--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰবিন্দু হৰমুজ প্ৰণালী মাত্ৰ ৩৪ কিলোমিটাৰ প্ৰস্থৰ এই সামুদ্ৰিক পথটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্য পথসমূহৰ ভিতৰত অন্যতম।

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা দীৰ্ঘদিনীয়া উত্তেজনাৰ মাজতে এক চাঞ্চল্য্যকৰ তথ্য পোহৰলৈ আহিছে।


সামৰিক যুদ্ধবিৰতিৰ সমান্তৰালকৈ ইৰাণ আৰু ওমানে এতিয়া হৰমুজ প্ৰণালীৰে পাৰ হোৱা জাহাজসমূহৰ ওপৰত ট্ৰেনজিট মাচুল বা 'টোল' আৰোপ কৰাৰ এক যুটীয়া পৰিকল্পনা কৰিছে। যদি এই প্ৰস্তাৱ কাৰ্যকৰী হয়, তেন্তে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত।


কেন্দ্ৰবিন্দু হৰমুজ প্ৰণালী মাত্ৰ ৩৪ কিলোমিটাৰ প্ৰস্থৰ এই সামুদ্ৰিক পথটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্য পথসমূহৰ ভিতৰত অন্যতম। ইৰাণ আৰু ওমানৰ আঞ্চলিক জলসীমাৰ ভিতৰত থকা এই পথটোৱেই হ’ল মধ্য-প্ৰাচ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেল সৰবৰাহৰ মূল ধমনী। এতিয়ালৈকে ইয়াক এক আন্তঃৰাষ্ট্ৰীয় মুক্ত পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও, নতুন প্ৰস্তাৱে এই ব্যৱস্থা সলনি কৰিব পাৰে।


প্ৰাপ্ত তথ্য অনুসৰি, ইৰাণে এই মাচুলৰ পৰা সংগ্ৰহ হোৱা ধন দেশখনৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণত ব্যৱহাৰ কৰিব বিচাৰে। শেহতীয়া সংঘৰ্ষত ইৰাণৰ প্ৰতিৰক্ষা আৰু চৰকাৰী খণ্ডৰ যথেষ্ট ক্ষতি হৈছে। ইৰাণৰ উপ-বিদেশ মন্ত্ৰী কাজেম গাৰিবাবাদিয়ে জনোৱা মতে, জাহাজৰ চলাচল বন্ধ কৰা তেওঁলোকৰ উদ্দেশ্য নহয়, বৰঞ্চ সুৰক্ষিত যাতায়তৰ বাবে ইয়াক এক শৃংখলাবদ্ধ ৰূপ দিয়াহে তেওঁলোকৰ লক্ষ্য।


অহা শুক্ৰবাৰৰ পৰা ইছলামাবাদত আমেৰিকা আৰু ইজৰাইলৰ প্ৰতিনিধিৰ সৈতে হ’বলগীয়া বৈঠকত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।


আন্তঃৰাষ্ট্ৰীয় আইন আৰু বিৰোধিতা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন অনুসৰি, কোনো দেশে কেৱল যাতায়তৰ বিনিময়ত মাচুল ল’ব নোৱাৰে। কেৱল বিশেষ সেৱা (যেনে- জাহাজক পথ দেখুওৱা) প্ৰদানৰ বিপৰীতেহে সীমিত মাচুল ল’ব পাৰি। ইতিমধ্যে সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু কাটাৰৰ দৰে দেশসমূহে এই প্ৰস্তাৱক লৈ তীব্ৰ আপত্তি দৰ্শাইছে। 


তেওঁলোকৰ মতে, সামুদ্ৰিক বাণিজ্যিক পথসমূহ সদায় মুক্ত আৰু মুকলি হৈ থকাটো জৰুৰী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ এই প্ৰস্তাৱক আলোচনাৰ এক ভিত্তি হিচাপে স্বীকাৰ কৰিছে যদিও, অনাগত দুসপ্তাহৰ কূটনৈতিক আলোচনাইহে স্পষ্ট কৰিব যে হৰমুজ প্ৰণালীৰ এই 'টোল গেট' কাৰ্যকৰী হ’ব নে নাই। যদি হয়, তেন্তে সাধাৰণ গ্ৰাহকৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু