--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ১৯৬৬ চনত ছাবিহ খানৰ জন্ম হৈছিল ।

ডিজিটেল ডেস্ক: ভাৰতলৈ আহিছে এক সুখবৰ। এপ'ল ইনকৰপৰেচনে ভাৰতীয় মূলৰ ছাবিহ খানক নতুন পৰিচালক বিষয়া হিছাপে নিযুক্তি প্ৰদান কৰিছে।কোম্পানীটোলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে খানে লাভ কৰিছে এই সাফল্য। 


আইফোন নিৰ্মাতা কোম্পানীটোয়ে এক বিবৃতিত কয় যে ছাবিহ খান এপ'লৰ সৈতে ৩০ বছৰৰ পৰা জড়িত হৈ আছে আৰু তেওঁ অপাৰেছনৰ উপ-সভাপতি হিচাপে কৰ্মৰত । ৫৮ বছৰীয়া খানে চলিত মাহৰ শেষৰ ফালে জেম্ছ উইলিয়ামছৰ ঠাইত কাৰ্যনিৰ্বাহ কৰিব।


১৯৯৫ চনত এপ'লত যোগদান কৰাৰ পূৰ্বে ছাবিহ খানে জি. ই. প্লাস্তিক্সত এপ্লিকেছন ডেপ্ল'ভমেন্ট ইঞ্জীনিয়াৰ আৰু মূল একাউণ্ট লিডাৰ হিছাপে কৰ্মৰত আছিল।


তেওঁ প্ৰায় তিনিটা দশক ধৰি কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। যোৱা ৬ টা বছৰে তেওঁ এপ'লৰ সৈতে গুৰুত্বপূৰ্ণভাৱে জড়িত থকা বুলি জানিবলৈ পোৱা গৈছে ।


এপ'লৰ যোগানকাৰী দায়ৱদ্ধতা কাৰ্যসূচীও তদাৰক কৰি আছে ছাবিৰ খানে। যিয়ে শ্ৰমিক সুৰক্ষা শিক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ ওপৰত তদাৰক কৰে।


এপ'লে তেওঁৰ অৱদানক আলোকপাত কৰি কয় যে এপ'লৰ প্ৰতিটো গুৰত্বপূৰ্ণ সামগ্ৰী বজাৰলৈ প্ৰেৰণ কৰাত ছাবিহ খানৰ বৰঙণি অন্যতম।


উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ১৯৬৬ চনত ছাবিহ খানৰ জন্ম হৈছিল ।পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই তেওঁৰ পৰিয়াল ছিংগাপুৰলৈ স্থানান্তৰিত হয় । তেওঁ মেছাচুচেটছৰ মেডফোৰ্ডৰ টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু যান্ত্ৰিক অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী আৰু নিউয়ৰ্কৰ ট্ৰয়ৰ ৰেনচেলাৰ পলিটেকনিক ইনষ্টিটিউটৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু