--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চিৰাঙৰ ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা বন্যপ্ৰাণীৰ অবৈধ চিকাৰৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য ইনপুটৰ ভিত্তিত নিজৰ দলসহ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত এক বিশেষ অভিযান চলায়।

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ ভাৰত–ভূটান সীমান্তৱৰ্তী অঞ্চলৰ মালিভিটা ফৰেষ্ট বিটত যোৱা নিশা এক নির্ভৰযোগ্য তথ্যৰ ভিত্তিত ৰুণিখাতা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ এজন চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 


চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ পৰা পোৱা তথ্য অনুসৰি, জিলাখনৰ ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা বন্যপ্ৰাণীৰ অবৈধ চিকাৰৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য ইনপুটৰ ভিত্তিত নিজৰ দলসহ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত এক বিশেষ অভিযান চলায়। উক্ত অভিযানত চিকাৰী ৰাকেব নাৰ্জাৰী (২৫)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।



গ্ৰেপ্তাৰ কৰা চিকাৰী ৰাকেব নাৰ্জাৰীৰ পৰা ২টা চিংগল-বেৰেল মাজল-লোডিং হাতেৰে বনোৱা ৰাইফল, ১টা কাঠৰ খাপ থকা খুকৰি চাকু,২টা মৃত ময়ূৰৰ মৃতদেহ, ১০০টা ময়ূৰৰ পাখি, সন্দেহজনক বিস্ফোৰক গুড়ি থকা ২টা প্লাষ্টিকৰ বটল, ২টা কণ্টেইনাৰ, গুলী হিচাপে ব্যৱহাৰ কৰিব পৰা ১৫৭টা সৰু বেয়াৰিং বল, আৰু গুলী হিচাপে ব্যৱহাৰযোগ্য ১০টা লোহাৰ পেলেটসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। খবৰ লিখা সময়ত চিৰাং আৰক্ষীয়ে পৰৱৰ্তী আইনী ব্যৱস্থা আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ