--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভূ-ৰাজনৈতিক ক্ষেত্রত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত যোৱা ছমাহত দ্রুতগতিত বৃদ্ধি পায় প্লেটিনামৰ দাম।

ডিজিটেল ডেস্ক: প্রতি গ্রাম প্লেটিনামৰ দাম ছমাহত বাঢ়িল ৪,১৩১ টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত প্লেটিনামৰ দাম বৃদ্ধিয়ে দেশৰ কর্কট ৰোগীসকলৰ বাবে এটা নেতিবাচক খবৰ কঢ়িয়াই আনিছে। 


শীঘ্রেই দেশত কৰ্কট ৰোগৰ ঔষধৰ দাম বৃদ্ধিৰ সম্ভাৱনা প্রকট হৈছে। ইতিমধ্যে কৰ্কটৰ ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহে ঔষধৰ দাম ৫০% বৃদ্ধি কৰাৰ বাবে 'ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ কর্তৃপক্ষ'ক দাবী জনাইছে। 


উল্লেখযোগ্য যে ভূ-ৰাজনৈতিক ক্ষেত্রত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত যোৱা ছমাহত দ্রুতগতিত বৃদ্ধি পায় প্লেটিনামৰ দাম। ছমাহৰ ভিতৰত প্লেটিনামৰ দাম প্রায় দুগুণলৈ বৃদ্ধি পায়। তথ্য অনুসৰি যোৱা বছৰ ছেপ্টেম্বৰত প্ৰতিগ্রাম প্লেটিনামৰ দাম আছিল ৩,৮৬৯ টকা। কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এই পৰিমাণ ৮,০০০ টকালৈ বৃদ্ধি পায়। 


কর্কট ৰোগৰ ঔষধ প্রস্তুতৰ বাবে অতি প্রয়োজন হয় কার্যপ্লেটিন, অক্সালিপ্লেটিন আৰু চিছপ্লেটিন। কিন্তু সাম্প্রতিক পৰিস্থিতিত এই তিনিওবিধ প্লেটিনামেই দুষ্প্রাপ্য হৈ পৰিছে। প্লেটিনামৰ দাম আকাশলংঘী হৈ পৰাৰ ফলতে এই তিনিবিধ সামগ্ৰী বজৰত উপলব্ধ নোহোৱা হৈছে। ইয়াক ক্ৰয় কৰাৰ বাবে কোম্পানীসমূহে বহু ধন খৰচ কৰিব লগা হৈছে। প্লেটিনামৰ দাম বৃদ্ধিৰ পাছত কাৰ্বপ্লেটিনৰ প্রতি ১০ মাইক্ৰ'গ্রাম/মিলিলিটাৰ ভায়েলৰ দাম ৬১.১০ টকা হৈছেগৈ। আনফালে, ঔষধৰ শক্তিৰ ওপৰত ভিত্তি কৰি চিছপ্লেটিনৰ দাম ৭০ টকাৰ পৰা ৩০০ টকা পর্যন্ত বৃদ্ধি হৈছে। মেক্স অংকলজীৰ উপাধ্যক্ষ প্রমোদ কুমাৰ জুলকাই এই সন্দর্ভত কয় যে প্লেটিনামৰ পৰা প্রস্তুত কৰা ঔষধে মূৰ, ডিঙি, স্তন আৰু গেষ্ট্ৰোইন্টেষ্টাইলনৰ কৰ্কটৰ চিকিৎসাত মূল ভূমিকা গ্রহণ কৰে। প্লেটিনামজাত ঔষধ বিশেষকৈ চিছপ্লেটিন, কার্বপ্লেটিন আদি কেম' থেৰাপীৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত আৰু সুফলদায়ক হিচাপ চিহ্নিত হৈ অহা বুলিও তেওঁ কয়। 


উল্লেখযোগ্য যে চিপলা, ইণ্টাছ, ডাঃ ৰেষ্ট্ৰীজ লেব'ৰেটৰী, জায়ডাছ লাইফ ছায়েন্স, এমকিউৰ, হেটেৰো আদি হৈছে ভাৰতৰ কৰ্কট ৰোগৰ ঔষধ প্রস্তুতকাৰী কেইটামান প্রধান কোম্পানী। এতিয়া প্লেটিনামৰ দাম বৃদ্ধিৰ পাছত কৰ্কট ৰোগৰ ঔষধৰ দাম ৫০% বৃদ্ধি কৰাৰ বাবে এই কোম্পানীসমূহে চৰকাৰক তীব্র হেঁচা প্রয়োগ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু