--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত পেৰেড অনুষ্ঠিত হয়, পতাকা উত্তোলন কৰা হয়।

ডিজিটেল ডেস্ক : আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশজুৰি গণৰাজ্য দিৱস পালন কৰা হৈছে। ২৬ জানুৱাৰী দিনটো আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন। গণৰাজ্য দিৱসক ইংৰাজীত Republic Day বুলি কোৱা হয়। এই দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ভাৰত চৰকাৰ আইন (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।


এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত পেৰেড অনুষ্ঠিত হয়, পতাকা উত্তোলন কৰা হয়। 


১৯৩০ চনৰ ২৬ জানুৱাৰীত লাহোৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে “পূৰ্ণ স্বৰাজ” দাবী কৰি ঘোষণা কৰে। ২৬ জানুৱাৰীত সংবিধান বলবৎ কৰি ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি এক নতুন যুগৰ সূচনা কৰিলে। আজিৰ দিনটোতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ সংগ্ৰাম সম্পূৰ্ণ কৰি গণতান্ত্ৰিক যুগৰ সূচনা কৰে। এই দিনটো বাছি লৈ দেশখনে ১৯৩০ চনৰ পূৰ্ণ স্বৰাজ দিৱসক স্মৰণ কৰে।


ভাৰতৰ সংবিধান ২ বছৰ, ১১ মাহ, ১৮ দিনৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সম্পূৰ্ণ হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়। স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।


গণৰাজ্য দিৱস ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি সকলোৱে সমান আৰু দেশৰ শাসন ব্যৱস্থাত অংশীদাৰিত্ব আছে। এই দিৱসটোৱে দেশৰ বহু জাতি, সংস্কৃতি, ধৰ্মৰ মাজত একতাৰ সুযোগ প্ৰদান কৰে। গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে আমাৰ সংবিধানৰ গুৰুত্ব, যিয়ে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰে।


২৬ জানুৱাৰীয়ে ভাৰতৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। আজিৰ দিনটোত আমি সংবিধান গ্ৰহণৰ উদযাপন কৰোঁ। আমাৰ সংবিধানে সকলোৰে বাবে ন্যায়, স্বাধীনতা, সমতা, আৰু ভ্ৰাতৃত্ববোধৰ পৰিচয়। গণৰাজ্য দিৱসে আইনক সন্মান কৰিবলৈ, আমাৰ দেশক সন্মান কৰিবলৈ, জাতি আৰু সমাজৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰিবলৈ শিকায়। এই দিৱসটোৱে ঐক্য, দেশপ্ৰেম, আৰু এখন উন্নত ভাৰত গঢ়াত সক্ৰিয় অংশগ্ৰহণৰ প্ৰেৰণা যোগায়।


গণতন্ত্ৰ দিৱসৰ এই পৱিত্ৰ ক্ষণে আমাক আমাৰ দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে। আমি একেলগে আমাৰ দেশক মহান কৰি তোলাৰ সংকল্প লওঁ আহক। সকলোকে গণতন্ত্ৰ দিৱসৰ অফুৰন্ত শুভকামনা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু