--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত দেশখনৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এতিয়াৰ পৰা আদেশ দিব।

ডিজিটেল ডেস্ক : ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই ক্ষেপণাস্ত্ৰৰে আক্রমণ চলোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ (আই এই এ) সৈতে সহযোগিতা স্থগিত ৰখাৰ বিষয়ে ইৰানৰ ৰাষ্ট্ৰপতিয়ে বুধবাৰে দেশখনক আদেশ দিয়ে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমত দেশখনৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দেশখনৰ এই সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ পূৰ্বে ইৰানৰ সংসদে আই এ ই এৰে সম্পৰ্ক বিচিছন্ন কৰাৰ বিষয়ত এখন বিধেয়ক গৃহীত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত পাৰমাণৱিক নিৰীক্ষণকাৰী আই এ ই এৰ সৈতে ইৰানে এতিয়া কোনো ধৰণৰ সহযোগিতা নকৰে।


উল্লেখযোগ্য যে ভিয়েনা-ভিত্তিক আই এ ই এই ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী নিৰীক্ষণ কৰি আছিল। ইৰানৰ এই সিদ্ধান্তৰ বিষয়ত আই এ ই এয়ে তাৎক্ষণিকভাৱে এতিয়ালৈকে প্রতিক্রিয়া প্রকাশ কৰা নাই। আনহাতে, ইৰানত এই আইনখন গৃহীত হোৱাৰ পাছত ইৰানৰ সর্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে বিধেয়কখনৰ ৰূপায়ণৰ দিশত চোৱাচিতা কৰিব।


ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত দেশখনৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এতিয়াৰ পৰা আদেশ দিব। ইফালে, ইৰানৰ এই সিদ্ধান্তৰ পাছতেই বুধবাৰে মার্কিন বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র টেমি ব্রুছে কয় যে আই এ ই এৰে সহযোগিতা বন্ধ কৰিবলৈ লোৱা ইৰানৰ এই সিদ্ধান্তটো গ্রহণযোগ্য নহয়। ইৰানে শান্তিৰ পথ বাছি লোৱাৰ বাবে এখন দুৱাৰ মুকলি হোৱাৰ সময়তে দেশখনে এই হঠকাৰী সিদ্ধান্ত লৈছে বুলি মার্কিন মুখপাত্রজনে কয়।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ