--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উক্ত প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়াৰ দায়িত্বত আছিল ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয় আৰু কলা বিভাগৰ উপ-সঞ্চালক যোৰহাটৰ সন্তান পংকজপ্রতিম বৰদলৈ।

ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে গৌৰৱৰ বতৰা। ৰাষ্ট্ৰপতি ভৱনত শোভাবর্ধন কৰিছে অসমৰ আপুৰুগীয়া সাঁচিপতীয়া পুথিয়ে। 'বসন্ত পঞ্চমী' আৰু 'সৰস্বতী পূজা'ৰ দিনটোতে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে 'গ্ৰন্থ কুটিৰ' নামৰ ১১টা ধ্রুপদী ভাষাৰ গ্ৰন্থ আৰু পাণ্ডুলিপিৰ পুথিভঁৰাল এটাৰ শুভ উদ্বোধন কৰে। এই পুথিভঁৰালত অসমৰ সৰ্বমুঠ আৰু সর্বাধিক ৮খন আপুৰুগীয়া পাণ্ডুলিপিয়ে স্থান লাভ কৰিছে। 


এতিয়াৰে পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শক তথা গৱেষকে এই পুথিসমূহ পর্যবেক্ষণ তথা অধ্যয়ন কৰিব পাৰিব। ইয়াৰে লগতে অসমৰ সাঁচিপতীয়া পুথি নিৰ্মাণৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পদ্ধতি দৃশ্য-শ্রাব্য মাধ্যমত প্রকাশ কৰাৰ লগতে প্রকৃত সমলসমূহো প্ৰদৰ্শন কৰা হৈছে। এই শুভ উদ্বোধনী অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি মুর্মুৰ আগত অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনার্দন দেৱগোস্বামী, কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা, নগাঁৱৰ কুঁজিসত্ৰৰ অধিকাৰ নিত্যানন্দ দেৱগোস্বামী, লখিমপুৰৰ বিষ্ণু চন্দ্ৰ গোস্বামী, নীলকমল গোস্বামী আৰু মৃদু মৌচম বৰাকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকী দাতাই অংশগ্ৰহণ কৰে। এই সম্পৰ্কত ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে শাস্ত্রীয় ভাষাসমূহত সঞ্চিত জ্ঞান-সম্পদে গৌৰৱময় অতীতৰ পৰা শিক্ষা ল'বলৈ আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ প্ৰেৰণা দিয়ে। ইফালে, অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ সাঁচিপতীয়া পুথিসমূহৰ কথা জানিব খোজাৰ লগতে অসমৰ পৰা যোৱা দলটোৰ সৈতেও দীর্ঘ সময় মত বিনিময় কৰে। 


উল্লেখযোগ্য যে উক্ত প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়াৰ দায়িত্বত আছিল ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয় আৰু কলা বিভাগৰ উপ-সঞ্চালক যোৰহাটৰ সন্তান পংকজপ্রতিম বৰদলৈ। এই সন্দৰ্ভত তেওঁ কয়, 'যোৱা ডেৰ বছৰ দিন চলি থকা এটা প্ৰকল্পৰ মধুৰেণ সমাপয়েৎ ঘটিল। প্রকল্পটোৰ মূল সমন্বয়ৰক্ষী বিষয়া হিচাপে ব্যক্তিগতভাবে এই প্ৰকল্পৰ সফল সমাপনে আনন্দিত কৰিছে।' আনহাতে, কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে কয়, 'ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটিৰ'ত অসমীয়া ভাষাৰ ধ্রুপদী সুবাসে আমাক আপ্লুত কৰিলে। 


অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্রমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত বিভিন্ন সত্ৰানুষ্ঠান আৰু সুধীজনৰ পৰা সংগ্ৰহ কৰি 'গ্ৰন্থ কুটিৰ'লৈ আগবঢ়োৱা সাঁচিপতীয়া পুথিকেইভাগ পৰম শ্ৰদ্ধাৰে সংৰক্ষিত হৈ থকাৰ দৃশ্যই আমাক আহ্লাদিত কৰিলে। ইতিমধ্যে ধ্রুপদী ভাষাৰ মৰ্যাদা অর্জন কৰা অসমীয়া ভাষাৰ বাবে ই যে আন এক অসামান্য স্বীকৃতি।' মন কৰিবলগীয়া যে অসমৰ বিভিন্ন স্থানৰ পৰা 'দশম', 'ভক্তি ৰত্নাৱলী', 'কীর্তন ঘোষা', 'নামঘোষা' আৰু 'গীত গোৱিন্দ' সাঁচিপতীয়া পুথিসমূহ দান সূত্রে সংগ্ৰহ কৰি ৰাষ্ট্ৰপতি ভৱনক অর্পণ কৰা হৈছে। সম্প্রতি 'গ্ৰন্থ কুটিৰ'ত মুঠ আঠখন সাঁচিপতীয়া পুথিৰ লগতে অসমীয়া ভাষাৰ তিনি শতাধিক যুগজয়ী সাহিত্য সম্ভাৰক স্থায়ীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ