--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি আব্দুল মজিদ নামৰ এজন লোকে বিয়াৰ ভাড়াৰ অজুহাতত গাড়ীখন লৈ যায়। পিছত পূৰ্ব পৰিকল্পনা অনুসৰি গাড়ীখন অপহৰণ কৰাৰ চেষ্টা কৰা হয় আৰু চালকক হত্যাৰো চেষ্টা কৰা হয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ কাটিগড়াৰ পৰা বিয়াৰ ভাড়াৰ নামত এখন ব’লেৰো গাড়ী লৈ অপহৰণ কৰাৰ লগতে চালকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু গাঁওবাসীৰ তৎপৰতা আৰু আৰক্ষীৰ দ্ৰুত অভিযানৰ ফলত অপহৰণ হোৱা গাড়ীসহ চালকক উদ্ধাৰ কৰা হৈছে।


এই ঘটনাত আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ পৰা ধাৰ থকা অস্ত্ৰ জব্দ কৰা হৈছে। যদিও এই ঘটনাৰ মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।


অভিযোগ অনুসৰি আব্দুল মজিদ নামৰ এজন লোকে বিয়াৰ ভাড়াৰ অজুহাতত গাড়ীখন লৈ যায়। পিছত পূৰ্ব পৰিকল্পনা অনুসৰি গাড়ীখন অপহৰণ কৰাৰ চেষ্টা কৰা হয় আৰু চালকক হত্যাৰো চেষ্টা কৰা হয়। এই ঘটনাৰ সন্দৰ্ভত চালক আবু তালিব লস্কৰে পাঁচগ্ৰাম থানাৰ অধীন কাটাখাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। 


পাঁচগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) ইন্সপেক্টৰ ৰঞ্জিত শইকীয়াৰ নিৰ্দেশত কাটাখাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া SI দীপাল চন্দৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দ্ৰুত অভিযান চলায়।


অভিযানত অপহৰণ হোৱা মোবাইল ফোন, ব’লেৰো গাড়ী, আক্ৰমণত ব্যৱহৃত গামোচা আৰু ধাৰ থকা অস্ত্ৰ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে বক্রিহাওৰ দ্বিতীয় খণ্ডৰ বাসিন্দা লিটন দাস আৰু পাঁচগ্ৰামৰ হাসান আহমদ নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তথাপিও এই ঘটনাৰ মূল অভিযুক্ত আব্দুল মজিদ এতিয়াও পলাতক অৱস্থাত আছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু