--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত পেৰেড অনুষ্ঠিত হয়, পতাকা উত্তোলন কৰা হয়।

ডিজিটেল ডেস্ক : আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশজুৰি গণৰাজ্য দিৱস পালন কৰা হৈছে। ২৬ জানুৱাৰী দিনটো আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন। গণৰাজ্য দিৱসক ইংৰাজীত Republic Day বুলি কোৱা হয়। এই দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ভাৰত চৰকাৰ আইন (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।


এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত পেৰেড অনুষ্ঠিত হয়, পতাকা উত্তোলন কৰা হয়। 


১৯৩০ চনৰ ২৬ জানুৱাৰীত লাহোৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে “পূৰ্ণ স্বৰাজ” দাবী কৰি ঘোষণা কৰে। ২৬ জানুৱাৰীত সংবিধান বলবৎ কৰি ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি এক নতুন যুগৰ সূচনা কৰিলে। আজিৰ দিনটোতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি গণতান্ত্ৰিক যুগৰ সূচনা কৰে। এই দিনটো বাছি লৈ দেশখনে ১৯৩০ চনৰ পূৰ্ণ স্বৰাজ দিৱসক স্মৰণ কৰে।


ভাৰতৰ সংবিধান ২ বছৰ, ১১ মাহ, ১৮ দিনৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সম্পূৰ্ণ হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়। স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।


গণৰাজ্য দিৱস ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি সকলোৱে সমান আৰু দেশৰ শাসন ব্যৱস্থাত অংশীদাৰিত্ব আছে। এই দিৱসটোৱে দেশৰ বহু জাতি, সংস্কৃতি, ধৰ্মৰ মাজত একতাৰ সুযোগ প্ৰদান কৰে। গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে আমাৰ সংবিধানৰ গুৰুত্ব, যিয়ে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰে।


২৬ জানুৱাৰীয়ে ভাৰতৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। আজিৰ দিনটোত আমি সংবিধান গ্ৰহণৰ উদযাপন কৰোঁ। আমাৰ সংবিধানে সকলোৰে বাবে ন্যায়, স্বাধীনতা, সমতা, আৰু ভ্ৰাতৃত্ববোধৰ পৰিচয়। গণৰাজ্য দিৱসে আইনক সন্মান কৰিবলৈ, আমাৰ দেশক সন্মান কৰিবলৈ, জাতি আৰু সমাজৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰিবলৈ শিকায়। এই দিৱসটোৱে ঐক্য, দেশপ্ৰেম, আৰু এখন উন্নত ভাৰত গঢ়াত সক্ৰিয় অংশগ্ৰহণৰ প্ৰেৰণা যোগায়।


গণতন্ত্ৰ দিৱসৰ এই পৱিত্ৰ ক্ষণে আমাক আমাৰ দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে। আমি একেলগে আমাৰ দেশক মহান কৰি তোলাৰ সংকল্প লওঁ আহক। সকলোকে গণতন্ত্ৰ দিৱসৰ অফুৰন্ত শুভকামনা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement