--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিষয়ে প্রকাশ কৰি সূত্ৰসমূহে প্রকাশ কৰে যে সংসদৰ কেলেণ্ডাৰ অনুসৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত অহা বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বাজেট এইবাৰ দেওবাৰে সংসদত দাখিল কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত কালি অনুষ্ঠিত সংসদীয় পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে অনুমোদন জনোৱা চলিত বৰ্ষৰ সংসদৰ কেলেণ্ডাৰত অনুমোদন জনায়। 


এই বিষয়ে প্রকাশ কৰি সূত্ৰসমূহে প্রকাশ কৰে যে সংসদৰ কেলেণ্ডাৰ অনুসৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত অহা বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। 


উল্লেখযোগ্য যে এই বছৰৰ ১ ফেব্ৰুৱাৰী দেওবাৰ। উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে এইবাৰ কেন্দ্ৰীয় বাজেট দেওবাৰে দাখিল কৰা হ'ব। ইয়াৰ আগতে ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰী, দেওবাৰে তদানীন্তন বিত্ত মন্ত্রী যশোৱন্ত সিন্‌হাই বাজেট দাখিল কৰিছিল। সূত্ৰটোৰ মতে, ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ২৮ জানুৱাৰীত সংসদৰ উভয় সদনক সম্বোধি দিয়া ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হ'ব। আনহাতে অর্থনৈতিক সমীক্ষা দাখিল কৰা হ'ব ২৯ জানুৱাৰীত। প্রথম পৰ্যায়ৰ বাজেট অধিৱেশন ২৮ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায়ৰ অধিৱেশন ৯ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ'ব। সীতাৰমণে একেৰাহে নৱম বছৰৰ বাবে বাজেট দাখিল কৰিব। 


উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে সংসদত দাখিল কৰি অহা হৈছে। মন কৰিবলগীয়া যে বিত্ত মন্ত্ৰীৰ বাজেট প্ৰস্তুত কৰা টীমত এইবাৰ কেইবাজনো নতুন মুখক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। আনহাতে বিজনেছ টুডেত প্রকাশিত এটা বাতৰিত কোৱা হৈছে যে এইবাৰ বাজেট প্রস্তুত কৰা টীমত বিত্ত সচিব নাই। 


উল্লেখযোগ্য যে পূৰ্বৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব অজয় শেঠক অৱসৰৰ পাছত বিত্ত সচিবৰূপে নিযুক্ত কৰা হৈছিল, কিন্তু তেওঁক যোৱা বছৰ জুনত বীমা নিয়ন্ত্রক আই আৰ ডি এৰ অধ্যক্ষ নিযুক্ত কৰা হয়। অৱশ্যে বিত্ত মন্ত্ৰ্যালয়ৰ সূত্রই প্রকাশ কৰা মতে বিত্ত সচিব নাথাকিলেও বাজেট প্রস্তুতৰ কাম স্বাভাৱিকভাৱে চলি আছে আৰু ইয়াত বিভিন্ন বিভাগৰ বিষয়া জড়িত হৈ আছে। 


বিত্ত সচিব নথকা সত্ত্বেও কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি সূত্রসমূহে প্রকাশ কৰে। এইবাৰ বাজেট প্ৰস্তুত কৰা সীতাৰমণৰ টীমত কেইবাজনো নতুন সদস্য আছে। ইয়াৰ ভিতৰত বিত্ত মন্ত্ৰ্যালয়ৰ ক্ৰমে ৰাজহ সচিব অৰবিন্দ শ্রীবাস্তৱ, ব্যয় সচিব ভি বুৱালনম আৰু অৰ্থনৈতিক পৰিক্ৰমা সচিব অনুৰাধা প্ৰসাদো আছে। অৱশ্যে বিত্ত মন্ত্রালয়ত তেওঁলোক নতুন নহয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ