--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ দ্বিতীয় দিনৰ শেহতীয়া বাতৰি মতে ইংলেণ্ডে প্রথম ইনিংছত সংগ্রহ কৰিছে ৭ উইকেটত ৩৫৩ ৰান

ডিজিটেল ডেস্ক : ভাৰতৰ ছীম-বলিং অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বৃহস্পতিবাৰে প্ৰথম দিনা ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰে।


এঘণ্টাৰ খেলৰ পাছত ১৪ সংখ্যক অ'ভাৰত বলিং কৰিবলৈ অহা নীতিশে নিজৰ প্ৰথমটো অ'ভাৰত দুটাকৈ আঘাত হানি ইংলেণ্ডৰ দুই অ'পেনাৰক পেভিলিয়নলৈ ওভতাই পঠিয়ায়। অলৰাউণ্ডাৰ নীতিশে প্রথমে বিদায় দিয়ে বেন ডাকেটক। তেওঁ ৪০টা বল খেলি ২৩ ৰানত ক্ৰিজ এৰে।


ইয়াৰ দুটা বলৰ পাছত নীতিশে পুনৰ ইংলেণ্ডৰ ইনিংছত আঘাত হানি আনগৰকী অ'পেনাৰ জাক ক্ৰলীৰ উইকেট দখল কৰে। ক্ৰলীয়ে ৪৩টা বলত ১৮ ৰান কৰি আউট হয়। ২০০২ চনৰ পাছত ভাৰতীয় পেচাৰ হিচাপে নিজৰ প্ৰথম অ'ভাৰত দুটাকৈ আঘাত হনা এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ আগেয়ে ইৰফান পাঠানে ২০০৬ চনত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত এই কৃতিত্ব অর্জন কৰিছিল।


ইফালে ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ দ্বিতীয় দিনৰ শেহতীয়া বাতৰি মতে ইংলেণ্ডে প্রথম ইনিংছত সংগ্রহ কৰিছে ৭ উইকেটত ৩৫৩ ৰান। ব্ৰাইডন ক্ৰেজে ৩৩ আৰু ছেমি স্মিথে ৫১ ৰানত বেট ধৰি আছে। জাক ক্রলীয়ে ১৮, বেন ডাকেটে ২৩, অলি পপে ৪৪, হেৰী ব্রুকে ১১, জ' ৰুটে ১০৪, অধিনায়ক বেন ষ্টোকছে ৪৪ আৰু ক্ৰিছ ৱকছে কোনো ৰান নকৰাকৈ আউট হয়। ভাৰতৰ যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ ৪টা উইকেট দখল কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু