--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৮ চনত কোহলিয়ে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৫৯৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে ইতিহাসৰ সৃষ্টি কৰিছিল

ডিজিটেল ডেস্ক : ইংলেণ্ডত চলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন মেচ লৰ্ডছত চলি আছে । ইংলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৩৮৭ ৰাণ সংগ্ৰহ কৰে ।



ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ইতিহাস সৃষ্টি কৰিছে শুভমন গিলে। প্ৰথম ইনিংছত মাত্ৰ ১৬ ৰানহে সংগ্ৰহ কৰিছিল গিলে, ইয়াৰ পিছতো তেওঁ ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিছে।


এই সময়ছোৱাত ইংলেণ্ডৰ মাটিত টেষ্ট শৃংখলাত এছিয়ান অধিনায়ক হিচাপে সৰ্বাধিক ৰান সংগ্ৰহৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে গিলে।


২০১৮ চনত কোহলিয়ে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৫৯৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে ইতিহাসৰ সৃষ্টি কৰিছিল। মহম্মদ আজহাৰুদ্দিনৰ ২৮ বছৰীয়া অভিলেখ ভংগ কৰিছিল কোহলীয়ে। ১৯৯০ চনত আজহাৰুদ্দিনে ৪২৬ ৰান সংগ্ৰহ কৰিছিল।


এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিলে। এই মেচৰ পূৰ্বে গিলে ৫৮৫ ৰান সংগ্ৰহ কৰিছিল। গিলে মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰে।


এছিয়ান অধিনায়ক হিচাপে ইংলেণ্ডত টেষ্ট শৃংখলাত ৬০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে গিল। একে সময়তে খেলুৱৈ হিচাপে তেওঁ ৰাহুল দ্ৰাবিড়তকৈ এক ৰান পিছ পৰি আছে। ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত দ্ৰাবিড়ে ৬০২ ৰান সংগ্ৰহ কৰে।


এই মেচখনৰ দ্বিতীয় ইনিংছতো এই অভিলেখ ভংগ কৰিব পাৰে গিলে। গিলে মাত্ৰ দুই ৰানহে কৰিব লাগিব। টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ কথা ক’বলৈ গ’লে গিল অধিনায়ক হিচাপে ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত ৬০০ৰ সীমা অতিক্ৰম কৰা মাত্ৰ তৃতীয়জন অধিনায়ক।


এই শৃংখলাত এই পৰ্যন্ত ৬০১ ৰান সংগ্ৰহ কৰিছে গিলে। গিলৰ বাহিৰেও গেৰী ছ’বাৰ্ছ আৰু গ্ৰেম স্মিথে ইংলেণ্ডত ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। ১৯৬৬ চনত ছ’বাৰ্ছে ৭২২ ৰান সংগ্ৰহ কৰিছিল।২০০৩ চনত স্মিথে ৭১৪ ৰান সংগ্ৰহ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
যমুনামুখত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা; ৰে'ল বিভাগৰ উৰণসেতু মুকলি
আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ সংক্ৰমণ ; গাহৰি পালকক সজাগ হ'বলৈ আহ্বান বিশ্বনাথৰ পশু চিকিৎসা বিভাগৰ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ