--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ১৯৬৬ চনত ছাবিহ খানৰ জন্ম হৈছিল ।

ডিজিটেল ডেস্ক: ভাৰতলৈ আহিছে এক সুখবৰ। এপ'ল ইনকৰপৰেচনে ভাৰতীয় মূলৰ ছাবিহ খানক নতুন পৰিচালক বিষয়া হিছাপে নিযুক্তি প্ৰদান কৰিছে।কোম্পানীটোলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে খানে লাভ কৰিছে এই সাফল্য। 


আইফোন নিৰ্মাতা কোম্পানীটোয়ে এক বিবৃতিত কয় যে ছাবিহ খান এপ'লৰ সৈতে ৩০ বছৰৰ পৰা জড়িত হৈ আছে আৰু তেওঁ অপাৰেছনৰ উপ-সভাপতি হিচাপে কৰ্মৰত । ৫৮ বছৰীয়া খানে চলিত মাহৰ শেষৰ ফালে জেম্ছ উইলিয়ামছৰ ঠাইত কাৰ্যনিৰ্বাহ কৰিব।


১৯৯৫ চনত এপ'লত যোগদান কৰাৰ পূৰ্বে ছাবিহ খানে জি. ই. প্লাস্তিক্সত এপ্লিকেছন ডেপ্ল'ভমেন্ট ইঞ্জীনিয়াৰ আৰু মূল একাউণ্ট লিডাৰ হিছাপে কৰ্মৰত আছিল।


তেওঁ প্ৰায় তিনিটা দশক ধৰি কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। যোৱা ৬ টা বছৰে তেওঁ এপ'লৰ সৈতে গুৰুত্বপূৰ্ণভাৱে জড়িত থকা বুলি জানিবলৈ পোৱা গৈছে ।


এপ'লৰ যোগানকাৰী দায়ৱদ্ধতা কাৰ্যসূচীও তদাৰক কৰি আছে ছাবিৰ খানে। যিয়ে শ্ৰমিক সুৰক্ষা শিক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ ওপৰত তদাৰক কৰে।


এপ'লে তেওঁৰ অৱদানক আলোকপাত কৰি কয় যে এপ'লৰ প্ৰতিটো গুৰত্বপূৰ্ণ সামগ্ৰী বজাৰলৈ প্ৰেৰণ কৰাত ছাবিহ খানৰ বৰঙণি অন্যতম।


উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ১৯৬৬ চনত ছাবিহ খানৰ জন্ম হৈছিল ।পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই তেওঁৰ পৰিয়াল ছিংগাপুৰলৈ স্থানান্তৰিত হয় । তেওঁ মেছাচুচেটছৰ মেডফোৰ্ডৰ টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু যান্ত্ৰিক অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী আৰু নিউয়ৰ্কৰ ট্ৰয়ৰ ৰেনচেলাৰ পলিটেকনিক ইনষ্টিটিউটৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ