--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আয়নাল হকৰ ঘৰৰ পৰা ৩৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে ২১টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক: বাঘবৰৰ কনৰাগাঁৱত ড্ৰাগছ বিৰুদ্ধে মন্দিয়া আৰক্ষীৰ অভিযান। বহুদিন ধৰি কনৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ শ্বাহজাহান আলী (৩৬) য়ে ড্ৰাগছৰ এই ক’লা ব্যৱসায়ৰ লগত জড়িত হোৱাৰ এক অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতেই যোৱা নিশা গোপন খবৰৰ ভিত্তিত মন্দিয়া আৰক্ষীয়ে অভিযান চলায়। 


ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আয়নাল হকৰ ঘৰৰ পৰা ৩৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে ২১টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। 


বহুদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আয়নাল হকৰ পুত্ৰ শ্বাহজাহান আলীক আৰক্ষীয়ে হাতে-লুটে ঘৰৰ পৰাই আটক কৰিবলৈ সক্ষম হয়। ইফালে উক্ত অঞ্চলত একাংশই দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহৰ লগত এনেদৰে জড়িত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। 


অৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাতো আৰক্ষীক আৰু অধিক কঠোৰ হোৱাৰ লগতে এনেধৰণৰ ঘাটি সমূহ বিনষ্ট কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে। 


ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰী শ্বাহজাহান আলীৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্দিয়া আৰক্ষীৰ এই সফলতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু