--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ দ্বিতীয় দিনৰ শেহতীয়া বাতৰি মতে ইংলেণ্ডে প্রথম ইনিংছত সংগ্রহ কৰিছে ৭ উইকেটত ৩৫৩ ৰান

ডিজিটেল ডেস্ক : ভাৰতৰ ছীম-বলিং অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বৃহস্পতিবাৰে প্ৰথম দিনা ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰে।


এঘণ্টাৰ খেলৰ পাছত ১৪ সংখ্যক অ'ভাৰত বলিং কৰিবলৈ অহা নীতিশে নিজৰ প্ৰথমটো অ'ভাৰত দুটাকৈ আঘাত হানি ইংলেণ্ডৰ দুই অ'পেনাৰক পেভিলিয়নলৈ ওভতাই পঠিয়ায়। অলৰাউণ্ডাৰ নীতিশে প্রথমে বিদায় দিয়ে বেন ডাকেটক। তেওঁ ৪০টা বল খেলি ২৩ ৰানত ক্ৰিজ এৰে।


ইয়াৰ দুটা বলৰ পাছত নীতিশে পুনৰ ইংলেণ্ডৰ ইনিংছত আঘাত হানি আনগৰকী অ'পেনাৰ জাক ক্ৰলীৰ উইকেট দখল কৰে। ক্ৰলীয়ে ৪৩টা বলত ১৮ ৰান কৰি আউট হয়। ২০০২ চনৰ পাছত ভাৰতীয় পেচাৰ হিচাপে নিজৰ প্ৰথম অ'ভাৰত দুটাকৈ আঘাত হনা এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ আগেয়ে ইৰফান পাঠানে ২০০৬ চনত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত এই কৃতিত্ব অর্জন কৰিছিল।


ইফালে ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ দ্বিতীয় দিনৰ শেহতীয়া বাতৰি মতে ইংলেণ্ডে প্রথম ইনিংছত সংগ্রহ কৰিছে ৭ উইকেটত ৩৫৩ ৰান। ব্ৰাইডন ক্ৰেজে ৩৩ আৰু ছেমি স্মিথে ৫১ ৰানত বেট ধৰি আছে। জাক ক্রলীয়ে ১৮, বেন ডাকেটে ২৩, অলি পপে ৪৪, হেৰী ব্রুকে ১১, জ' ৰুটে ১০৪, অধিনায়ক বেন ষ্টোকছে ৪৪ আৰু ক্ৰিছ ৱকছে কোনো ৰান নকৰাকৈ আউট হয়। ভাৰতৰ যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ ৪টা উইকেট দখল কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ