--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাংলাদেশৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰি কয় যে ন্যায়াধীশ মহম্মদ গোলাম মুতুর্জা মজুমদাৰৰ নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্রিবিউনেল-১ৰ এখন তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে।

ডিজিটেল ডেস্ক : বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক আদালত অৱমাননাৰ এটা গোচৰত ছমাহৰ কাৰাদণ্ডৰ ৰায় দিয়ে।


বাংলাদেশৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰি কয় যে ন্যায়াধীশ মহম্মদ গোলাম মুতুর্জা মজুমদাৰৰ নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্রিবিউনেল-১ৰ এখন তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে।


হাছিনাৰ লগতে ট্রিবিউনেলে গৈবান্ধাৰ গোবিন্দগজৰ শ্বকীল অকন্দ বুলবুলকো একেটা গোচৰত দুমাহৰ কাৰাদণ্ড বিহে। বুলবুল ঢাকাৰ এজন আগশাৰীৰ ৰাজনৈতিক নেতা আৰু আৱামী লীগৰ ছাত্র শাখা বাংলাদেশ ছাত্র লীগৰ সৈতে জড়িত। উল্লেখযোগ্য যে হাছিনাই যোৱা বছৰ অক্টোবৰত বুলবুলক টেলিফ'নত আদালতৰ প্রতি অৱমাননাসূচক মন্তব্য দিয়া বুলি অভিযোগ উঠিছে। অভিযোগ মতে হাছিনাই বুলবুলক কয়, 'মোৰ বিৰুদ্ধে ২২৭টা গোচৰ ৰুজু কৰা হৈছে আৰু সেয়েহে মই ২২৭জন লোকক হত্যা কৰাৰ লাইচেন্স লাভ কৰিছোঁ।' গুচৰীয়া পক্ষই আদালতত এই বুলি যুক্তি দিয়ে যে হাছিনাৰ এই মন্তব্য আদালত অৱমাননা কৰাৰ সমান, কিয়নো এই মন্তব্যই ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।


উল্লেখযোগ্য যে বাংলাদেশত যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ সময়ত হাছিনাই ৫ আগষ্টত দেশখনৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ