--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই চুক্তিৰ জৰিয়তে পেট্রলিয়াম আৰু বায় 'মাছৰ পৰা আহৰণ কৰা পদাৰ্থ ব্যৱহাৰ কৰি এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্ট (API) উৎপাদনৰ ক্ষেত্ৰত নতুন পথ আৰু আধুনিক প্রক্রিয়া বিকাশ কৰা হ'ব।

ডিজিটেল ডেস্ক : নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল) আৰু নেশ্যনেল ইনষ্টিটিউট অব্ ফার্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিছাৰ্চ, গুৱাহাটী (নাইপাৰ-গুৱাহাটী)ৰ মাজত গৱেষণা সহযোগিতাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। 


এই চুক্তিৰ জৰিয়তে পেট্রলিয়াম আৰু বায় 'মাছৰ পৰা আহৰণ কৰা পদাৰ্থ ব্যৱহাৰ কৰি এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্ট (API) উৎপাদনৰ ক্ষেত্ৰত নতুন পথ আৰু আধুনিক প্রক্রিয়া বিকাশ কৰা হ'ব। 


চুক্তিখনত এন আৰ এলৰ জেনেৰেল মেনেজাৰ (টেকনিকেল ছার্ভিচেছ) ৰূপম কুমাৰ শৰ্মা আৰু নাইপাৰ-গুৱাহাটীৰ সঞ্চালক প্ৰফেছৰ (ড°) ইউ এছ এন মূর্তিয়ে স্বাক্ষৰ কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এন আৰ এলৰ ব্যৱস্থাপনা নির্দেশকসহ দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। উল্লেখযোগ্য যে এই সহযোগিতাৰ মুখ্য লক্ষ্য হৈছে এন আৰ এলৰ ৰিফাইনিং আৰু বায় 'ৰিফাইনেৰী ক্ষেত্ৰত থকা প্রযুক্তিগত দক্ষতা আৰু নিপেৰ-গুৱাহাটীৰ ঔষধ গৱেষণাৰ অভিজ্ঞতাক একত্ৰিত কৰা। 


ইয়াৰ জৰিয়তে হাইড্ৰ'কার্বন আৰু নৱীকৰণযোগ্য ফিডষ্টকৰ পৰা মূল্য সংযোজিত প্রয়োগ বিকাশৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। এই উদ্যোগটোৱে টেক্স ই প্রযুক্তি উন্নয়ন, দেশীয় API উৎপাদন ক্ষমতা বৃদ্ধি আৰু উদ্যোগ-শিক্ষা প্রতিষ্ঠানৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও ধাৰণা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ