--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৮ চনত কোহলিয়ে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৫৯৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে ইতিহাসৰ সৃষ্টি কৰিছিল

ডিজিটেল ডেস্ক : ইংলেণ্ডত চলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন মেচ লৰ্ডছত চলি আছে । ইংলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৩৮৭ ৰাণ সংগ্ৰহ কৰে ।



ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ইতিহাস সৃষ্টি কৰিছে শুভমন গিলে। প্ৰথম ইনিংছত মাত্ৰ ১৬ ৰানহে সংগ্ৰহ কৰিছিল গিলে, ইয়াৰ পিছতো তেওঁ ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিছে।


এই সময়ছোৱাত ইংলেণ্ডৰ মাটিত টেষ্ট শৃংখলাত এছিয়ান অধিনায়ক হিচাপে সৰ্বাধিক ৰান সংগ্ৰহৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে গিলে।


২০১৮ চনত কোহলিয়ে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৫৯৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে ইতিহাসৰ সৃষ্টি কৰিছিল। মহম্মদ আজহাৰুদ্দিনৰ ২৮ বছৰীয়া অভিলেখ ভংগ কৰিছিল কোহলীয়ে। ১৯৯০ চনত আজহাৰুদ্দিনে ৪২৬ ৰান সংগ্ৰহ কৰিছিল।


এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিলে। এই মেচৰ পূৰ্বে গিলে ৫৮৫ ৰান সংগ্ৰহ কৰিছিল। গিলে মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰে।


এছিয়ান অধিনায়ক হিচাপে ইংলেণ্ডত টেষ্ট শৃংখলাত ৬০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে গিল। একে সময়তে খেলুৱৈ হিচাপে তেওঁ ৰাহুল দ্ৰাবিড়তকৈ এক ৰান পিছ পৰি আছে। ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত দ্ৰাবিড়ে ৬০২ ৰান সংগ্ৰহ কৰে।


এই মেচখনৰ দ্বিতীয় ইনিংছতো এই অভিলেখ ভংগ কৰিব পাৰে গিলে। গিলে মাত্ৰ দুই ৰানহে কৰিব লাগিব। টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ কথা ক’বলৈ গ’লে গিল অধিনায়ক হিচাপে ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত ৬০০ৰ সীমা অতিক্ৰম কৰা মাত্ৰ তৃতীয়জন অধিনায়ক।


এই শৃংখলাত এই পৰ্যন্ত ৬০১ ৰান সংগ্ৰহ কৰিছে গিলে। গিলৰ বাহিৰেও গেৰী ছ’বাৰ্ছ আৰু গ্ৰেম স্মিথে ইংলেণ্ডত ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। ১৯৬৬ চনত ছ’বাৰ্ছে ৭২২ ৰান সংগ্ৰহ কৰিছিল।২০০৩ চনত স্মিথে ৭১৪ ৰান সংগ্ৰহ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক