--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুষ্ঠানৰ আঁত ধৰে আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ ফালৰ পৰা ড° ভৱেশ দাস আৰু বিনয় চলিহা আৰু সম্বলপুৰৰ কলম গোষ্ঠীৰ তফিজুল ইছলামে।

ডিজিটেল ডেস্ক : অসমৰ এগৰাকী বিশিষ্ট লেখক-সাংবাদিক তথা অনুবাদক নৱকুমাৰ মিশ্ৰই অনুবাদ কৰা 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ শনিবাৰে ওড়িশাৰ 'ফকীৰ মোহন সেনাপতি বিশ্ববিদ্যালয়'ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাদেমিৰ সদস্য অধ্যাপক হৰিচন্দ্ৰ বেহৰাই উন্মোচন কৰে।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ সম্বলপুৰৰ কলম নামৰ এক সাংস্কৃতিক গোষ্ঠীৰ সহযোগত গুৱাহাটীৰ 'আজিৰ কবিতা' আৰু মেজাংকৰি প্ৰকাশনে সম্বলপুৰ গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহিত্য উৎসৱত এই উন্মোচনী সভা অনুষ্ঠিত হয়।


খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে জনোৱা মতে, গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপাচার্য প্রফেছৰ সুশান্ত কুমাৰ দাসে এগছি বন্তি প্রজ্বলন কৰি মুকলি কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক উমাচৰণ পাটি, ওড়িয়া কবি প্রদীপ পাণ্ডা, বুঢ়ী আইৰ সাধুৰ সম্বলপুৰী ভাষাৰ অনুবাদক ড° গোৱৰ্ধন চাহু, সম্বলপুৰত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণ সমিতিৰ আহ্বায়ক দীপক পাণ্ডা, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপক কৰুণাকান্ত ৰায় আৰু নৱকুমাৰ মিশ্ৰই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে বহুমূলীয়া ভাষণ দিয়ে।


অনুষ্ঠানৰ আঁত ধৰে আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ ফালৰ পৰা ড° ভৱেশ দাস আৰু বিনয় চলিহা আৰু সম্বলপুৰৰ কলম গোষ্ঠীৰ তফিজুল ইছলামে। অনুষ্ঠান উপলক্ষে ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই লিখি পঠিওৱা শুভেচ্ছাবাণীও পাঠ কৰি শুনোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ