--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰবিন্দু হৰমুজ প্ৰণালী মাত্ৰ ৩৪ কিলোমিটাৰ প্ৰস্থৰ এই সামুদ্ৰিক পথটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্য পথসমূহৰ ভিতৰত অন্যতম।

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা দীৰ্ঘদিনীয়া উত্তেজনাৰ মাজতে এক চাঞ্চল্য্যকৰ তথ্য পোহৰলৈ আহিছে।


সামৰিক যুদ্ধবিৰতিৰ সমান্তৰালকৈ ইৰাণ আৰু ওমানে এতিয়া হৰমুজ প্ৰণালীৰে পাৰ হোৱা জাহাজসমূহৰ ওপৰত ট্ৰেনজিট মাচুল বা 'টোল' আৰোপ কৰাৰ এক যুটীয়া পৰিকল্পনা কৰিছে। যদি এই প্ৰস্তাৱ কাৰ্যকৰী হয়, তেন্তে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত।


কেন্দ্ৰবিন্দু হৰমুজ প্ৰণালী মাত্ৰ ৩৪ কিলোমিটাৰ প্ৰস্থৰ এই সামুদ্ৰিক পথটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্য পথসমূহৰ ভিতৰত অন্যতম। ইৰাণ আৰু ওমানৰ আঞ্চলিক জলসীমাৰ ভিতৰত থকা এই পথটোৱেই হ’ল মধ্য-প্ৰাচ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেল সৰবৰাহৰ মূল ধমনী। এতিয়ালৈকে ইয়াক এক আন্তঃৰাষ্ট্ৰীয় মুক্ত পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও, নতুন প্ৰস্তাৱে এই ব্যৱস্থা সলনি কৰিব পাৰে।


প্ৰাপ্ত তথ্য অনুসৰি, ইৰাণে এই মাচুলৰ পৰা সংগ্ৰহ হোৱা ধন দেশখনৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণত ব্যৱহাৰ কৰিব বিচাৰে। শেহতীয়া সংঘৰ্ষত ইৰাণৰ প্ৰতিৰক্ষা আৰু চৰকাৰী খণ্ডৰ যথেষ্ট ক্ষতি হৈছে। ইৰাণৰ উপ-বিদেশ মন্ত্ৰী কাজেম গাৰিবাবাদিয়ে জনোৱা মতে, জাহাজৰ চলাচল বন্ধ কৰা তেওঁলোকৰ উদ্দেশ্য নহয়, বৰঞ্চ সুৰক্ষিত যাতায়তৰ বাবে ইয়াক এক শৃংখলাবদ্ধ ৰূপ দিয়াহে তেওঁলোকৰ লক্ষ্য।


অহা শুক্ৰবাৰৰ পৰা ইছলামাবাদত আমেৰিকা আৰু ইজৰাইলৰ প্ৰতিনিধিৰ সৈতে হ’বলগীয়া বৈঠকত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।


আন্তঃৰাষ্ট্ৰীয় আইন আৰু বিৰোধিতা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন অনুসৰি, কোনো দেশে কেৱল যাতায়তৰ বিনিময়ত মাচুল ল’ব নোৱাৰে। কেৱল বিশেষ সেৱা (যেনে- জাহাজক পথ দেখুওৱা) প্ৰদানৰ বিপৰীতেহে সীমিত মাচুল ল’ব পাৰি। ইতিমধ্যে সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু কাটাৰৰ দৰে দেশসমূহে এই প্ৰস্তাৱক লৈ তীব্ৰ আপত্তি দৰ্শাইছে। 


তেওঁলোকৰ মতে, সামুদ্ৰিক বাণিজ্যিক পথসমূহ সদায় মুক্ত আৰু মুকলি হৈ থকাটো জৰুৰী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ এই প্ৰস্তাৱক আলোচনাৰ এক ভিত্তি হিচাপে স্বীকাৰ কৰিছে যদিও, অনাগত দুসপ্তাহৰ কূটনৈতিক আলোচনাইহে স্পষ্ট কৰিব যে হৰমুজ প্ৰণালীৰ এই 'টোল গেট' কাৰ্যকৰী হ’ব নে নাই। যদি হয়, তেন্তে সাধাৰণ গ্ৰাহকৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ