--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই খবৰৰ পাছতেই একাংশ গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু বহু ঠাইত পেট্ৰ’ল পাম্পত ইন্ধন ভৰাবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সামাজিক মাধ্যমত দেশত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱাক লৈ তীব্ৰ উৰাবাতৰি বিয়পি পৰিছে।


এই খবৰৰ পাছতেই একাংশ গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু বহু ঠাইত পেট্ৰ’ল পাম্পত ইন্ধন ভৰাবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। এই পৰিস্থিতিক লক্ষ্য কৰি দেশৰ অগ্ৰণী তেল কোম্পানী ইণ্ডিয়ান অইল (IOCL) আৰু ভাৰত পেট্ৰ’লিয়ামে (BPCL) এক গুৰুত্বপূৰ্ণ বিবৃতি জাৰি কৰিছে।



তেল কোম্পানীসমূহৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে দেশত পেট্ৰ’ল বা ডিজেলৰ কোনো ধৰণৰ নাটনি হোৱা নাই। সামাজিক মাধ্যমত প্ৰচাৰিত খবৰসমূহক 'ভিত্তিহীন' বুলি আখ্যা দি কোম্পানীকেইটাই গ্ৰাহকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে। তেওঁলোকে জনোৱা মতে, দেশৰ ইন্ধন যোগান শৃংখলা ম্পূৰ্ণৰূপে স্বাভাৱিক হৈ আছে।


চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে যে ভাৰতৰ ওচৰত আগন্তুক দিনবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু পৰিশোধিত ইন্ধন মজুত আছে। তেল ডিপোসমূহৰ পৰা নিয়মিতভাৱে পেট্ৰ’ল পাম্পসমূহলৈ যোগান ধৰা হৈছে, গতিকে ইন্ধন শেষ হোৱাৰ কোনো থল নাই।


আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু ভাৰতৰ স্থিতি


মধ্য-প্ৰাচ্যত চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ বাবে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যত কিছু তাৰতম্য ঘটিছে যদিও ইয়াৰ প্ৰভাৱ ভাৰতৰ অভ্যন্তৰীণ যোগানত পৰা নাই। কেন্দ্ৰীয় চৰকাৰে ইন্ধন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো ধৰণৰ আগতীয়া প্ৰস্তুতি চলাই ৰাখিছে।


গ্ৰাহকলৈ বিশেষ অনুৰোধ


পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহে সাধাৰণ ৰাইজক তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে:


১) কোনো ধৰণৰ উৰাবাতৰিত ভোল নগৈ প্ৰয়োজন অনুসৰিহে ইন্ধন ক্ৰয় কৰক।


২) পাম্পত অযথা ভিৰ কৰিলে পৰিবহণ ব্যৱস্থাত সাময়িক চাপ পৰিব পাৰে।


৩) কেৱল চৰকাৰী বা তেল কোম্পানীৰ আনুষ্ঠানিক পেজৰ তথ্যতহে বিশ্বাস কৰক।



চৰকাৰী তথ্য অনুসৰি, দেশত ইন্ধনৰ কোনো সংকট নাই। গতিকে নাগৰিকসকলে বিচলিত নহৈ স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰখা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ