--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত দেশখনৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এতিয়াৰ পৰা আদেশ দিব।

ডিজিটেল ডেস্ক : ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই ক্ষেপণাস্ত্ৰৰে আক্রমণ চলোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ (আই এই এ) সৈতে সহযোগিতা স্থগিত ৰখাৰ বিষয়ে ইৰানৰ ৰাষ্ট্ৰপতিয়ে বুধবাৰে দেশখনক আদেশ দিয়ে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমত দেশখনৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দেশখনৰ এই সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ পূৰ্বে ইৰানৰ সংসদে আই এ ই এৰে সম্পৰ্ক বিচিছন্ন কৰাৰ বিষয়ত এখন বিধেয়ক গৃহীত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত পাৰমাণৱিক নিৰীক্ষণকাৰী আই এ ই এৰ সৈতে ইৰানে এতিয়া কোনো ধৰণৰ সহযোগিতা নকৰে।


উল্লেখযোগ্য যে ভিয়েনা-ভিত্তিক আই এ ই এই ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী নিৰীক্ষণ কৰি আছিল। ইৰানৰ এই সিদ্ধান্তৰ বিষয়ত আই এ ই এয়ে তাৎক্ষণিকভাৱে এতিয়ালৈকে প্রতিক্রিয়া প্রকাশ কৰা নাই। আনহাতে, ইৰানত এই আইনখন গৃহীত হোৱাৰ পাছত ইৰানৰ সর্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে বিধেয়কখনৰ ৰূপায়ণৰ দিশত চোৱাচিতা কৰিব।


ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত দেশখনৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এতিয়াৰ পৰা আদেশ দিব। ইফালে, ইৰানৰ এই সিদ্ধান্তৰ পাছতেই বুধবাৰে মার্কিন বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র টেমি ব্রুছে কয় যে আই এ ই এৰে সহযোগিতা বন্ধ কৰিবলৈ লোৱা ইৰানৰ এই সিদ্ধান্তটো গ্রহণযোগ্য নহয়। ইৰানে শান্তিৰ পথ বাছি লোৱাৰ বাবে এখন দুৱাৰ মুকলি হোৱাৰ সময়তে দেশখনে এই হঠকাৰী সিদ্ধান্ত লৈছে বুলি মার্কিন মুখপাত্রজনে কয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!