ৰদান কৰে।


আদালতত আইনী প্ৰক্ৰিয়া সম্পন্ন


বুধবাৰে শিখৰ ধাৱান গুৰুগ্ৰামৰ 'বিকাশ সদন'স্থিত বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয়। তাত তেওঁ আৰু ছফী শ্বাইনে আইনী নথিপত্ৰত স্বাক্ষৰ কৰি তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন সম্পূৰ্ণ কৰে। এই বিশেষ মুহূৰ্তত ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালৰ সদস্য আৰু অতি ঘনিষ্ঠ কেইগৰাকীমান বন্ধু উপস্থিত আছিল।


উল্লেখ্য যে, শিখৰ ধাৱান আৰু আয়াৰলেণ্ডৰ ছফী শ্বাইনে চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত এক ব্যক্তিগত অনুষ্ঠানৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হৈছিল। দিল্লী-এনচিআৰ অঞ্চলত অনুষ্ঠিত সেই বিবাহ অনুষ্ঠানটো অতি গোপনীয় কৰি ৰখা হৈছিল, য’ত কেৱল পৰিয়ালৰ লোকহে উপস্থিত আছিল। এতিয়া সেই বিবাহখনক তেওঁলোকে চৰকাৰীভাৱে পঞ্জীয়ন কৰি আইনী স্বীকৃতি দিলে।


ছফী শ্বাইন পেছাত এগৰাকী দক্ষ পৰামৰ্শদাতা । বৰ্তমান তেওঁ 'শিখৰ ধাৱান ফাউণ্ডেচন'ৰ বিভিন্ন জনকল্যাণমূলক কাম-কাজ পৰিচালনাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত।


মন কৰিবলগীয়া যে, ২০২৩ চনত শিখৰ ধাৱানৰ প্ৰথম পত্নী আয়েশা মুখাৰ্জীৰ সৈতে দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত বিবাহ বিচ্ছেদ হৈছিল। সেই তিক্ততাপূৰ্ণ অধ্যায়ৰ সমাপ্তিৰ পিছত ধাৱানৰ এই নতুন আৰম্ভণিয়ে অনুৰাগীসকলক উৎসাহিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ