--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰ (১৪ জুলাই)য়ে জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে।

ডিজিটেল ডেস্ক: পঞ্জাৱৰ জলন্ধৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙে। মৃত্যুৰ সময়ত সিঙৰ বয়স আছিল ১১৪ বছৰ।


জানিব পৰা মতে, সোমবাৰ (১৪ জুলাই)য়ে জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে।



পঞ্জাৱৰ প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত খুশৱন্ত সিঙে ফৌজা সিঙৰ জীৱনী ‘The Turbaned Tornado’ লিখিছিল। এক্সত খুশৱন্ত সিঙে লিখিছে— “মোৰ টাৰ্বানড টৰ্নেডো এতিয়া আৰু নাই। অতি দুখেৰে আপোনালোকক ফৌজা সিঙৰ মৃত্যুৰ খবৰ জনাব লগা হৈছে। আজি বিয়লি প্ৰায় ৩.৩০ বজাত তেওঁৰ গাঁও বিয়াছত ৰাস্তা পাৰ হৈ থাকোতে এখন অজ্ঞাত বাহনে খুন্দা মাৰিলে। মোৰ প্ৰিয় ফৌজা, তেওঁৰ আত্মাই শান্তি লাভ কৰক।”


যোগাযোগ কৰাত খুশৱন্ত সিঙে জনালে যে তেওঁ ফৌজা সিঙৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে আৰু পৰিয়ালে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। পথ দুৰ্ঘটনাৰ পাছত দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ফৌজা সিঙক ততাতৈয়াকৈ জলন্ধাৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


১৯১১ চনৰ ১ এপ্ৰিলত পঞ্জাৱৰ জলন্ধৰ জিলাৰ বিয়াছ পিণ্ডত ফৌজা সিঙৰ জন্ম হৈছিল। ৯০ বছৰ বয়সত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰিছিল। এই বয়সত মাৰাথন দৌৰাৰ তেওঁৰ সিদ্ধান্তই বহু লোকক আচৰিত কৰিছিল। সাহস আৰু অধ্যৱসায়ৰ বাবে ফৌজা সিঙ ‘টাৰ্বানড টৰ্নেডো’ নামেৰে জনপ্ৰিয় হৈ পৰে। তেওঁৰ জীৱনীখনৰ শিৰোনামো এইটো।


ফৌজা সিঙে ৯০ বছৰ বয়সত নিজৰ প্ৰথম মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছিল। ২০০৪ চনত, ৯৩ বছৰ বয়সত তেওঁ লণ্ডন মাৰাথন দৌৰ পাৰ কৰিলে। তাৰ পিছত ২০১১ চনত, ১০০ বছৰ পূৰ্ণ হোৱাৰ দিনটোত তেওঁ টৰন্টো মাৰাথন সফলভাৱে সম্পূৰ্ণ কৰি ১০০+ বছৰীয়া শাখাত এক নতুন বিশ্ব অভিলেখ গঢ়ে। এই অভিলেখে তেওঁক বিশ্বৰ আটাইতকৈ বয়সীয়া মাৰাথন দৌৰবিদৰ স্বীকৃতি প্ৰদান কৰে। তেওঁৰ জীৱন আৰু অধ্যৱসায় সদায় আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ