--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰ (১৪ জুলাই)য়ে জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে।

ডিজিটেল ডেস্ক: পঞ্জাৱৰ জলন্ধৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙে। মৃত্যুৰ সময়ত সিঙৰ বয়স আছিল ১১৪ বছৰ।


জানিব পৰা মতে, সোমবাৰ (১৪ জুলাই)য়ে জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে।



পঞ্জাৱৰ প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত খুশৱন্ত সিঙে ফৌজা সিঙৰ জীৱনী ‘The Turbaned Tornado’ লিখিছিল। এক্সত খুশৱন্ত সিঙে লিখিছে— “মোৰ টাৰ্বানড টৰ্নেডো এতিয়া আৰু নাই। অতি দুখেৰে আপোনালোকক ফৌজা সিঙৰ মৃত্যুৰ খবৰ জনাব লগা হৈছে। আজি বিয়লি প্ৰায় ৩.৩০ বজাত তেওঁৰ গাঁও বিয়াছত ৰাস্তা পাৰ হৈ থাকোতে এখন অজ্ঞাত বাহনে খুন্দা মাৰিলে। মোৰ প্ৰিয় ফৌজা, তেওঁৰ আত্মাই শান্তি লাভ কৰক।”


যোগাযোগ কৰাত খুশৱন্ত সিঙে জনালে যে তেওঁ ফৌজা সিঙৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে আৰু পৰিয়ালে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। পথ দুৰ্ঘটনাৰ পাছত দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ফৌজা সিঙক ততাতৈয়াকৈ জলন্ধাৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


১৯১১ চনৰ ১ এপ্ৰিলত পঞ্জাৱৰ জলন্ধৰ জিলাৰ বিয়াছ পিণ্ডত ফৌজা সিঙৰ জন্ম হৈছিল। ৯০ বছৰ বয়সত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰিছিল। এই বয়সত মাৰাথন দৌৰাৰ তেওঁৰ সিদ্ধান্তই বহু লোকক আচৰিত কৰিছিল। সাহস আৰু অধ্যৱসায়ৰ বাবে ফৌজা সিঙ ‘টাৰ্বানড টৰ্নেডো’ নামেৰে জনপ্ৰিয় হৈ পৰে। তেওঁৰ জীৱনীখনৰ শিৰোনামো এইটো।


ফৌজা সিঙে ৯০ বছৰ বয়সত নিজৰ প্ৰথম মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছিল। ২০০৪ চনত, ৯৩ বছৰ বয়সত তেওঁ লণ্ডন মাৰাথন দৌৰ পাৰ কৰিলে। তাৰ পিছত ২০১১ চনত, ১০০ বছৰ পূৰ্ণ হোৱাৰ দিনটোত তেওঁ টৰন্টো মাৰাথন সফলভাৱে সম্পূৰ্ণ কৰি ১০০+ বছৰীয়া শাখাত এক নতুন বিশ্ব অভিলেখ গঢ়ে। এই অভিলেখে তেওঁক বিশ্বৰ আটাইতকৈ বয়সীয়া মাৰাথন দৌৰবিদৰ স্বীকৃতি প্ৰদান কৰে। তেওঁৰ জীৱন আৰু অধ্যৱসায় সদায় আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক