--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চিৰাঙৰ ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা বন্যপ্ৰাণীৰ অবৈধ চিকাৰৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য ইনপুটৰ ভিত্তিত নিজৰ দলসহ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত এক বিশেষ অভিযান চলায়।

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ ভাৰত–ভূটান সীমান্তৱৰ্তী অঞ্চলৰ মালিভিটা ফৰেষ্ট বিটত যোৱা নিশা এক নির্ভৰযোগ্য তথ্যৰ ভিত্তিত ৰুণিখাতা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ এজন চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 


চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ পৰা পোৱা তথ্য অনুসৰি, জিলাখনৰ ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা বন্যপ্ৰাণীৰ অবৈধ চিকাৰৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য ইনপুটৰ ভিত্তিত নিজৰ দলসহ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত এক বিশেষ অভিযান চলায়। উক্ত অভিযানত চিকাৰী ৰাকেব নাৰ্জাৰী (২৫)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।



গ্ৰেপ্তাৰ কৰা চিকাৰী ৰাকেব নাৰ্জাৰীৰ পৰা ২টা চিংগল-বেৰেল মাজল-লোডিং হাতেৰে বনোৱা ৰাইফল, ১টা কাঠৰ খাপ থকা খুকৰি চাকু,২টা মৃত ময়ূৰৰ মৃতদেহ, ১০০টা ময়ূৰৰ পাখি, সন্দেহজনক বিস্ফোৰক গুড়ি থকা ২টা প্লাষ্টিকৰ বটল, ২টা কণ্টেইনাৰ, গুলী হিচাপে ব্যৱহাৰ কৰিব পৰা ১৫৭টা সৰু বেয়াৰিং বল, আৰু গুলী হিচাপে ব্যৱহাৰযোগ্য ১০টা লোহাৰ পেলেটসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। খবৰ লিখা সময়ত চিৰাং আৰক্ষীয়ে পৰৱৰ্তী আইনী ব্যৱস্থা আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু