--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুষ্ঠানৰ আঁত ধৰে আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ ফালৰ পৰা ড° ভৱেশ দাস আৰু বিনয় চলিহা আৰু সম্বলপুৰৰ কলম গোষ্ঠীৰ তফিজুল ইছলামে।

ডিজিটেল ডেস্ক : অসমৰ এগৰাকী বিশিষ্ট লেখক-সাংবাদিক তথা অনুবাদক নৱকুমাৰ মিশ্ৰই অনুবাদ কৰা 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ শনিবাৰে ওড়িশাৰ 'ফকীৰ মোহন সেনাপতি বিশ্ববিদ্যালয়'ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাদেমিৰ সদস্য অধ্যাপক হৰিচন্দ্ৰ বেহৰাই উন্মোচন কৰে।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ সম্বলপুৰৰ কলম নামৰ এক সাংস্কৃতিক গোষ্ঠীৰ সহযোগত গুৱাহাটীৰ 'আজিৰ কবিতা' আৰু মেজাংকৰি প্ৰকাশনে সম্বলপুৰ গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহিত্য উৎসৱত এই উন্মোচনী সভা অনুষ্ঠিত হয়।


খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে জনোৱা মতে, গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপাচার্য প্রফেছৰ সুশান্ত কুমাৰ দাসে এগছি বন্তি প্রজ্বলন কৰি মুকলি কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক উমাচৰণ পাটি, ওড়িয়া কবি প্রদীপ পাণ্ডা, বুঢ়ী আইৰ সাধুৰ সম্বলপুৰী ভাষাৰ অনুবাদক ড° গোৱৰ্ধন চাহু, সম্বলপুৰত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণ সমিতিৰ আহ্বায়ক দীপক পাণ্ডা, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপক কৰুণাকান্ত ৰায় আৰু নৱকুমাৰ মিশ্ৰই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে বহুমূলীয়া ভাষণ দিয়ে।


অনুষ্ঠানৰ আঁত ধৰে আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ ফালৰ পৰা ড° ভৱেশ দাস আৰু বিনয় চলিহা আৰু সম্বলপুৰৰ কলম গোষ্ঠীৰ তফিজুল ইছলামে। অনুষ্ঠান উপলক্ষে ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই লিখি পঠিওৱা শুভেচ্ছাবাণীও পাঠ কৰি শুনোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক