--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি আব্দুল মজিদ নামৰ এজন লোকে বিয়াৰ ভাড়াৰ অজুহাতত গাড়ীখন লৈ যায়। পিছত পূৰ্ব পৰিকল্পনা অনুসৰি গাড়ীখন অপহৰণ কৰাৰ চেষ্টা কৰা হয় আৰু চালকক হত্যাৰো চেষ্টা কৰা হয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ কাটিগড়াৰ পৰা বিয়াৰ ভাড়াৰ নামত এখন ব’লেৰো গাড়ী লৈ অপহৰণ কৰাৰ লগতে চালকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু গাঁওবাসীৰ তৎপৰতা আৰু আৰক্ষীৰ দ্ৰুত অভিযানৰ ফলত অপহৰণ হোৱা গাড়ীসহ চালকক উদ্ধাৰ কৰা হৈছে।


এই ঘটনাত আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ পৰা ধাৰ থকা অস্ত্ৰ জব্দ কৰা হৈছে। যদিও এই ঘটনাৰ মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।


অভিযোগ অনুসৰি আব্দুল মজিদ নামৰ এজন লোকে বিয়াৰ ভাড়াৰ অজুহাতত গাড়ীখন লৈ যায়। পিছত পূৰ্ব পৰিকল্পনা অনুসৰি গাড়ীখন অপহৰণ কৰাৰ চেষ্টা কৰা হয় আৰু চালকক হত্যাৰো চেষ্টা কৰা হয়। এই ঘটনাৰ সন্দৰ্ভত চালক আবু তালিব লস্কৰে পাঁচগ্ৰাম থানাৰ অধীন কাটাখাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। 


পাঁচগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) ইন্সপেক্টৰ ৰঞ্জিত শইকীয়াৰ নিৰ্দেশত কাটাখাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া SI দীপাল চন্দৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দ্ৰুত অভিযান চলায়।


অভিযানত অপহৰণ হোৱা মোবাইল ফোন, ব’লেৰো গাড়ী, আক্ৰমণত ব্যৱহৃত গামোচা আৰু ধাৰ থকা অস্ত্ৰ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে বক্রিহাওৰ দ্বিতীয় খণ্ডৰ বাসিন্দা লিটন দাস আৰু পাঁচগ্ৰামৰ হাসান আহমদ নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তথাপিও এই ঘটনাৰ মূল অভিযুক্ত আব্দুল মজিদ এতিয়াও পলাতক অৱস্থাত আছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ