--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আয়নাল হকৰ ঘৰৰ পৰা ৩৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে ২১টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক: বাঘবৰৰ কনৰাগাঁৱত ড্ৰাগছ বিৰুদ্ধে মন্দিয়া আৰক্ষীৰ অভিযান। বহুদিন ধৰি কনৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ শ্বাহজাহান আলী (৩৬) য়ে ড্ৰাগছৰ এই ক’লা ব্যৱসায়ৰ লগত জড়িত হোৱাৰ এক অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতেই যোৱা নিশা গোপন খবৰৰ ভিত্তিত মন্দিয়া আৰক্ষীয়ে অভিযান চলায়। 


ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আয়নাল হকৰ ঘৰৰ পৰা ৩৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে ২১টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। 


বহুদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আয়নাল হকৰ পুত্ৰ শ্বাহজাহান আলীক আৰক্ষীয়ে হাতে-লুটে ঘৰৰ পৰাই আটক কৰিবলৈ সক্ষম হয়। ইফালে উক্ত অঞ্চলত একাংশই দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহৰ লগত এনেদৰে জড়িত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। 


অৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাতো আৰক্ষীক আৰু অধিক কঠোৰ হোৱাৰ লগতে এনেধৰণৰ ঘাটি সমূহ বিনষ্ট কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে। 


ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰী শ্বাহজাহান আলীৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্দিয়া আৰক্ষীৰ এই সফলতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ