--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বুধবাৰে শিখৰ ধাৱান গুৰুগ্ৰামৰ 'বিকাশ সদন'স্থিত বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয়। তাত তেওঁ আৰু ছফী শ্বাইনে আইনী নথিপত্ৰত স্বাক্ষৰ কৰি তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন সম্পূৰ্ণ কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট জগতৰ জনপ্ৰিয় তাৰকা শিখৰ ধাৱানে তেওঁৰ ব্যক্তিগত জীৱনৰ এক নতুন অধ্যায়ৰ আনুষ্ঠানিক ঘোষণা কৰিছে। শেহতীয়া খবৰ অনুসৰি, ধাৱানে তেওঁৰ পত্নী ছফী শ্বাইনৰ সৈতে সম্পন্ন হোৱা বিবাহক বুধবাৰে আইনী স্বীকৃতি প্ৰদান কৰে।


আদালতত আইনী প্ৰক্ৰিয়া সম্পন্ন


বুধবাৰে শিখৰ ধাৱান গুৰুগ্ৰামৰ 'বিকাশ সদন'স্থিত বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয়। তাত তেওঁ আৰু ছফী শ্বাইনে আইনী নথিপত্ৰত স্বাক্ষৰ কৰি তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন সম্পূৰ্ণ কৰে। এই বিশেষ মুহূৰ্তত ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালৰ সদস্য আৰু অতি ঘনিষ্ঠ কেইগৰাকীমান বন্ধু উপস্থিত আছিল।


উল্লেখ্য যে, শিখৰ ধাৱান আৰু আয়াৰলেণ্ডৰ ছফী শ্বাইনে চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত এক ব্যক্তিগত অনুষ্ঠানৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হৈছিল। দিল্লী-এনচিআৰ অঞ্চলত অনুষ্ঠিত সেই বিবাহ অনুষ্ঠানটো অতি গোপনীয় কৰি ৰখা হৈছিল, য’ত কেৱল পৰিয়ালৰ লোকহে উপস্থিত আছিল। এতিয়া সেই বিবাহখনক তেওঁলোকে চৰকাৰীভাৱে পঞ্জীয়ন কৰি আইনী স্বীকৃতি দিলে।


ছফী শ্বাইন পেছাত এগৰাকী দক্ষ পৰামৰ্শদাতা । বৰ্তমান তেওঁ 'শিখৰ ধাৱান ফাউণ্ডেচন'ৰ বিভিন্ন জনকল্যাণমূলক কাম-কাজ পৰিচালনাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত।


মন কৰিবলগীয়া যে, ২০২৩ চনত শিখৰ ধাৱানৰ প্ৰথম পত্নী আয়েশা মুখাৰ্জীৰ সৈতে দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত বিবাহ বিচ্ছেদ হৈছিল। সেই তিক্ততাপূৰ্ণ অধ্যায়ৰ সমাপ্তিৰ পিছত ধাৱানৰ এই নতুন আৰম্ভণিয়ে অনুৰাগীসকলক উৎসাহিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু