--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাংলাদেশৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰি কয় যে ন্যায়াধীশ মহম্মদ গোলাম মুতুর্জা মজুমদাৰৰ নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্রিবিউনেল-১ৰ এখন তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে।

ডিজিটেল ডেস্ক : বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক আদালত অৱমাননাৰ এটা গোচৰত ছমাহৰ কাৰাদণ্ডৰ ৰায় দিয়ে।


বাংলাদেশৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰি কয় যে ন্যায়াধীশ মহম্মদ গোলাম মুতুর্জা মজুমদাৰৰ নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্রিবিউনেল-১ৰ এখন তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে।


হাছিনাৰ লগতে ট্রিবিউনেলে গৈবান্ধাৰ গোবিন্দগজৰ শ্বকীল অকন্দ বুলবুলকো একেটা গোচৰত দুমাহৰ কাৰাদণ্ড বিহে। বুলবুল ঢাকাৰ এজন আগশাৰীৰ ৰাজনৈতিক নেতা আৰু আৱামী লীগৰ ছাত্র শাখা বাংলাদেশ ছাত্র লীগৰ সৈতে জড়িত। উল্লেখযোগ্য যে হাছিনাই যোৱা বছৰ অক্টোবৰত বুলবুলক টেলিফ'নত আদালতৰ প্রতি অৱমাননাসূচক মন্তব্য দিয়া বুলি অভিযোগ উঠিছে। অভিযোগ মতে হাছিনাই বুলবুলক কয়, 'মোৰ বিৰুদ্ধে ২২৭টা গোচৰ ৰুজু কৰা হৈছে আৰু সেয়েহে মই ২২৭জন লোকক হত্যা কৰাৰ লাইচেন্স লাভ কৰিছোঁ।' গুচৰীয়া পক্ষই আদালতত এই বুলি যুক্তি দিয়ে যে হাছিনাৰ এই মন্তব্য আদালত অৱমাননা কৰাৰ সমান, কিয়নো এই মন্তব্যই ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।


উল্লেখযোগ্য যে বাংলাদেশত যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ সময়ত হাছিনাই ৫ আগষ্টত দেশখনৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু