--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভূ-ৰাজনৈতিক ক্ষেত্রত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত যোৱা ছমাহত দ্রুতগতিত বৃদ্ধি পায় প্লেটিনামৰ দাম।

ডিজিটেল ডেস্ক: প্রতি গ্রাম প্লেটিনামৰ দাম ছমাহত বাঢ়িল ৪,১৩১ টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত প্লেটিনামৰ দাম বৃদ্ধিয়ে দেশৰ কর্কট ৰোগীসকলৰ বাবে এটা নেতিবাচক খবৰ কঢ়িয়াই আনিছে। 


শীঘ্রেই দেশত কৰ্কট ৰোগৰ ঔষধৰ দাম বৃদ্ধিৰ সম্ভাৱনা প্রকট হৈছে। ইতিমধ্যে কৰ্কটৰ ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহে ঔষধৰ দাম ৫০% বৃদ্ধি কৰাৰ বাবে 'ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ কর্তৃপক্ষ'ক দাবী জনাইছে। 


উল্লেখযোগ্য যে ভূ-ৰাজনৈতিক ক্ষেত্রত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত যোৱা ছমাহত দ্রুতগতিত বৃদ্ধি পায় প্লেটিনামৰ দাম। ছমাহৰ ভিতৰত প্লেটিনামৰ দাম প্রায় দুগুণলৈ বৃদ্ধি পায়। তথ্য অনুসৰি যোৱা বছৰ ছেপ্টেম্বৰত প্ৰতিগ্রাম প্লেটিনামৰ দাম আছিল ৩,৮৬৯ টকা। কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এই পৰিমাণ ৮,০০০ টকালৈ বৃদ্ধি পায়। 


কর্কট ৰোগৰ ঔষধ প্রস্তুতৰ বাবে অতি প্রয়োজন হয় কার্যপ্লেটিন, অক্সালিপ্লেটিন আৰু চিছপ্লেটিন। কিন্তু সাম্প্রতিক পৰিস্থিতিত এই তিনিওবিধ প্লেটিনামেই দুষ্প্রাপ্য হৈ পৰিছে। প্লেটিনামৰ দাম আকাশলংঘী হৈ পৰাৰ ফলতে এই তিনিবিধ সামগ্ৰী বজৰত উপলব্ধ নোহোৱা হৈছে। ইয়াক ক্ৰয় কৰাৰ বাবে কোম্পানীসমূহে বহু ধন খৰচ কৰিব লগা হৈছে। প্লেটিনামৰ দাম বৃদ্ধিৰ পাছত কাৰ্বপ্লেটিনৰ প্রতি ১০ মাইক্ৰ'গ্রাম/মিলিলিটাৰ ভায়েলৰ দাম ৬১.১০ টকা হৈছেগৈ। আনফালে, ঔষধৰ শক্তিৰ ওপৰত ভিত্তি কৰি চিছপ্লেটিনৰ দাম ৭০ টকাৰ পৰা ৩০০ টকা পর্যন্ত বৃদ্ধি হৈছে। মেক্স অংকলজীৰ উপাধ্যক্ষ প্রমোদ কুমাৰ জুলকাই এই সন্দর্ভত কয় যে প্লেটিনামৰ পৰা প্রস্তুত কৰা ঔষধে মূৰ, ডিঙি, স্তন আৰু গেষ্ট্ৰোইন্টেষ্টাইলনৰ কৰ্কটৰ চিকিৎসাত মূল ভূমিকা গ্রহণ কৰে। প্লেটিনামজাত ঔষধ বিশেষকৈ চিছপ্লেটিন, কার্বপ্লেটিন আদি কেম' থেৰাপীৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত আৰু সুফলদায়ক হিচাপ চিহ্নিত হৈ অহা বুলিও তেওঁ কয়। 


উল্লেখযোগ্য যে চিপলা, ইণ্টাছ, ডাঃ ৰেষ্ট্ৰীজ লেব'ৰেটৰী, জায়ডাছ লাইফ ছায়েন্স, এমকিউৰ, হেটেৰো আদি হৈছে ভাৰতৰ কৰ্কট ৰোগৰ ঔষধ প্রস্তুতকাৰী কেইটামান প্রধান কোম্পানী। এতিয়া প্লেটিনামৰ দাম বৃদ্ধিৰ পাছত কৰ্কট ৰোগৰ ঔষধৰ দাম ৫০% বৃদ্ধি কৰাৰ বাবে এই কোম্পানীসমূহে চৰকাৰক তীব্র হেঁচা প্রয়োগ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ