--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উক্ত প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়াৰ দায়িত্বত আছিল ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয় আৰু কলা বিভাগৰ উপ-সঞ্চালক যোৰহাটৰ সন্তান পংকজপ্রতিম বৰদলৈ।

ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে গৌৰৱৰ বতৰা। ৰাষ্ট্ৰপতি ভৱনত শোভাবর্ধন কৰিছে অসমৰ আপুৰুগীয়া সাঁচিপতীয়া পুথিয়ে। 'বসন্ত পঞ্চমী' আৰু 'সৰস্বতী পূজা'ৰ দিনটোতে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে 'গ্ৰন্থ কুটিৰ' নামৰ ১১টা ধ্রুপদী ভাষাৰ গ্ৰন্থ আৰু পাণ্ডুলিপিৰ পুথিভঁৰাল এটাৰ শুভ উদ্বোধন কৰে। এই পুথিভঁৰালত অসমৰ সৰ্বমুঠ আৰু সর্বাধিক ৮খন আপুৰুগীয়া পাণ্ডুলিপিয়ে স্থান লাভ কৰিছে। 


এতিয়াৰে পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শক তথা গৱেষকে এই পুথিসমূহ পর্যবেক্ষণ তথা অধ্যয়ন কৰিব পাৰিব। ইয়াৰে লগতে অসমৰ সাঁচিপতীয়া পুথি নিৰ্মাণৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পদ্ধতি দৃশ্য-শ্রাব্য মাধ্যমত প্রকাশ কৰাৰ লগতে প্রকৃত সমলসমূহো প্ৰদৰ্শন কৰা হৈছে। এই শুভ উদ্বোধনী অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি মুর্মুৰ আগত অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনার্দন দেৱগোস্বামী, কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা, নগাঁৱৰ কুঁজিসত্ৰৰ অধিকাৰ নিত্যানন্দ দেৱগোস্বামী, লখিমপুৰৰ বিষ্ণু চন্দ্ৰ গোস্বামী, নীলকমল গোস্বামী আৰু মৃদু মৌচম বৰাকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকী দাতাই অংশগ্ৰহণ কৰে। এই সম্পৰ্কত ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে শাস্ত্রীয় ভাষাসমূহত সঞ্চিত জ্ঞান-সম্পদে গৌৰৱময় অতীতৰ পৰা শিক্ষা ল'বলৈ আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ প্ৰেৰণা দিয়ে। ইফালে, অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ সাঁচিপতীয়া পুথিসমূহৰ কথা জানিব খোজাৰ লগতে অসমৰ পৰা যোৱা দলটোৰ সৈতেও দীর্ঘ সময় মত বিনিময় কৰে। 


উল্লেখযোগ্য যে উক্ত প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়াৰ দায়িত্বত আছিল ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয় আৰু কলা বিভাগৰ উপ-সঞ্চালক যোৰহাটৰ সন্তান পংকজপ্রতিম বৰদলৈ। এই সন্দৰ্ভত তেওঁ কয়, 'যোৱা ডেৰ বছৰ দিন চলি থকা এটা প্ৰকল্পৰ মধুৰেণ সমাপয়েৎ ঘটিল। প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়া হিচাপে ব্যক্তিগতভাবে এই প্ৰকল্পৰ সফল সমাপনে আনন্দিত কৰিছে।' আনহাতে, কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে কয়, 'ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটিৰ'ত অসমীয়া ভাষাৰ ধ্রুপদী সুবাসে আমাক আপ্লুত কৰিলে। 


অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্রমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত বিভিন্ন সত্ৰানুষ্ঠান আৰু সুধীজনৰ পৰা সংগ্ৰহ কৰি 'গ্ৰন্থ কুটিৰ'লৈ আগবঢ়োৱা সাঁচিপতীয়া পুথিকেইভাগ পৰম শ্ৰদ্ধাৰে সংৰক্ষিত হৈ থকাৰ দৃশ্যই আমাক আহ্লাদিত কৰিলে। ইতিমধ্যে ধ্রুপদী ভাষাৰ মৰ্যাদা অর্জন কৰা অসমীয়া ভাষাৰ বাবে ই যে আন এক অসামান্য স্বীকৃতি।' মন কৰিবলগীয়া যে অসমৰ বিভিন্ন স্থানৰ পৰা 'দশম', 'ভক্তি ৰত্নাৱলী', 'কীর্তন ঘোষা', 'নামঘোষা' আৰু 'গীত গোৱিন্দ' সাঁচিপতীয়া পুথিসমূহ দান সূত্রে সংগ্ৰহ কৰি ৰাষ্ট্ৰপতি ভৱনক অর্পণ কৰা হৈছে। সম্প্রতি 'গ্ৰন্থ কুটিৰ'ত মুঠ আঠখন সাঁচিপতীয়া পুথিৰ লগতে অসমীয়া ভাষাৰ তিনি শতাধিক যুগজয়ী সাহিত্য সম্ভাৰক স্থায়ীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু