--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰহা সহকাৰী কার্যবাহী কৃষি অভিযন্তা শৰৎ দত্তই কালি স্থানীয় কৃষকসকলক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰে এই ব্যতিক্রমী পদক্ষেপ।

ডিজিটেল ডেস্ক: কথাতে কয় উপদেশতকৈ আর্হি ভাল। এই আপ্ত বাক্যশাৰীক সাৰোগত কৰি কালি নগাঁও জিলাৰ ৰহাত হাতত কঠীয়া লৈ ৰোৱণীৰ বেশত নামিল কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে বিষয়া-কর্মচাৰী। 


উল্লেখযোগ্য যে ৰহা সহকাৰী কার্যবাহী কৃষি অভিযন্তা শৰৎ দত্তই কালি স্থানীয় কৃষকসকলক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰে এই ব্যতিক্রমী পদক্ষেপ। ৰাজ্য চৰকাৰে প্ৰতি বছৰে ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে ৰহাৰ সহকাৰী কার্যবাহী কৃষি অভিযন্তা কাৰ্যালয়ৰ এলেকাধীন অঞ্চলৰ কৃষকসকলৰ বাবে কৃষিজাত কাৰিকৰী সামগ্রী যোগান ধৰি আহিছে। 


টেক্টৰ, পাৱাৰ টিলা,পাৱাৰ উইডাৰৰ যোগেদি কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদনৰ লক্ষ্যৰে কৃষিকৰ্ম কৰি আহিছে। ইয়াৰ লগতে সংগতি ৰাখি সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে কাৰ্যালয়ৰ চৰকাৰী আৱাসৰ সন্মুখত থকা মাটিত বৰো ধানৰ উন্নত জাতৰ কঠীয়াই কিদৰে অধিক উৎপাদন কৰিব পাৰি তাৰে এই পৰীক্ষামূলক লক্ষ্যৰে প্রদর্শনীমূলক কৃষিকার্য শুভাৰম্ভ কৰে। 


সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঠাইখিনিত বহু বছৰ শাক-পাচলিৰ খেতি কৰা হৈছিল যদিও এই বছৰত ব্যতিক্রমী চিন্তাৰে বৰো ধানৰ এক উন্নত জাতৰ কঠীয়াই কিদৰে অধিক উৎপাদন কৰিব পাৰি তাৰে এই পৰীক্ষামূলক লক্ষ্যৰে প্ৰদৰ্শনীমূলক কৃষিকাৰ্য শুভাৰম্ভ কৰে। সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঠাইখিনিত বহু বছৰ শাক-পাচলিৰ খেতি কৰা হৈছিল যদিও এই বছৰত ব্যতিক্ৰমী চিন্তাৰে বৰো ধানৰ এক উন্নত জাতৰ কঠীয়া সংগ্ৰহ কৰি ধান খেতি কৰা হৈছে। 


উল্লেখযোগ্য যে উক্ত কৃষিকার্যত কোনো ৰোৱণী নোহোৱাকৈ পুৱাৰ ভাগত কাৰ্যালয়ৰ বিষষা-কৰ্মচাৰীসকলে একেলগে ভূঁই ৰুৱে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু